04/05/2026
গৌৰৱময় সাফল্যত সকলোকে অভিনন্দন🌸
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতাৰ ফলত আজি বিকাশৰ যাত্ৰাই এক নতুন গতি লাভ কৰিছে। অসমৰ লগতে পশ্চিম বংগতো ভাৰতীয় জনতা পাৰ্টিৰ এই আশাব্যঞ্জক ফলাফলে দলৰ প্ৰতি থকা ৰাইজৰ বিশ্বাস, আস্থাক প্ৰমাণ কৰিলে।
একেলগে, আমি আমাৰ অভয়াপুৰী সমষ্টিৰ উন্নয়নৰ বাবেও আশাবাদী। আমাৰ নেতা ভূপেন ৰায় ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ সমষ্টিটোৱে উন্নতিৰ নতুন শিখৰত উপনীত হওক, তাকেই কামনা কৰিছোঁ।
আহক, আমি সকলোৱে মিলি এক শক্তিশালী আৰু উন্নত ৰাজ্য গঢ়াৰ সংকল্প লওঁ।
Narendra Modi Himanta Biswa Sarma
03/05/2026
অসমীয়াৰ বাপতিসাহোন হেঁপাহৰ ৰঙালীক আদৰিবলৈ আজি বৃহত্তৰ অভয়াপুৰী ৰাইজৰ সহযোগত, অভয়াপুৰী দেওহাটী প্ৰথম খণ্ডৰ কৃষ্ণনগৰ দৌল মন্দিৰ প্ৰাংগণত আয়োজিত "কেন্দ্ৰীয় ব'হাগী উৎসৱ"ৰ শুভ উদ্বোধন কৰাৰ এক সৌভাগ্য লাভ কৰিলোঁ।
ৰাইজৰ মৰম আৰু আদৰত মই অভিভূত। বিশেষকৈ উদ্যোক্তা সমিতিয়ে মোক যি মানপত্ৰ আৰু সন্মান প্ৰদান কৰিলে, তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ মোৰ আগুৱাই যোৱাৰ শক্তি।
সকলোলৈকে শেহতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
01/05/2026
বুদ্ধং শৰণং গচ্ছামি।
বুদ্ধ পূৰ্ণিমাৰ এই শুভক্ষণত ভগৱান বুদ্ধৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ। ভগৱান বুদ্ধৰ বাণীয়ে সমাজত অহিংসা, সহমর্মিতা আৰু সম্প্ৰীতিৰ শক্তি অধিক দৃঢ় কৰি তোলক, তাৰেই কামনাৰে সকলোলৈকে বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
25/04/2026
আমাৰ বাসগৃহত জিলা যুৱ মৰ্চা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে এটি সুন্দৰ সময় অতিবাহিত কৰোঁ। ডেকা শক্তিৰ সক্ৰিয়তাই আমাক সদায় অনুপ্ৰাণিত কৰে।
মোলৈ জনোৱা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
25/04/2026
নলবাৰীৰ হাৰিভাঙ্গাৰ ভাস্কৰজ্যোতি হুঁচৰি দলে যোৱানিশা তামুলপুৰ-ওদালগুৰি পথত এক মৰ্মান্তিক পথ দুঘৰ্টনাত পতিত হোৱাৰ খবৰে আমাক মৰ্মাহত কৰিছে। দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনাটোত প্ৰতিভাসম্পন্ন বিহুৱতী, জনপ্ৰিয় নামতী নিশামণি হালৈৰ পৰলোকপ্ৰাপ্তিত আমি শোকাহত হৈছোঁ৷ প্ৰয়াত হালৈৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনাইছোঁ । দুঘৰ্টনাটোত আহতসকলৰ আশু আৰোগ্যৰ কামনাৰে পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।
24/04/2026
অসমৰ গৌৰৱঃ ড° অতনু নাথলৈ আন্তৰিক অভিনন্দন ...
টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অতনু নাথে পদাৰ্থ বিজ্ঞানৰ বিশ্বৰ অন্যতম সন্মানীয় 2026 Breakthrough Prize in Fundamental Physics লাভ কৰি অসমক গৌৰৱান্বিত কৰিলে।
ফাৰ্মিলেবত সম্পন্ন হোৱা Muon g-2 পৰীক্ষাত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানে বিশ্বৰ বিজ্ঞান জগতত ভাৰত তথা অসমৰ নাম উজলাই তুলিছে। এই বিৰল সাফল্য আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস ।
ড° অতনু নাথৰ বৈজ্ঞানিক যাত্ৰা অধিক সাফল্যমণ্ডিত হওক তাৰেই কামনা কৰিলোঁ ।
22/04/2026
"এই বেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ,
নাহৰ ফুলৰ গোন্ধ পাই
লাহৰিৰ ত'তে নাই
গৰকি ভাঙি যায় যঁতৰ।"
পচনীয়াত আয়োজিত “কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন”ত উপস্থিত হৈ সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্ধোধন কৰি অতিকৈ আনন্দিত হওঁ । উপস্থিত সমূহ ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে নতুন বছৰটো সকলোৰে বাবে কুশলে যাওঁক তাৰেই কামনা কৰিলোঁ ।
21/04/2026
দেশপ্ৰেম, অতুলনীয় স্বদেশপ্ৰেম, ত্যাগ তথা চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীক আজি "সতী সাধনী দিৱস"ৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
তেখেতৰ দেশপ্ৰেম তথা আত্মবলিদানৰ গাথা সকলোৰে বাবে আদৰ্শ হৈ ৰওঁক।
18/04/2026
মহাপুৰুষ শ্রী শ্রী দামোদৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগবঢ়ালোঁ। বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ হকে অহোপুৰুষাৰ্থ কৰা মহাপুৰুষগৰাকীৰ কৰ্মৰাজি আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমক অধিক সবল আৰু সমৃদ্ধিশালী কৰাৰ্থে সকলোৱে ঐক্যবদ্ধভাবে আগবাঢ়ি যোৱাৰ কামনা কৰিলোঁ।
17/04/2026
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ এই পবিত্ৰ ক্ষণত অভয়াপুৰী আৰু বঙাইগাঁওৰ বিভিন্ন অঞ্চলৰ বিহু উদযাপন সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ তথা সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়াসকলৰে সৈতে বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে মোৰ বাসগৃহত হোৱা সৌজন্যমূলক সাক্ষাৎকাল সঁচাকৈয়ে বিশেষ আছিল। বিশিষ্ট ব্যক্তিসকলৰ সৈতে কৰা আলোচনা আৰু বিহুৰ শুভেচ্ছা আদান-প্ৰদানে মনলৈ এক নতুন উৎসাহ কঢ়িয়াই আনিছে।
আমাৰ এই বিবিধ সংস্কৃতি আৰু পৰম্পৰাৰ মিলনভূমিত ৰঙালী বিহুৱে সকলোৰে মাজত শান্তি আৰু মৰমৰ বান্ধোন অটুট ৰাখক, তাকেই কামনা কৰিলোঁ। অসমীয়া নৱবৰ্ষৰ এই শুভ ক্ষণত মই তেখেতসকলৰ লগতে মোৰ মৰমৰ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ যাচিলোঁ বিহুৰ হিয়াভৰা ওলগ আৰু আন্তৰিক শুভেচ্ছা।
16/04/2026
বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান।
অভয়াপুৰী ৰঙালী বিহু সন্মিলনীত গৌৰীশংকৰ দে সোঁৱৰণী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধন কৰি গৌৰৱ অনুভৱ কৰিলোঁ। অসমীয়া জাতীয় জীৱনৰ গৌৰৱ আৰু সাংস্কৃতিক ঐতিহ্যক জীয়াই ৰখাৰ ক্ষেত্ৰত বিহু সন্মিলনীৰ এনে প্ৰয়াস সঁচাকৈয়ে আদৰণীয়।