02/05/2026
আজি ২ মে' ২০২৬ তাৰিখ শণিবাৰে ওদালগুৰি জিলা এবিএমছুৰ উদ্যোগত আৰু ইকৰাবাৰী আঞ্চলিক এবিএমছুৰ সহযোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ ইকৰাবাৰী হাইস্কুল প্ৰাঙ্গণত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকো।
25/04/2026
তামুলপুৰ জিলাৰ কেকেৰীকুছি জ্যোতি পুথিভঁৰালৰ সৌজন্যত উদযাপিত মুকলি বিহুত আমন্ত্ৰণমৰ্মে উপস্থিত থাকো। উদ্যোক্তা সমিতিৰ মৰম-স্নেহত অতিকৈ আপ্লুত।
তাৰিখ:- ২৫/০৪/২০২৬
25/04/2026
নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটি যোৱা নিশা তামুলপুৰৰ নোৱাখাটত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। বিহুৱতী নিশামণি হালৈয়ে উক্ত দূৰ্ঘটনাটোত অকাল মৃত্যুক সাৱটি লোৱা খবৰে ব্যথিত কৰিছে।
মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু-আৰোগ্য কামনা কৰিছোঁ।
18/04/2026
আজি ১৮ এপ্ৰিল,২০২৬ তাৰিখ শণিবাৰে তামুলপুৰ আঞ্চলিক এবিএমছুৰ অন্তৰ্গত গুৱাকুছি শাখা এবিএমছুৰ শপত গ্ৰহণ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাজহুৱা সভাত উপস্থিত থাকো।
17/04/2026
প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPLয়ে মোক জনমানসত হেয় প্ৰতিপন্ন কৰি সামাজিকভাৱে হত্যা কৰিব বিচাৰিছে নেকি? UPPLক সমৰ্থন নকৰা বাবেই এই ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰ চলিছে নেকি?
বি.টি.চি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ সমান্তৰালভাৱে আগবঢ়া শান্তিপূৰ্ণ সহাৱস্থানৰ এবিএমছুৰ এই যাত্ৰা কেতিয়াও থমকি নৰয়।
15/04/2026
অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাঁচিলো।
13/04/2026
UPPLৰ একাংশ নেতা, পালিনেতা আৰু IT Cell য়ে এবিএমছু আৰু মোৰ ব্যক্তিগত জীৱনক লৈ সামাজিক মাধ্যমত চলাই থকা অপপ্ৰচাৰ আৰু ব্যক্তিগত আক্ৰমণৰ প্ৰসংগত কিছু ক'বলগীয়া কথা আজি নিশা ৯ বজাত ফেচবুক লাইভত কম। সকলোৱে সংযুক্ত হ'ব বুলি আশাবাদী।