20/09/2026
মক্কাত হিলফুল ফুজুল আৰু আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লামৰ সম্পৰ্কটো ইছলামৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়।
হিলফুল ফুজুল কি?
হিলফ মানে হ'ল চুক্তি, প্রতিজ্ঞা। ফুজুল শব্দটোৰ দুটা ব্যাখ্যা আছে। এটা মতে, আগতে ফজল নামৰ তিনিজন সৎ ব্যক্তিয়ে এনেকুৱা চুক্তি কৰিছিল, সেইবাবে ইয়াৰ নাম হিলফুল ফুজুল। আনটো মতে, ফুজুল মানে হ'ল গুণ, মৰ্যাদা - অৰ্থাৎ গুণবান লোকসকলৰ চুক্তি। সহজ ভাষাত ইয়াক মানৱ ইতিহাসৰ প্ৰথম মানৱাধিকাৰ সংগঠন বুলিও কোৱা হয়।
গঠনৰ কাৰণ কি আছিল?
নবুৱতৰ আগতে মক্কাত শক্তিশালী মানুহে দুৰ্বলৰ ওপৰত অত্যাচাৰ কৰাটো সাধাৰণ কথা আছিল।
এবাৰ ইয়েমেনৰ জুবাইদ গোত্ৰৰ এজন ব্যৱসায়ীয়ে মক্কাত মাল বিক্ৰী কৰিবলৈ আহিছিল। মক্কাৰ প্ৰভাৱশালী ব্যক্তি আছ ইবনে ৱাইল-এ তেওঁৰ মাল কিনি টকা দিয়া নাছিল। সেই বিদেশী ব্যৱসায়ীয়ে কুৰাইশৰ ডাঙৰ ডাঙৰ নেতাৰ ওচৰত সহায় বিচাৰি গ'ল, কিন্তু কোনেও তেওঁক সহায় নকৰিলে কাৰণ আছ আছিল শক্তিশালী।
শেষত তেওঁ আবু কুবাইছ পাহাৰত উঠি উচ্চ স্বৰত কবিতাৰে নিজৰ দুখৰ কথা ৰাইজক জনালে।
এই ঘটনাই কুৰাইশৰ কিছু সৎ যুৱকক জোকাৰি গ'ল। জুবাইৰ ইবনে আব্দুল মুত্তালিবৰ আহ্বানত মক্কাৰ সৎ লোকসকল মক্কাৰ অতি দানশীল ব্যক্তি আব্দুল্লাহ ইবনে জুদআনৰ ঘৰত একত্ৰিত হ'ল।
তাতেই সিদ্ধান্ত হ'ল:
মক্কাত কোনো মজলুম, অত্যাচাৰিত, বিদেশী বা দেশী - যিয়েই হওক, তাৰ ওপৰত অত্যাচাৰ হ'লে আমি সকলোৱে মিলি জালিমৰ বিৰুদ্ধে থিয় দিম আৰু মজলুমক তাৰ হক ঘূৰাই দিম। যেতিয়ালৈকে সাগৰত পানী থাকে, হেৰা আৰু ছাবীৰ পাহাৰ নিজৰ ঠাইত থাকে, তেতিয়ালৈকে এই চুক্তি বাহাল থাকিব।
এই চুক্তিত বনু হাশিম, বনু মুত্তালিব, বনু আছাদ, বনু জুহৰা আৰু বনু তাইম গোত্ৰই অংশ লৈছিল।
ইয়াত আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লামৰ ভূমিকা
সেই সময়ত ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লামৰ বয়স আছিল প্ৰায় ২০ বছৰ। কোনো কোনো ছীৰতৰ কিতাপত ১৫ বছৰ বুলিও আছে, ফিজাৰ যুদ্ধৰ ঠিক পিছত।
তেওঁ নিজেও এই চুক্তিত সক্ৰিয়ভাৱে অংশ লৈছিল। তেওঁৰ চাচা জুবাইৰ ইবনে আব্দুল মুত্তালিবৰ সৈতে তেওঁ সেই বৈঠকত উপস্থিত আছিল।
নবুৱত পোৱাৰ বহু বছৰ পিছতো তেওঁ এই চুক্তিক গৌৰৱেৰে স্মৰণ কৰিছিল। মদিনাত তেওঁ কৈছিল:
লাকাদ শ্বাহিদতু ফি দাৰি আব্দুল্লাহ ইবনে জুদআনা হিলফান, মা উহিব্বু আন্না লি বিহি হুমৰান নাআম, ওৱা লাও উদইতু বিহি ফিল ইছলামি লা আজাবতু।
অৰ্থ: মই আব্দুল্লাহ ইবনে জুদআনৰ ঘৰত এনে এটা চুক্তিত উপস্থিত আছিলো, তাৰ বিনিময়ত মোক ৰঙা উটৰ পাল দিলেও মই ইমান আনন্দিত নহ'লোহেঁতেন। এতিয়া ইছলামৰ যুগতো যদি সেই চুক্তিৰ নামত মোক মতা হয়, মই লগে লগে সঁহাৰি দিম। [মুছনাদে আহমদ]
ইয়াৰ পৰা আমি কি শিকোঁ?
১. ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লাম নবী হোৱাৰ আগৰে পৰাই ইনছাফপ্ৰিয় আছিল। তেওঁ কেতিয়াও জুলুম সহ্য কৰা নাছিল।
২. ইছলামে ভাল কামক সদায় সমৰ্থন কৰে, সেয়া অমুছলিম সমাজত হ'লেও। হিলফুল ফুজুল আছিল জাহিলী যুগৰ চুক্তি, তথাপি ইছলামে ইয়াৰ মূল্যবোধক স্বীকৃতি দিছে।
৩. মজলুমৰ পক্ষত থিয় দিয়াটোৱেই হ'ল প্ৰকৃত উদ্দেশ্য।
১. নামটো ক'ৰ পৰা আহিল?
ইয়াৰ দুটা প্ৰসিদ্ধ ব্যাখ্যা আছে। প্ৰথমটো, আপুনি আগতে শুনা মতে ফুজুল মানে উত্তম গুণৰ অধিকাৰী। দ্বিতীয়টো বেছি প্ৰসিদ্ধ। কোৱা হয় যে বহু আগতে মক্কাত ফজল নামৰ তিনিজন ব্যক্তিয়ে এনেকুৱা এটা ন্যায়ৰ চুক্তি কৰিছিল।
১. ফজল ইবনে ফাজালা
২. ফজল ইবনে ৱাদাআ
৩. ফজল ইবনে হাৰিছ
তেওঁলোকৰ নামৰ পৰাই এই ধৰণৰ সৎ চুক্তিক হিলফুল ফুজুল বোলা হৈছিল। অৰ্থাৎ ফজল সকলৰ চুক্তি।
২. ফিজাৰ যুদ্ধই কেনেকৈ ৰাস্তা মুকলি কৰিলে?
ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লাম তেতিয়া ডেকা। কুৰাইশ আৰু হাৱাজিন গোত্ৰৰ মাজত হৰবে ফিজাৰ নামৰ যুদ্ধখন চলি আছিল। এই যুদ্ধত ৰাছুলে নিজে অস্ত্ৰ ধৰা নাছিল, তেওঁ নিজৰ খুৰা সকলক কাঁড় বুটলি যোগাৰ কৰি দিছিল।
৪ বছৰীয়া এই যুদ্ধত মক্কাৰ বহু তেজ গ'ল, বহু ঘৰ ধ্বংস হ'ল। যুদ্ধ শেষত সকলোৰে মনত এটা কথাই আহিল - আমাৰ মাজত যদি ন্যায় নাথাকে, তেন্তে আমি নিজেই শেষ হৈ যাম। বাহিৰৰ ব্যৱসায়ীয়ে মক্কালৈ আহিবলৈ ভয় কৰিব।
ঠিক এই সময়তে আল্লাহে হিলফুল ফুজুলৰ বাবে পৰিৱেশ সৃষ্টি কৰি দিলে।
৩. গঠনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া কেনেকৈ হ'ল?
প্ৰথম খোজ - জুবাইদীৰ চিঞৰ: জুবাইদ গোত্ৰৰ ব্যৱসায়ীজনে যেতিয়া আবু কুবাইছ পাহাৰত উঠি কবিতাৰে মজলুমৰ বাবে সহায় বিচাৰিলে, সেই শব্দ শুনি আটাইতকৈ বেছি কষ্ট পাইছিল জুবাইৰ ইবনে আব্দুল মুত্তালিবে। তেওঁ আছিল ৰাছুলৰ খুৰা আৰু আব্দুল মুত্তালিবৰ পুত্ৰ।
দ্বিতীয় খোজ - ঘৰ বাছনি: তেওঁ সকলো সৎ নেতাক মাতিলে। বৈঠকৰ বাবে তেওঁলোকে আব্দুল্লাহ ইবনে জুদআনৰ ঘৰ বাছি ল'লে। কিয়? কাৰণ তিনিটা কাৰণত।
১. তেওঁৰ ঘৰটো মক্কাৰ আটাইতকৈ ডাঙৰ আৰু নিৰাপদ আছিল।
২. তেওঁ আছিল বনু তাইম গোত্ৰৰ, কোনো পক্ষৰ নাছিল।
৩. তেওঁ অতি দানশীল আছিল, সকলোৰে বাবে খোৱাৰ ব্যৱস্থা কৰিছিল।
তৃতীয় খোজ - শপত: ঘৰৰ ভিতৰত সকলোৱে একত্ৰিত হ'ল। তেওঁলোকে জমজমৰ পানী আনি কা'বা ঘৰ ধুই সেই পানীত হাত ডুবাই শপত ল'লে। ছীৰতৰ কিতাপত শপতৰ ভাষা এনেকৈ আহিছে - "আমি মক্কাৰ প্ৰতিজন মজলুমৰ লগত থাকিম, জালিম যিয়েই নহওক, কুৰাইশৰে হওক বা বাহিৰৰে হওক। আমি তাৰ হক ঘূৰাই নিদিয়ালৈকে শান্ত নহম।"
চতুৰ্থ খোজ - লগে লগে কাৰ্যকৰী: এই চুক্তি কেৱল মুখৰ কথা নাছিল। বৈঠকৰ পৰা ওলায়ে তেওঁলোকে আছ ইবনে ৱাইলৰ ঘৰলৈ গ'ল আৰু তেওঁক বাধ্য কৰালে জুবাইদীৰ টকা ঘূৰাই দিবলৈ।
৪. ইয়াৰ শক্তি কিমান আছিল?
ইয়াৰ পিছত হিলফুল ফুজুলে কেইবাবাৰো নিজৰ শক্তি দেখুৱাইছিল।
এবাৰ খাছআম গোত্ৰৰ এজন মানুহে নিজৰ ছোৱালীক লৈ হজ কৰিবলৈ আহিছিল। নুবাইহ ইবনে হাজ্জাজ নামৰ এজন শক্তিশালী মানুহে ছোৱালীজনীক আটক কৰিলে। দেউতাকে হিলফুল ফুজুলৰ ওচৰত গ'ল আৰু তেওঁলোকে গৈ ছোৱালীজনীক উদ্ধাৰ কৰি আনিলে।
আটাইতকৈ ডাঙৰ ঘটনাটো ঘটিছিল ইছলামৰ পিছত। এবাৰ হুছাইন ইবনে আলী ৰাদিয়াল্লাহু আনহুৰ মদিনাৰ গৱৰ্ণৰ ৱালিদ ইবনে উতবাৰ লগত মাটিৰ বিবাদ হৈছিল। হুছাইনে ক'লে, "যদি তুমি মোৰ হক নিদিয়া, মই হিলফুল ফুজুলক মাতিম।" তেতিয়া আব্দুল্লাহ ইবনে জুবাইৰ ৰাদিয়াল্লাহু আনহু তৰোৱাল লৈ থিয় হ'ল আৰু ক'লে, "মইও সেই চুক্তিত আছো, মজলুমৰ লগত থাকিম।" শেষত গৱৰ্ণৰে ভয় খাই হক ঘূৰাই দিলে।
৫. ইছলামে ইয়াক কিয় ইমান সন্মান দিলে?
ৰাছুল সাল্লাল্লাহু আলাইহি ওৱা সাল্লামে নবী হোৱাৰ পিছত কৈছিল যে এইটো জাহিলী যুগৰ চুক্তি হ'লেও ইয়াৰ মূল উদ্দেশ্য আছিল ইনছাফ। ইছলামে ইনছাফৰ যিকোনো ব্যৱস্থাকে সমৰ্থন কৰে।
কোৰআনতো আল্লাহে কৈছে, হে ঈমানদাৰসকল, তোমালোকে ন্যায়ৰ ওপৰত দৃঢ়ভাৱে থিয় থাকা। [ছুৰা নিছা: ১৩৫]
হিলফুল ফুজুলে আমাক শিকায় যে ধৰ্ম, গোত্ৰ, দল চাই নহয়, মজলুম যিয়েই হওক তাৰ পক্ষ লোৱাটোৱেই হ'ল প্ৰকৃত মানৱতা। আৰু এই শিক্ষাটো ৰাছুলে ২০ বছৰ বয়সতে আমাক দেখুৱাই থৈ গৈছে।
বি:দ্ৰ: পোষ্টটো সকলোকে শ্বেয়াৰ কৰিবলৈ বিনম্ৰভাবে অনুৰোধ জনালোঁ, কোনেও কপি নকৰিব|
ইতি
মুফতী শ্বামছুদ্দিন আহমেদ কাছিমী|
হাউলী, বৰপেটা, অসম
📲 9864379542
date 20/09/2026 ইং
゚viralシ