03/10/2026
নৱ-গঠিত শোণিতপুৰ জিলা MMKৰ সহকাৰী সম্পাদক ধনঞ্জয় মিলি ডাঙৰীয়া আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰ অনুৰাগ মিলি জীয়াভৰলী চাপৰিত সংঘটিত হোৱা ট্ৰেক্টৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা খবৰে আমাক অতিকৈ মৰ্মাহত কৰিছে।
এই শোকৰ ক্ষণত সন্মিলিত গণশক্তি অসমৰ তৰফৰ পৰা পিতা-পুত্ৰ তথা মিলি ডাঙৰীয়া আৰু অনুৰাগৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔঁম্ শান্তি।
সম-অধিকাৰ, সম-মৰ্য্যদা, সম-উন্নয়ন।
#সন্মিলিত_গণশক্তি_অসম।