Hum Apke Sath Hain

Hum Apke Sath Hain

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hum Apke Sath Hain, Social service, Gauhati.

13/07/2021

Earn so much in life so that u can do something for the people.

24/05/2021

হোম আইচলেচনত থকা ৰোগীসকলে ব্যৱহাৰ কৰিবলগীয়া ঔষধৰ তালিকা এখন তলত দিলোঁ৷ তাৰ আগতে কৈ লওঁ যে ঘৰত এটা Pulse oxymeter আৰু BP apparatus থকাটো অতি দৰকাৰী ৷ শৰীৰৰ উত্তাপ জোখা এটি থাৰ্মমিটাৰ ঘৰত থকা আৱশ্যক ৷ ছুগাৰৰ তাৰতম্য চলি থকা লোকৰ বাবে ছুগাৰ জোখা যন্ত্ৰ (Glucometer) থকাটো বাঞ্চনীয়৷
তেজৰ অক্সিজেনৰ পৰিমান সদায় ৯৫% ৰ ওপৰত থকাটো ভাল অৰ্থাৎ দেহৰ নিৰাপদ অৱস্থা ৷ অক্সিজেন ৯০% তললৈ আহিব ধৰিলে ৰোগীক হস্পিতাললৈ পলম নকৰি লৈ যাব লাগিব ৷
উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ নিয়মীয়া দৰব সেৱন কৰি থাকিব ৷ ঘৰত থকা ৰোগীয়ে যি কোনো অসুবিধাৰ সন্মুখীন হ’লে নিজৰ পৰিচিত চিকিৎসকৰ পৰা ৱাটচএপ যোগে পৰামৰ্শ লব ৷
এনে হোম আইচলেচনত ব্যৱস্থা কেবল কম বা মধ্যমীয়াভাৱে আক্ৰান্ত ৰোগীৰ বাবেহে প্ৰযোজ্য ৷ উশাহ লোৱাত কষ্ট ভোগা বা গুৰুতৰভাৱে অসুস্থ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰিলেহে জীৱন ৰক্ষা কৰিব পৰা যাব ৷ কিডনিৰ অসুখ থকা নাইবা জটিল হৃদৰোগ থকা ৰোগীসকলৰ বাবে চিকিৎসালয়েই হ'ল নিৰাপদ আশ্ৰয়ৰ স্থল৷
কোনেও এই নিদান পত্ৰখনৰ দিয়াৰ বাবে অযথা বিতৰ্কৰ সৃষ্টি নকৰে যেন ৷ হোম আইচলেচন বিচৰা ৰোগীক চৰকাৰীভাবে একো দৰবৰ নিৰ্দেশনা নিদিয়া বুলি উঠা অভিযোগৰ পৰিপ্ৰেক্ষিত এইখিনি জনাৱাটো মোৰ কৰ্তব্য বুলি গণ্য কৰিলোঁ ৷ ধন্যবাদ ৷
স্পষ্টীকৰণ ::
এইখন প্ৰেচক্ৰিপচন ঘৰত থকা আৰু চৰকাৰী পৰামৰ্শ নোপোৱা কভিড পজিটিভ ৰোগীৰ বাবেহে ৷
১২বছৰৰ তলৰ ৫বছৰৰ ওপৰৰ সৰু ল'ৰা-ছোৱালীয়ে এই দৰবসমূহৰ আধা পৰিমান নাইবা য'ত সম্ভৱ চিৰাপ ব্যৱহাৰ কৰিব ৷
৫বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত শিশু বিশেষজ্ঞৰ পৰামৰ্শ মানি চলিব ৷
গৰ্ভৱতী মহিলাসকল প্ৰসূতি চিকিৎসা বিশেষজ্ঞৰ দায়িত্বত থাকিব৷
ভুল নুবুজিব এই দৰববোৰ একমাত্ৰ কৰ'নাৰ প্ৰতিষেধক নহয় ৷ সকলোৱে মাস্ক পিন্ধি সামাজিক দূৰত্ব বৰ্তাই ৰাখি নিজক সুৰক্ষিত কৰি ৰাখিব লাগিব ৷
* সমাজত সজাগতাৰ সৃষ্টি কৰাৰ দায়িত্ব কেবল ডাক্তৰ, ফাৰ্মাচিষ্ট আৰু নাৰ্চৰে নহয় - প্ৰতিজন শিক্ষিত দায়িত্বশীল নাগৰিকৰ এয়া এক মহান কৰ্তব্য ৷

R/1, Azithromycin 500 mg Tablet ( 6 ) - নিতৌ এটা পিল দিনটোৰ যিকোনো সময়তে৬দিনলৈ খাব৷
নাইবা অসুখ অলপ বেচি থকা সকলৰ বাবে Doxycycline with Lactobacillus (15) - এটাকৈ দিনে দুবাৰ আহাৰৰ পিছত এসপ্তাহলৈ খাব৷
2. Supradyn / Becozyme C multivitamin Tablet (20) - এটাকৈ দিনে দুবাৰ (পুৱা আৰু গধূলি)
3. C D Zinc (VitaminC, Vitamin D with Zinc Tablet (30) - নিতৌ এটা পিল দিনটোৰ যিকোনো সময়তে এমাহলৈ খাব৷
4.Montolukast with Levocetrizine Tablet (30) - - এটাকৈ দিনে দুবাৰ (পুৱা আৰু গধূলি) দহ-পোন্ধৰ দিনলৈ খাব৷ এয়া এলাৰ্জিৰ প্ৰতিৰোধক৷
5. Deriphylline Tablet (30) - এটাকৈ দিনে তিনিবাৰ আহাৰৰ পিছত কমেও ১০দিন খাব৷ (*Deriphylline tablet কভিড পজিটিভ ৰোগীয়ে শ্বাস কষ্ট নহলেও খোৱাত বাধা নাই ৷ কাৰণ ই শ্বাসনলীলৈ বায়ু চলাচল সুগম কৰি তুলিব ৷ (Deriphylline helps in relaxing the muscles of the air passages and making it easier to breathe.)
6. m – Solvin Syrup (2 Bottles) - দুচামুচকৈ দিনে ৪বাৰ অন্তত: ১০দিনলৈ খাব৷ এই দৰবে কাহ কমোৱাৰ ওপৰিও শ্বাস-প্ৰস্বাসত সহায় কৰিব৷
7. Omez –D (15) - নিতৌ পুৱাএটা কেপচুল খালী পেটত খাব৷ ই এচিডিটি, বুকুজ্বলা,গেছ,বমিভাৱ আদি কমাব৷
8. Parasafe 500 mg Tablet (30) - দুটাকৈ দিনে দুবাৰ আহাৰৰ পিছত খাব৷
(Parasafe / Paracetamol টেবলেট জ্বৰ নাথাকিলেও খাব পাৰিব ৷ ই গাৰ বিষ,মূৰৰ বিষ আৰু মাংসপেশিৰ বেদনাৰ উপশম ঘটাব ৷)
9. Betadine Gargle (1 Bottle) - কুহুমীয়া গৰম পানীত দৰব মিহলাই দিনে দুবাৰ Gargleকৰিব৷
* কৰ'না নিগেটিভ হোৱাৰ পিছতো কিছুমান ৰোগীৰ বক্ষৰ চি টি স্কেনত এনে কিছুমান বিসংগতি দেখা যায়৷ যেনে এটিপিকেল নিউম'নিয়া, আশিংক ক'লাপচ্, গ্ৰাউণ্ড গ্লাচ অপেচিটি৷ তেনে ৰোগীক উচ্চমানৰ এন্টিবায়টিক (Piperacillin with Tazobactum), ডেক্সমিথাচন বেজী আৰু ডেৰিফাইলিন বেজী এসপ্তাহমানলৈ দিবলগীয়া হয়৷ নকলেও হব এনে চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ তত্বাবধানৰ আৱশ্যক ৷
* ব্যক্তিভেদে অন্যান্য দৰব প্ৰয়োজন সাপেক্ষে তদাৰককাৰী চিকিৎসকে যোগ দিব৷

ডা: ভূপেন শইকীয়া
যোগাযোগ ইমেইল – [email protected]
ৱাটচএপ – 94350 48055 গুৱাহাটীৰ পৰা, তাৰিখ ২৪-০৯-২০২০

24/05/2021

কোভিড সম্পৰ্কে কেইটিমান শেহতীয়া তথ্য

ভবিষ্যতৰ আশাৰ বতৰা
(১) এবিধ ৰঙা বৰণৰ জলজাত উদ্ভিদ (Red Algae)ৰ পৰা বিশ্বখ্যাত ঔষধ কোম্পানী Amcyte Pharmaই এবিধ নাকত দিয়া স্প্ৰে প্ৰস্তুত কৰি ওলিওৱাৰ বাতৰি অলপতে ৰাইজৰ দৃষ্টিগোচৰ হৈছে৷ আমেৰিকাৰ Knoxvilleৰ Tenessee Universityয়ে আৰ্জেন্টিনাৰ চৰকাৰৰ সহযোগত ৮খন আই চি ইউযুক্ত চিকিৎসালয়ত গবেষণা কৰিছিল৷
ৰঙা এলগিয়ে ফট'চিন্ঠেচিচৰ সময়ত নাইট্ৰিক এচিড উৎপন্ন কৰে ৷ সেই নাইট্ৰিক এচিডৰ পৰা নিৰ্মাণ কৰা নাকত দিয়া স্প্ৰে কভিড ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাবে প্ৰমাণিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ বৰ্তমান ইংলেণ্ড আৰু কেনেডাত ইয়াৰ ট্ৰায়েল চলি আছে৷ নাইট্ৰিক এচিডৰ থাকে এন্টি-ভাইৰেল গুণ ৷ দেখা গৈছে ই নেজ'ফেৰিংগছত অৱস্থান লোৱা কভিড ভাইৰাছক ২৪ ঘন্টাত ৯৫ শতাংশ প্ৰতিৰোধ আগবঢ়ায় ৷ হাতৰ মুঠিত কঢ়িয়াই লৈ ফুৰিব পৰা এই নেজেল স্প্ৰে দিনত ৩৷৪ বাৰ ব্যৱহাৰ কৰিব লাগিব ৷ চিকিৎসাৰ ওপৰিও ইয়াক কভিড ৰোগ প্ৰতিৰোধক হিচাবেও ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে ৷

(২) আমাৰ দেশৰ ভাৰত বা'য়টেক কোম্পানীয়ে এবিধ নাকত ঢলা ভেকচিন প্ৰস্তুত কৰি ওলিয়াইছে --যাৰ প্ৰয়োগ দেশৰ বিভিন্ন কেন্দ্ৰত চলি আছে ৷ বেজীৰ খোছা-বিন্ধা নলগা আৰু ব্যৱহাৰ কৰিবলৈ তেনেই সহজ এই ভেকচিন শিশু আৰু বৃদ্ধৰ বাবে বেচ সুবিধাজনক আৰু গ্ৰহণযোগ্য হব বুলি ধাৰণা কৰা হৈছে ৷ ইয়াৰ প্ৰয়োগে নাকৰ মিউকছাত ক্ৰিয়া কৰি শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীক সক্ৰিয় কৰি তুলিব ৷

(৩) বাতৰিত প্ৰকাশ সংযুক্ত আৰব আমীৰাটৰ বিজ্ঞানী কেইজনমানে উটৰ ওপৰত প্ৰয়োগ কৰি কভিডৰ এক চিকিৎসা বিধি উদ্ভাৱন কৰিবলৈ প্ৰয়াস কৰি আছে৷ ডুবাইস্থিত চেন্ট্ৰেল ভেটেৰিনাৰী ৰিচাৰ্চ লেবৰেটৰীৰ মুৰব্বী Dr. Ulrich Werneryৰ দলে মৃত কভিড ১৯ ভাইৰাছৰ অংশ বিশেষ dromedaries (পিঠিত দুটা কুঁজ থকা উট)ৰ শৰীৰত বেজীৰ মাধ্যমেৰে দি দেখা পাইছে যে মৰুভূমিৰ সেই প্ৰাণীটোৰ শৰীৰত বুজন পৰিমানৰ কভিডৰ বিৰুদ্ধে এন্টিবডি উৎপন্ন হৈছে৷ (সৌজন্য- অল আৰেবিয়া নিউজ)
এটা কথা প্ৰমানিত যে কৰ'না ভাইৰাছে মানুহ বা আন প্ৰানীৰ দেহত প্ৰবেশ কৰি ঘাইকৈ হাওঁফাওঁত থকা ACE 2-receptorত আশ্ৰয় লয় ৷ উটৰ হাওঁফাওঁত এনে ৰিচেপ্তৰ নাথাকে৷ সেয়ে ২০১২ চনত মধ্য প্ৰাচ্যত ত্ৰাসৰ সৃষ্টি কৰা Middle East respiratory syndrome (MERS- CoV)ৰ সময়ত উটে সেই ৰোগৰ বাহক হৈয়ো নিজে ৰোগাক্ৰান্ত হোৱা নাছিল ৷একেই কথা কৰ'নাৰ ক্ষেত্ৰটো খাটে ৷ আনহাতে বাঘ,সিংহ,কুকুৰ,মেকুৰী কোভিডত আক্ৰান্ত হব পাৰে ৷ আৰু বিতং গবেষণা হ'লেহে জানিব পৰা যাব উটৰ দেহত উৎপন্ন হোৱা এন্টিবডিক মানৱৰ জীৱন ৰক্ষাকাৰীৰূপে ব্যৱহাৰ কৰিব পৰা যাব নে নাযায় ?

(৪) ইনফ্লুৱেঞ্জাৰ ভেকচিন বনাম কৰ'না ভাইৰাছ --
ফ্লু বা ইনফ্লুৱেঞ্জাৰ ভেকচিন সাধাৰণতে বছৰত এবাৰ এটা ড'জ দিয়া হয় ৷ দেখা গৈছে এই ভেকচিন লোৱা লোকসকলে কভিডৰ পৰা ২৪ শতাংশ অধিক সুৰক্ষা পায় (ফ্লু ভেকচিন নোলোৱা লোকৰ তুলনাত ৷ ফ্লু ভেকচিন লোৱা লোকৰ কভিডৰ লক্ষণ কিছুহলে কম হয় আৰু এওঁলোকে চিকিৎসালয়ত ভৰ্তি হবলগীয়া প্ৰায় নহয় ৷ আকৌ দেখা গৈছে পানীলগা সৃষ্টিকাৰী ৰাইনো ভাইৰাছে কৰ'না ভাইৰাছৰ সৈতে তয়াময়া ৰণ কৰে আৰু কৰ'না ভাইৰাছক পৰাভূত কৰে৷

* কভিডৰ ভেকচিন আৰু স্তনপান কৰোৱা মাতৃসকলৰ জ্ঞাতাৰ্থে :

এটি গৰ্ভস্থ সন্তানে পোনতে মাতৃৰ প্লেচেন্টাৰ মাধ্যমেৰে এন্টিবডি লাভ কৰে ৷ জন্মৰ পিছত এন্টিবডি পায় মাতৃদুগ্ধৰ দ্বাৰা ৷ আকৌ শিশুকালত লোৱা নানাবিধ ভেকচিনে শৰীৰৰ ইমিউনিটি বিকাশত সহায় কৰে - সেয়াও প্ৰমাণিত সত্য৷ আনহাতে মাতৃদু্গ্ধত নিৰ্গত হোৱা কভিডৰ ভেকচিনে শিশুৰ প্ৰতিৰক্ষা প্ৰণালীত কি প্ৰভাৱ বিস্তাৰ কৰিব সেয়া আজি পৰ্যন্ত কোনেও অধ্য়য়ন কৰা নাই৷ মাথো ইমানেই জনা গৈছে যে ভেকচিন লোৱাৰ দুমাহ পিছলৈকে মাতৃদু্গ্ধত ভেকচিন নিৰ্গত হৈ থাকে৷
কেনেডাৰ ফাইজাৰ কোম্পানীয়ে উল্লেখ কৰিছে - মাতৃদু্গ্ধত ওলোৱা ভেকচিন সন্তানৰ বাবে কিছু অহিতকাৰী হয়তো হবও পাৰে৷ আকৌ ইউনাইটেড কিংডমৰ নেশ্বনেল হেল্থ চাৰ্ভিছে স্তনপান কৰোৱা মাতৃৰ ভেকচিন লোৱা বাৰণ কৰিছে৷ যাৰ বাবে দেশখনৰ একাংশই মানৱ অধিকাৰ উংলঘন কৰা বুলি আপত্তি জনাইছে৷ ইটালিৰ বিভিন্ন মেডিকেল ছ'চাইটিয়ে এনে মাতৃয়ে ভেকচিন লব লাগে বুলি কৈছে৷ দিল্লীৰ এইমচৰ ডাইৰেক্তৰ ডা: গুলেৰিয়াই ভেকচিন লোৱাৰ পোষকতা কৰিছে৷
ব্যক্তিগতভাবে এই লিখকে কোনোবা এটা ৱেবপৰ্টেলত এনেদৰে পোৱা মনত পৰে - মাতৃদুগ্ধৰ যোগেদি শিশুৱে আহৰণ কৰা কভিড ভেকচিনে শিশুৰ শৰীৰে ইতিমধ্যে আয়ত্ত কৰা ইমিউনিটিক স্তব্ধ কৰি ৰাখিব পাৰে৷ ইউৰোপৰ এখন দেশত ফাইজাৰ আৰু মডাৰ্ণাৰ ভেকচিনৰ অধ্য়য়ন ১৮০গৰাকী মাতৃৰ ওপৰত কৰা হৈছিল৷ কেইবাজনো শিশুৰ দেহত সৰুসুৰা পাৰ্শ্বক্ৰিয়া দেখা গৈছিল৷ এগৰাকী মাতৃৰ দুগ্ধৰ পৰিমান কমি গৈছিল আৰু দুই তিনি গৰাকীৰ গাখীৰ ৰঙ নীলা-সেউজীয়া বৰণলৈ সলনি হৈছিল ৷

* জধেমধে চিটি স্কেন নকৰিবলৈ আহ্বান :

দেখা গৈছে বহু কভিডৰ ভীতিগ্ৰস্ত লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজাকৈ অপ্ৰয়োজনীয়ভাবে HR CT Scanof Thorax কৰাই আছে৷ এনে ৰেডিয়েচন বিপদজনক -- এটা সময়ত কৰ্কট ৰোগৰ কাৰণ হৈ উঠিব পাৰে৷ গতিকে কেবল চিকিৎসকৰ পৰামৰ্শ মতেহে যেন চিটিস্কেন কৰাব যায়৷
এইটোও সত্যযে বহু কভিড ৰোগীৰ ৰোগৰ অৱস্থাৰ বুজ লৈ সেই মতে চিকিৎসাত অগ্ৰসৰ হবলৈ চিটিস্কেন অত্যন্ত এক লাগতিয়াল পদ্ধতি বুলি সিদ্ধ হৈছে আৰু সেই কথা নিৰ্ণয় কৰিব ৰোগীজনৰ চিকিৎসা কৰি থকা ডাক্তৰজনে৷
আজিলৈ ইমানেই ৷ ধন্যবাদ৷ সকলোৰে কুশল কামনাৰে ~

ডা: ভূপেন শইকীয়া, ৮ মে ২০২১, গুৱাহাটীৰ পৰা৷
ইমেইল- [email protected]

23/12/2020

#কৃষক দিৱসৰ দিনা কৃষক সকললৈ সন্মান জনায় তেওঁলোকৰ বোৰ পূৰণ কৰক। চৰকাৰলৈ কাতৰ অনু্ৰোধ🙏
এটা এটাকৈ দেশৰ প্ৰায় বোৰ সম্পদ বিক্ৰী কৰি শেষয়েই কৰিলি। অন্ততঃ এই অন্নদাতা সকলক ৰেহাই দিয়ক🙏। তেওঁলোকক স্বাধীনতা প্ৰদান কৰক।
ৰাইজে সকলো পৰ্যবেক্ষণ কৰি আছে, সংবিধানৰ প্ৰতি সন্মান জনায় অলপ দয়াশীল হওঁক।
🙏ধন্যবাদ🙏

23/11/2020

এটা ৰাজনৈতিক অধ্যায়ৰ সমাপ্তি ঘটিল। অশ্ৰুসিক্ত নয়নৰে একাজলী শ্ৰদ্ধাঞ্জলী নিবেদিলো। আপোনাৰ আত্মাই স্বৰ্গবাসী হওঁক।
💐💐💐
😭😭😭

31/10/2020

অৰণ্য মানৱ #যাদৱ_পায়েঙ ডাঙৰীয়ালৈ জন্ম দিনৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো লগতে সু-স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
🌱🌳🌿

26/10/2020

#সহায়
কাৰোবাক সহায় কৰিবলৈ আপোনাক যিমানখিনি প্ৰেমৰ প্ৰয়োজন, সিমানখিনি যত্নৰ ওঁ প্ৰয়োজন।
যদি কাৰোবাক প্ৰকৃতাৰ্থত হৃদয়ৰ পৰা সহায় কৰিবলৈ মন আছে, তেতিয়া হ'লে আপুনি দুবেলা দুমুথি অন্ন আৰু সিহঁতৰ সাৰথি হবলৈ আগুৱাই নাহিব।
যিমান দূৰ সম্ভৱ, অতি সোনকালে সিহঁতক স্বাৱলম্বী কৰি তোলাৰ দায়িত্ব পালন কৰক। যাতে সিহঁতক আপোনাৰ সহায়ৰ প্ৰয়োজন নাথাকে।
সহায়কাৰী হিচাপে আপুনি কাৰো জীৱনত চিৰস্হায়ী হিচাপে নাথাকিব। কাৰোবাৰ চিৰস্হায়ী সহায়কাৰী হৈ থাকিব বিচৰা জনে প্ৰকৃতাৰ্থত কেতিয়াও কাৰো সহায় কৰিব নোৱাৰে, তেওঁ কেৱল নিজৰ মুনাফা লাভৰ অৰ্থে হে সহায়কাৰীৰ মুখা বহন কৰে।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address

Gauhati
781101