অসম মাতৃভূমি দল Asom Matribhumi Dal

অসম মাতৃভূমি দল Asom Matribhumi Dal

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম মাতৃভূমি দল Asom Matribhumi Dal, Political Party, Gauhati.

অসম মাতৃভূমি দল এটা আঞ্চলিক ৰাজনৈতিক দল ৷ সৰ্বদিশৰ সুৰক্ষিত, স্বাভিমানী আৰু এখন স্বনিৰ্ভৰ অসম আমাৰ লক্ষ্য ৷ মাতৃভূমি আৰু মাতৃভাষাৰ হকে আমাৰ আপোচহীন যাত্ৰা অবিৰত আৰু অবিচল ৷

05/06/2026

🌍 বিশ্ব পৰিৱেশ দিৱস ২০২৬ 🌍

​আমাৰ সুজলা-সুফলা অসমখনক আৰু অধিক সেউজীয়া, প্ৰদূষণমুক্ত আৰু সুৰক্ষিত কৰি তোলাটো আমাৰ সকলোৰে দায়িত্ব। আমাৰ একোটা সৰু পদক্ষেপে কাইলৈৰ বাবে কঢ়িয়াই আনিব পাৰে এক ডাঙৰ পৰিৱৰ্তন।

​আহক, এই পৰিৱেশ দিৱসত কেৱল শ্লোগানতে সীমাবদ্ধ নাথাকি আমি বাস্তৱিকতে কিছু সংকল্প লওঁ:

​🌱 গছপুলি ৰোপণ কৰক – ধৰিত্ৰীক সেউজীয়াৰে সজাওক।

💧 পানী সংৰক্ষণ কৰক – অনাগত ভৱিষ্যত সুৰক্ষিত কৰক।

♻️ পুনঃব্যৱহাৰ কৰক – জাবৰ-আৱৰ্জনা হ্ৰাস কৰক।

🚫 প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ক – প্ৰকৃতিৰ সুৰক্ষা সুনিশ্চিত কৰক।

📢 সচেতন হওক সচেতন কৰক – পৰিৱেশ ৰক্ষাৰ বাৰ্তা ঘৰে ঘৰে কঢ়িয়াই নিয়ক।

​"আমাৰ ভূমি, আমাৰ ভৱিষ্যত: প্ৰকৃতি ৰক্ষা কৰক"

​সেউজীয়া আৰু সুৰক্ষিত অসমৰ বাবে আজিৰে পৰা আমাৰ সৈতে যোগ দিয়ক। 🤝



👥 অসম মাতৃভূমি দল

🛡️ সুৰক্ষা • স্বাভিমান • স্বনিৰ্ভৰ

​ #বিশ্বপৰিৱেশদিৱস #প্ৰকৃতিৰক্ষা #সেউজঅসম

01/06/2026

🪔 আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি 🪔

শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য, মহান বৈষ্ণৱ সাধক, কবি, সাহিত্যিক আৰু সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথিত অসম মাতৃভূমি দলৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ।

ভক্তি, মানৱতা, সমতা আৰু সামাজিক সম্প্ৰীতিৰ যি মহান আদৰ্শ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আমাৰ সমাজক উপহাৰ দিলে, সেই আদৰ্শ আজিও আমাৰ পথপ্ৰদৰ্শক।

তেখেতৰ অমৰ সৃষ্টি, সাহিত্য-সংস্কৃতিৰ অৱদান আৰু আধ্যাত্মিক চেতনাই অসমীয়া জাতিৰ স্বকীয় পৰিচয় গঢ়ি তোলাত অনন্য ভূমিকা পালন কৰিছে।

আহক, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আদৰ্শক হৃদয়ত ধাৰণ কৰি এক সুসংহত, ন্যায়ভিত্তিক আৰু সম্প্ৰীতিৰ সমাজ গঢ়াৰ বাবে একত্ৰিত হওঁ!

🙏 মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাক শ্ৰদ্ধাৰে সোঁৱৰিছো।

— অসম মাতৃভূমি দল —

30/05/2026

https://www.facebook.com/share/1PUymWN8Ly/

অসম মাতৃভূমি দলৰ সাংগঠনিক যাত্ৰা আৰম্ভ
ৰাজ্যিক সভাপতিৰ উপস্থিতিত আজি গোলাঘাটত সাংগঠনিক সভা সম্পন্ন

30/05/2026

অসম মাতৃভূমি দল: এক শক্তিশালী যাত্ৰাৰ দিশে!

আজি অসম মাতৃভূমি দলৰ উদ্যোগত গোলাঘাট জিলা সমিতি গঠন সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা সফলতাৰে সম্পন্ন হয়।

দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰা, তৃণমূল পৰ্যায়ৰ ৰাইজৰ সৈতে সংযোগ স্থাপন কৰা আৰু অঞ্চলটোৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণৰ বিষয়ে সভাত বিশদভাৱে আলোচনা কৰা হয়। দলীয় গতিশীলতা বৃদ্ধিৰ লক্ষ্যৰে সভাত কেইবাটাও অতি তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত অসম মাতৃভূমি দলৰ ৰাজ্যিক সভাপতি ৰাজীৱ শইকীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) মুকুট বৰুৱা উপস্থিত থাকে।

সভাত উপস্থিত থাকি নিজৰ বহুমূলীয়া পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী নেতা, কৰ্মী তথা শুভাকাংক্ষীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে সন্মিলিত প্ৰচেষ্টাৰে আমি মাতৃভূমিৰ এক উজ্জ্বল ভৱিষ্যতৰ বাবে আগবাঢ়ি যাম!

াতৃভূমি_দল #গোলাঘাট

28/05/2026

ঈদৰ এই পবিত্ৰ ক্ষণত সকলোৰে মাজত প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে...
ঈদৰ শুভেচ্ছা জনালোঁ

-- অসম মাতৃভূমি দল

27/05/2026

পেট্ৰ’ল - ডিজেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আৰোপিত কৰ ৫০% প্ৰত্যাহাৰৰ আহ্বান জনাই আজি অসম মাতৃভূমি দলে প্ৰেছ বিবৃতি প্ৰকাশ কৰে ৷
Asomiya Pratidin
DAINIK JANAMBHUMI

27/05/2026

❝ মাতৃভাষা হৈছে মাতৃদুগ্ধৰ সমান। ❞ — ৰবীন্দ্ৰনাথ ঠাকুৰ

আহক, মাতৃভূমি আৰু মাতৃভাষাৰ হকে একত্ৰিত হওঁ

25/05/2026

স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল - মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা ৷
— ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

আহক, মাতৃভূমি আৰু মাতৃভাষাৰ হকে একত্ৰিত হওঁ

অসম মাতৃভূমি দল
যোগাযোগঃ ৭০০২২৪৯৯৩৭

25/05/2026

গুৱাহাটী ISBT ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত মান্তি লোৱা নহ’ব!

বেটকুছিস্থিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনাচ (ISBT) ৰ পৰিচালনা, নিৰাপত্তা আৰু পাৰ্কিং সংগ্ৰহৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব তিনি বছৰৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক গতাবলৈ ASTC-এ যি নিবিদা (Tender) আহ্বান কৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম মাতৃভূমি দল-এ।

আমি আন্দোলনকাৰী বাছ মালিক, চালক, হেণ্ডিমেন তথা সমগ্ৰ পৰিবহণ কৰ্মী সমাজৰ কাষত দৃঢ়তাৰে থিয় দিছোঁ।

আমাৰ স্পষ্ট প্ৰশ্ন আৰু প্ৰতিবাদ:

১/ জনসাধাৰণৰ ওপৰত মাধমাৰ: ব্যক্তিগত কৰ্পোৰেট সংস্থাই লাভৰ বাবে জধে-মধে পাৰ্কিং আৰু ডকিং মাচুল বৃদ্ধি কৰিব। ইয়াৰ ফলত দৈনিক যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰী, শ্ৰমিক আৰু গ্ৰাম্য অসমৰ নিম্ন-মধ্যবিত্ত যাত্ৰীসকল বৰ্ধিত ভাড়াৰ বলি হ’বলগীয়া হ’ব।

২/ শ্ৰমিকৰ পেটত লাত: নিজৰ প্ৰশাসনিক ব্যৰ্থতা লুকুৱাবলৈ চৰকাৰে মধ্যভোগী প্ৰতিষ্ঠানক আমন্ত্ৰণ জনাইছে, যিয়ে শ্ৰমিকৰ মৰ্যাদাতকৈ কেৱল নিজৰ পকেট গৰম কৰাকহে প্ৰাধান্য দিব।

৩/ পৰিকল্পিত একাধিপত্য: গেটৰ বাহিৰত ট্ৰেফিক আইনৰ দোহাই দি চলি থকা হেঁচা আৰু ভিতৰত ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া— এই সকলোবোৰ পৰিবহণ কৰ্মীসকলক এক কৰ্পোৰেট চক্রবেহুৰ মাজলৈ ঠেলি দিয়াৰ এক পৰিকল্পিত চেষ্টা!

আই.এচ.বি.টি. অসমৰ কৰদাতাসকলৰ পইচাৰে নিৰ্মিত এক ৰাজহুৱা সম্পত্তি, কোনো ব্যক্তিগত ঠিকাদাৰক চহকী কৰাৰ থলী নহয়।

চৰকাৰলৈ আমাৰ দাবী:

ASTC-এ এই জনবিৰোধী নিবিদা তৎক্ষণাৎ বাতিল কৰক।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত পোনপটীয়াকৈ হস্তক্ষেপ কৰি পৰিবহণ কৰ্মীসকলৰ আৰ্তিক সন্মান জনাওক।

চৰকাৰে লোকচানৰ দোহাই নিদি দুৰ্নীতি বন্ধ কৰক আৰু ৰাজহুৱা পুঁজিৰে টাৰ্মিনাচৰ আধুনিকীকৰণ কৰক।

এই নিবিদা শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে অসম মাতৃভূমি দলে পৰিবহণ ইউনিয়নসমূহৰ সৈতে লগ হৈ ৰাজ্যজুৰি তীব্ৰ গণ-আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

24/05/2026

❝ স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস ❞
— ২৪ মে’ —
"জাতীয় স্বাভিমানৰ প্ৰতীক, মটক ৰাজ্যৰ প্ৰথমগৰাকী স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱৰ মহাপ্ৰয়াণ দিৱসত 'অসম মাতৃভূমি দল'ৰ পৰা শত-কোটি নমন।" অসমৰ ইতিহাসৰ এক সংকটপূৰ্ণ ক্ষণত সকলো ধৰণৰ ভেদাভেদ পাহৰি সমাজখনক একতাৰ দোলেৰে বান্ধি ৰখা এইগৰাকী মহান অসমীয়াৰ বীৰত্ব আৰু দূৰদৰ্শিতা আমাৰ বাবে পথপ্ৰদৰ্শক। আহক, তেখেতৰ অমৰ সৃষ্টি আৰু আদৰ্শক বুকুত বান্ধি আমি তৰুণ প্ৰজন্মক আগুৱাই লৈ যাওঁ।
— অসম মাতৃভূমি দল —

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Gauhati