BJYM Kaklabari Mandal, Baksa

BJYM Kaklabari Mandal, Baksa ককলাবাৰী মণ্ডল বিজেপি যুৱ মৰ্চা,বাক্সা জিলা,অসম ।

“অন্তিমজনৰ উত্তৰণতেই নিহিত থাকে সৰ্বাংগীণ ৰাষ্ট্ৰোন্নতিৰ সাৰ্থকতা।”ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী, দূৰদৰ্শী ...
25/09/2026

“অন্তিমজনৰ উত্তৰণতেই নিহিত থাকে সৰ্বাংগীণ ৰাষ্ট্ৰোন্নতিৰ সাৰ্থকতা।”

ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰাৰ বিশিষ্ট মনীষী, দূৰদৰ্শী সংগঠক তথা ‘একাত্ম মানৱতাবাদ’ৰ প্ৰবক্তা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মজয়ন্তীত তেখেতৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ চিন্তা আৰু কৰ্মজীৱনে ৰাষ্ট্ৰসেৱা, সমাজকল্যাণ আৰু মানৱীয় মৰ্যাদাক এক সমন্বিত দৃষ্টিভংগীৰে উপলব্ধি কৰাৰ পথ প্ৰশস্ত কৰিছিল।

‘অন্ত্যোদয়’ৰ অন্তৰ্নিহিত দৰ্শনে সমাজৰ শেষৰজন ব্যক্তিৰ উন্নয়ন, সন্মান আৰু সুযোগক ৰাষ্ট্ৰীয় অগ্ৰগতিৰ অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিপন্ন কৰে। তেখেতৰ এই চিন্তাধাৰাই ভাৰতীয় জনজীৱনত জনকল্যাণমুখী শাসন আৰু সমন্বিত উন্নয়নৰ এক সুদূৰপ্ৰসাৰী আদৰ্শৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।


BJP Assam Pradesh
BJYM Kaklabari Mandal, Baksa

পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ শুভক্ষণত আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰাখী বন্ধন ভাৰতীয় সংস্কৃতিৰ এক মৰম, স্নেহ আ...
28/08/2026

পৱিত্ৰ ৰাখী পূৰ্ণিমাৰ শুভক্ষণত আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰাখী বন্ধন ভাৰতীয় সংস্কৃতিৰ এক মৰম, স্নেহ আৰু ভাতৃত্ববোধৰ পৱিত্ৰ প্ৰতীক। ইয়াৰ ঐতিহাসিক পৰম্পৰা অতি প্ৰাচীন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন লোককথা আৰু ঐতিহাসিক আখ্যান আছে। সময়ৰ গতিত ৰাখী কেৱল ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ মাজতে সীমাবদ্ধ নাথাকি পাৰস্পৰিক বিশ্বাস, সুৰক্ষা, সন্মান আৰু সামাজিক সংহতিৰ এক শক্তিশালী প্ৰতীকলৈ পৰিণত হৈছে।

ৰাখী পূৰ্ণিমাই আমাক সোঁৱৰাই দিয়ে যে ভাৰতীয় সমাজৰ শক্তি কেৱল আত্মীয়তাৰ বন্ধনত নহয়, বৰং পৰস্পৰৰ প্ৰতি থকা দায়বদ্ধতা আৰু সন্মানৰ মাজতো নিহিত। এই পৱিত্ৰ উপলক্ষত ভাতৃ-ভগ্নীৰ মাজৰ স্নেহৰ লগতে সমাজত ঐক্য, সৌহাৰ্দ্য আৰু সহমৰ্মিতাৰ বান্ধোন অধিক সুদৃঢ় কৰাৰ সংকল্প গ্ৰহণ কৰোঁ আহক।

প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, আমাৰ মাৰ্গদৰ্শক, 'ভাৰত কেশৰী' ড° শ্যামা প্ৰসাদ মুখাৰ...
23/06/2026

প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী চিন্তাবিদ, ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি, আমাৰ মাৰ্গদৰ্শক, 'ভাৰত কেশৰী' ড° শ্যামা প্ৰসাদ মুখাৰ্জী দেৱক ''বলিদান দিৱস'' উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

BJYM Assam
BJP Assam Pradesh
BJYM Baksa District
BJYM Kaklabari Mandal, Baksa

ব'হাগত জাতিয়ে স্নান কৰেমলিয়ন বস্ত্ৰ সলায়,সংগ্ৰামী জীৱনতো ৰণ-প্ৰেৰণাদিয়ে বৰদৈচিলাইই প্ৰভেদক কৰেহি নাশ ৷৷বিহু অসমীয়া ...
15/04/2026

ব'হাগত জাতিয়ে স্নান কৰে
মলিয়ন বস্ত্ৰ সলায়,
সংগ্ৰামী জীৱনতো ৰণ-প্ৰেৰণা
দিয়ে বৰদৈচিলাই
ই প্ৰভেদক কৰেহি নাশ ৷৷

বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন। ব'হাগে কঢ়িয়াই আনে নতুন আশা, নতুন উদ্যম আৰু নতুন সম্ভাৱনা। ৰঙালীৰ ৰঙে সকলোৰে মন ৰঙিয়াল কৰি তোলক ।

সমূহ অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ।

BJP Assam Pradesh

আজি ৪১ নং মানস বিধানসভা সমষ্টিৰ পশ্চিম খাগ্ৰাবাৰী, খৰা চুবাত NDA বি পি এফৰ প্ৰাৰ্থী শ্ৰীযুত থানেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী...
05/04/2026

আজি ৪১ নং মানস বিধানসভা সমষ্টিৰ পশ্চিম খাগ্ৰাবাৰী, খৰা চুবাত NDA বি পি এফৰ প্ৰাৰ্থী শ্ৰীযুত থানেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰো ।

এই সভাত খৰা চুৱা ৰাইজৰ উৎসাহ, উদ্দীপনা দেখি আমি বিশ্বাসী NDA প্ৰাৰ্থী গৰাকী বিপুল ভোট ত জয়ী হব বুলি আশা ৰাখো ।






অসম বিধানসভা নিৰ্বাচন–২০২৬ উপলক্ষে ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ দক্ষিণ ডুবা গাঁৱত NDA (BJP+BPF+AGP) সমৰ্থিত BPF প্ৰাৰ্থ...
03/04/2026

অসম বিধানসভা নিৰ্বাচন–২০২৬ উপলক্ষে ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ দক্ষিণ ডুবা গাঁৱত NDA (BJP+BPF+AGP) সমৰ্থিত BPF প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ।

ৰাইজবাসীৰ উৎসাহ আৰু সমৰ্থন দেখি নিশ্চিত যে NDA প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হ’ব।🚩




অসম বিধানসভা নিৰ্বাচন–২০২৬ উপলক্ষে ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ গোলাগাঁওত NDA (BJP+BPF+AGP) সমৰ্থিত BPF প্ৰাৰ্থী মনেশ্ব...
03/04/2026

অসম বিধানসভা নিৰ্বাচন–২০২৬ উপলক্ষে ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ গোলাগাঁওত NDA (BJP+BPF+AGP) সমৰ্থিত BPF প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলোঁ।
গোলাগাঁওৰ ৰাইজবাসীৰ উৎসাহ আৰু সমৰ্থন দেখি নিশ্চিত যে NDA প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াই বিপুল ভোটত বিজয়ী হ’ব।🚩

আজি ভাৰতীয় জনতা পাৰ্টি, বাক্সা জিলা , ককলাবাৰী মণ্ডল কাৰ্য‍্যালয়ত তৎকালীন  ভাৱে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা এখন অনু...
03/04/2026

আজি ভাৰতীয় জনতা পাৰ্টি, বাক্সা জিলা , ককলাবাৰী মণ্ডল কাৰ্য‍্যালয়ত তৎকালীন ভাৱে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা এখন অনুষ্ঠিত হয় ।

উক্ত সভাত উপস্থিত হৈ দলীয় দায়িত্বভাৰ গ্ৰহণ কৰো । আৰু নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰ গতিত আগুৱাব বুলি আশা ৰাখো । 🚩








30/03/2026

💀

যোৱাকালি ১৫-৩-২৬ ইং তাৰিখে  ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা উত্তৰ–পূব ভাৰত...
16/03/2026

যোৱাকালি ১৫-৩-২৬ ইং তাৰিখে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা উত্তৰ–পূব ভাৰতৰ এক বৃহৎ আৰু স্মৰণীয় যুৱ সমাবেশ — “যুৱ শক্তি সমাৰোহ” সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানটোত দেশৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত তেজস্বী সূৰ্য্য ডাঙৰীয়াৰ সন্মানীয় উপস্থিতিয়ে সমগ্ৰ কাৰ্যসূচীক বিশেষ মৰ্যাদা প্ৰদান কৰে আৰু যুৱ সমাজৰ মাজত নতুন উদ্যম সঞ্চাৰ কৰে।

অনুষ্ঠানত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থাকি যুৱ সমাজক উদ্দীপনামূলক ভাষণেৰে অনুপ্ৰাণিত কৰে। তেওঁলোকে যুৱ প্ৰজন্মক ৰাজ্য আৰু দেশৰ সামগ্ৰিক বিকাশৰ যাত্ৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

এই বিশাল সমাবেশত ৰাজ্যৰ নানা প্ৰান্তৰ পৰা এক লাখৰো অধিক যুৱক–যুৱতীয়ে অংশগ্ৰহণ কৰি ঐক্য, শক্তি আৰু ৰাষ্ট্ৰ গঢ়াৰ সংকল্প স্পষ্টভাৱে প্ৰকাশ কৰে। তেওঁলোকৰ উপস্থিতিয়ে অসমৰ যুৱ সমাজৰ জাগৰণ আৰু দায়িত্ববোধৰ এক জ্বলন্ত নিদৰ্শন দাঙি ধৰে।🚩

BJP জিন্দাবাদ 🚩🔥
BJYM জিন্দাবাদ 🚩🔥



Address

Kaklabari Mandal, Baksa
Assam

Website

Alerts

Be the first to know and let us send you an email when BJYM Kaklabari Mandal, Baksa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share