AIYF - Assam State Council

AIYF - Assam State Council

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AIYF - Assam State Council, Political organisation, Rajgarh Road, Guwahati- 781003, Gauhati.

05/08/2022
Photos from AIYF - Assam State Council's post 08/07/2021
Photos from AIYF - Assam State Council's post 01/07/2021

আইনী যুঁজত কৃষক নেতা জনক জয়ী কৰোৱা অধিবক্তা শ্ৰদ্ধাৰ শান্তনু বৰঠাকুৰ ডাঙৰীয়া, নিখিল ভাৰত যুৱ ফেডাৰেছন (AIYF) অসম ৰাজ্যিক পৰিষদৰ সভাপতি, অধিবক্তা কমৰেড্ কৃষ্ণ গগৈ ও সহযোগী প্ৰতিজন সন্মানীয় অধিবক্তালৈ লাল চালাম ✊🏻

01/05/2021

ঊনবিংশ শতিকাৰ আৰম্ভণিতে বিশেষকৈ আমেৰিকা আৰু ইউৰোপত কল-কাৰখানাত কাম কৰা শ্ৰমিকসকলৰ কামৰ ঘণ্টাৰ কোনো নিৰ্ধাৰণ থকা, নিৰাপত্তা, উপযুক্ত বাসস্থান, মজুৰি আদি সমস্যাৰে ভাৰাক্ৰান্ত শ্ৰমিকসকলে দুৰ্বিসহ জীৱন যাপন কৰিব লগা হৈছিল। ফলত শ্ৰমিকসকলে এই সমস্যা সমূহ সমাধানৰ কাৰণে ট্ৰেড ইউনিয়ন সংগঠন গঢ়ি তুলিছিল। সেই শতিকাৰ মাজভাগৰ পৰাই 'Knights of Labour', 'American Federation of Lobour' আৰু অন্যান্য শিল্প কেন্দ্ৰসমূহৰ সন্মিলনত ১৮৮৬ চনৰ ১ মে'ৰ পৰা ৮ ঘণ্টা কামৰ সময় ঘোষণা কৰে আৰু সেই দিনা সকলো শিল্প কেন্দ্ৰত ধৰ্মঘট পালন কৰে। চিকাগোৰ প্ৰধান ৰেলৱে জংচনত আৰু শিল্প কেন্দ্ৰসমূহৰ প্ৰায় ৪০,০০০ শ্ৰমিকে ধৰ্মঘট পালন কৰি মেচিগান এভিনিউত সমবেত হয়। এই সমাবেশত শ্ৰমিক নেতা Albert Parsons, August Spies, Samuel Fieldo, Michael Schwad য়ে ভাষণ দিয়ে। ইয়াৰ পাছতো আৰু দুদিন ধৰ্মঘট চলি থাকে। ৩ মে'ত NCCORMICK HARVESTING MACHINE COMPANY লকআউট ঘোষণা কৰে। ইয়াৰ প্ৰতিবাদত কোম্পানীৰ গেটত শ্ৰমিক বিক্ষোভ সংগঠিত হয়। বিক্ষোভকাৰীৰ ওপৰত কোম্পানীৰ পুলিচে গুলী কৰি ৬ জন শ্ৰমিকক হত্যা কৰে আৰু ভালেকেইজন শ্ৰমিক আহত হয়।
৪ মে'ত ইয়াৰ প্ৰতিবাদত হে' মাৰ্কেটত শ্ৰমিক সমাবেশ অনুষ্ঠিত হয়। এই সমাবেশত পুলিচে গুলী চালনা কৰি বহু শ্ৰমিকক আহত কৰে। পিছদিনা শ্ৰমিক নেতাসকলক পুলিচে গ্ৰেপ্তাৰ কৰে। তেওঁলোক হৈছে --- Albert Parsons, August Spies, Samual Fieldo, Engene Scluab, Adolph Ficher, George Engal, Louis Lingg, Oscar Neebe।
এটা ভুৱা গোচৰ প্ৰক্ৰিয়াত সাতজন শ্ৰমিক নেতাক বিচাৰকে ফাঁচীৰ হুকুম দিয়ে আৰু Oscar Neebe-ক ১৫ বছৰ জেল দিয়ে। ছুপ্ৰিম ক'ৰ্টে Fieldo হুকুম ৰদ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। Louis Lingg নামৰ ২২ বছৰীয়া যুৱকৰ জেলৰ চেলৰ ভিতৰত মৃত্যু হয়। Albert Persons, August Spies, George Engal ক ১৮৮৭ চনৰ ১১ নবেম্বৰ তাৰিখে ফাঁচী দিয়া হয়। আমেৰিকাৰ শ্ৰমিকসকলে চিকাগোত এই বীৰ শ্বহীদ সকলৰ কবৰস্থানত এটা স্মৃতিসৌধ নিৰ্মাণ কৰে। এই বীৰ শ্বহীদ সকলৰ আত্ম বলিদান অথলে যোৱা নাই। শ্ৰমিকৰ দৈনিক কামৰ সময় আজি সমগ্ৰ বিশ্বই মানি লৈছে। বিশ্বৰ শ্ৰমিক শ্ৰেণীয়ে ১ মে' দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে, শ্ৰমিকৰ অধিকাৰ ৰক্ষাৰ সংকল্প দিৱস হিচাপে প্ৰতি বছৰে পালন কৰি আহিছে।
১৮৮৯ চনৰ পেৰিচত বহা দ্বিতীয় কমিউনিষ্ট আন্তৰ্জাতিক সন্মিলনে ১ মে' দিনটো শ্ৰমিক শ্ৰেণীৰ সংহতি দিৱস হিচাপে বিশ্বজোৰা শ্ৰমিক শ্ৰেণীয়ে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ভাৰতবৰ্ষত সৰ্বপ্ৰথম মে' দিৱস পালন কৰা হয় ১৯৩২ চনত শ্ৰমিক নেতা চিঙ্গাৰু ভেলু চেট্ৰিয়াৰৰ নেতৃত্বত মাদ্ৰাজত।
আমাৰ দেশত শ্ৰমিক শ্ৰেণী, কৃষক শ্ৰেণী নব্য উদাৰীকৰণ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে প্ৰতিবাদত ৰাজপথত আহিছে। কেন্দ্ৰীয় চৰকাৰে পুঁজিবাদী সংকটৰ বোজা শ্ৰমিক-কৃষক-মধ্যবিত্ত জনগণৰ ওপৰত জাপি দিছে। আনহাতে কৰ্প'ৰেট গোষ্ঠী, বৃহৎ ব্যৱসায়ী গোষ্ঠীক দেশৰ বাজেটত লাখ লাখ কোটি টকা কৰ ৰেহাই দিছে। দেশত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে যদিও চৰকাৰে নিয়োগ বন্ধৰ নীতি লৈছে। শ্ৰমিকৰ কামৰ ঘণ্টা বৃদ্ধি কৰিছে। শ্ৰমিকৰ অধিকাৰৰ ওপৰত আক্ৰমণ আহিছে। শ্ৰমিক আইন সমূহ মালিক শ্ৰেণীৰ স্বাৰ্থত সংশোধন কৰিব বিচাৰিছে। বেংক, জীৱন বীমা, কয়লাখনি বিক্ৰী বা বিদেশী কোম্পানীৰ বিনিয়োগ বৃদ্ধি কৰি , এই খণ্ডসমূহ কৰ্প'ৰেট গোষ্ঠীৰ লুণ্ঠনৰ পথ মুকলি কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে দেশৰ ২৬ টা জাতীয় ট্ৰেড ইউনিয়নে সন্মিলিতভাৱে সংগ্ৰামৰ পথত নামিছে। বেংক, জীৱন বীমা, ডাক-তাঁৰ বিভাগ বি.এছ.এন.এল.ৰ শ্ৰমিক-কৰ্মচাৰী, পৰিবহন শ্ৰমিকসকলে ধৰ্মঘট কৰিছে। শ্ৰমিক শ্ৰেণীয়ে ঐতিহাসিক ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিছে। কৃষকসমাজে তেওঁলোকৰ জীৱন জীৱিকাৰ মূল সম্বল ভূমি অধিকাৰ কাঢ়ি নি উদ্যোগপতি কৰ্প'ৰেট গোষ্ঠী, ভূ- মাফিয়াৰ হাতত তুলি দিয়া, কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিছে। ঐক্যবদ্ধ শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামে এটা নতুন মাত্ৰা প্ৰদান কৰিছে। শ্ৰমিক-কৃষকৰ ঐক্যবদ্ধ সংগ্ৰামৰ ভিত্তিত দেশৰ উন্নয়নৰ বিকল্প পথৰ সন্ধান কৰিব লাগিব।
নব্য উদাৰীকৰণ নীতি মানেই দেশৰ সম্পদত অবাধ লুণ্ঠন। লাভ-অতিলাভেই সৰ্ব্বস্ব। দেশী-বিদেশী কৰ্প'ৰেট খণ্ডই মাটি, পানী, বায়ু, জংঘল, খনি সকলোতে লুণ্ঠন চলাইছে। দেশত ধনী-দুখীয়াৰ পাৰ্থক্য বাঢ়িছে। পুঁজিবাদে দৰিদ্ৰতা নিৰ্মূল কৰিব নোৱাৰে, নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰে। সেয়ে দেশে ৯৯ শতাংশ জনগণৰ কল্যাণৰ বাবে বিকল্প অৰ্থনৈতিক সমৃদ্ধিৰ পথ ল'বই লাগিব। সেই পথ হৈছে সমাজতন্ত্ৰৰ পথ। ইতিহাসৰ চকৰি পাচলৈ যাব নোৱাৰে। আগলৈহে যাব। ই সমাজ প্ৰগতিৰ ঐতিহাসিক আৰু সাৰ্বজনীন পথ সেয়ে মে' দিৱস জিন্দাবাদ।

Photos from AIYF - Assam State Council's post 31/07/2020

বানপানী অসমৰ এক জলন্ত সমস্যা। অসমৰ ভেটিক টচনচ কৰা এই সমস্যাক কোনো এখন চৰকাৰেই ইয়াৰ স্থায়ী সমাধান নকৰিলে। কংগ্রেছে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈ পিছলৈ সুৰ সলনি কৰিলে, ঠিক সেইদৰে বিজেপিয়ে বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেয়া বাস্তৱত হৈ নুঠিল। আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিলে কিন্তু বান সমস্যা সমস্যা হৈয়ে ৰ'ল। কোনো এখন চৰকাৰেই ইয়াৰ স্থায়ী সমাধান নকৰিলে, কংগ্রেছ বিজেপিয়ে কেৱল মাথো মিছা প্ৰতিশ্ৰুতি দি ৰাজনীতিহে কৰি আহিছে কিন্তু আজিলৈ বান সমস্যা ৰাষ্ট্রীয় সমস্যা নহল। কংগ্রেছ বিজেপি অগপ কোনো এখন ৰাজ্য চৰকাৰেই অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে সমাধান কৰিবলৈ কেন্দ্ৰক সৈমান কৰাব নোৱাৰিলে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত যিদৰে গৰজিব লাগিছিলে তাৰ বিপৰীত ছবিহে আমি দেখিবলৈ পাইছো। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবলৈ আৰু অন্যান্য কিছু দাবীৰে গুৱাহাটীত নিখিল ভাৰত যুৱ ফেডাৰেচন-(AIYF) আৰু নিখিল ভাৰত ছাত্র ফেডাৰেচন-(AISF) ৰ প্ৰতিবাদ।
আমাৰ দাবীসমূহ-
# বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক।
# বানাক্ৰান্ত সকললৈ পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ প্রদান কৰক।
# নতুন শিক্ষানীতি বাতিল কৰক।
# EIA বাতিল কৰক।
# অখিল গগৈ সহ কা বিৰোধী আন্দোলনৰ সকলো কাৰাবন্দীক মুক্তি দিয়ক।
অসমৰ বান সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে সমাধান কৰিবই লাগিব। এই সমস্যাৰ সমাধান হবই লাগিব।।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Website

Address


Rajgarh Road, Guwahati- 781003
Gauhati