07/01/2021
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ অধীনত এটি স্বাস্থ্য পৰীক্ষকৰ দলে মাজুলী জিলাৰ ২০ টা পঞ্চায়তত মহিলা আৰু শিশুৰ বাবে আয়োজন কৰা শিবিৰসমূহ সফলতাৰে সম্পন্ন কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎকাৰ কৰি এখন বৈঠকত অংশগ্ৰহণ কৰে ।
পৰ্যালোচনামূলক বৈঠকখনৰ মাত্ৰ তিনি দিনৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীবাসীৰ স্বাস্থ্যসেৱাৰ অৰ্থে PG ডক্তৰ সকলৰ বাবে নদীদ্বীপটোত ৯০ দিনীয়া বাধ্যতামূলক চিকিৎসাসেৱাৰ পদক্ষেপৰ কথা ঘোষণা কৰে।
ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া।
27/12/2020
অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে মাজুলীত অনুস্থিত 'মহিলাৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰ' শীৰ্ষক অনুস্থানৰ সফল সামৰণি হ'ল। প্ৰায় এসপ্তাহ জোৰা এই অনুস্থানত অঞ্চলটোৰ মহিলা আৰু কণমানি শিশুসকলে অতি উৎসাহেৰে দলেবলে যোগদান কৰে। স্বাস্থ্য পৰীক্ষাৰ উপৰিও অনুস্থানটিৰ জৰিয়তে স্কুলীয়া কণমানি শিশুসকলৰ মাজত যোগাভ্যাস আৰু সুস্বাস্থ্যৰ বাৱে সজাগতা বৃদ্ধি আদি বিষয়ত বিভিন্ন কাৰ্যসূচি ৰূপায়ণ কৰা হ'য়।
মাজুলীৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত যোগাভ্যাসৰ অনুশীলন পৰিদৰ্শন কৰাৰ বাবে শ্ৰীযুত পিঙ্কি হাজৰিকা বাইদেউ কৃতজ্ঞতাৰ পাত্ৰ। মাজুলীৰ মুঠ ২০টা পঞ্চায়তত স্বাস্থ্য শিবিৰসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সক্ৰিয়ভাৱে সহায়ৰ হাত আগবঢ়োৱা স্বাস্থ্য পৰীক্ষকৰ দলটোৰ সমূহ সদস্যক অসম সমাজ কল্যাণ পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ । দলটোৰ সদস্যসমূহ হ'ল: ড৹ নিতম ডেকা, ড৹ পল্লৱী ঠাকুৰীয়া, ড৹ কঙ্কনা কলিতা, ড৹ পল্লৱী বৰা, ড৹ জয়শ্ৰী হাজৰিকা, ড৹ ৰাহুল শইকীয়া, ড৹ কৌশিক বৰা, ড৹ পামী শৰ্মা আৰু ড৹ পৰাগ শৰ্মা।
অনুস্থানটো সুকলমে চলাই নিয়াত অতি সক্ৰিয়ভাৱে সহায় আৰু সমৰ্থন আগবঢ়োৱা মাজুলী জিলাৰ উপায়ুক্ত শ্ৰীযুত বিক্ৰম কৈৰী IAS ধন্যবাদৰ পাত্ৰ। মাজুলী জিলাৰ ৰাইজে অতি মৰম আৰু স্নেহেৰে লোৱাৰ বাবে আমি অতি কৃতজ্ঞ আৰু আনন্দিত। এই অনুস্থানৰ ব্যাপক সাফল্যৰ আঁৰত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ।
Sarbananda Sonowal
District Administration Majuli
26/12/2020
মাজুলী জিলাৰ বনগাওঁ, দক্ষিণপাট গাওঁ পঞ্চায়ত আদিকে কৰি বিভিন্ন গাওঁ পঞ্চায়তত অনুস্থিত হোৱা 'মহিলাসকলৰ বাৱে বিনামূলীয়া স্বাস্থ্য শিবিৰ''ৰ কিছু দৃশ্যাৱলী। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশনা অনুসৰি আৰু অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ উদ্যোগত অনুস্থিত হোৱা এই স্বাস্থ্য শিবিৰত মাজুলীবাসী ৰাইজে আৰু বিশেষকৈ মহিলাসকলে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে।
Sarbananda Sonowal
24/12/2020
মাজুলী জিলাত অনুস্থিত হোৱা "নাৰীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা" শীৰ্ষক অনুস্থানৰ কিছু দৃশ্যাংস। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অনুস্থিত এই স্বাস্থ্য সেৱা অনুষ্ঠানটিয়ে মাজুলীৰ ২০টা পঞ্চায়ত সামৰি ল'ব।
যোৱা তিনিদিন ধৰি এই অনুস্থানত মাজুলীৰ ৰাইজে আগবঢ়োৱা উৎসাহপূৰ্ণ অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Sarbananda Sonowal
23/12/2020
অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদে মাজুলী জিলাৰ ২০ খন পঞ্চায়ত সাঙুৰি বিভিন্ন অঞ্চলত "নাৰীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা" শীৰ্ষক এটি অনুস্থানৰ আয়োজন কৰিছে।
এই অনুষ্ঠানৰ দ্বিতীয় দিনৰ কিছু দৃশ্যাৱলী।
Sarbananda Sonowal
21/12/2020
অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদে মাজুলী জিলাৰ ২০ খন পঞ্চায়ত সাঙুৰি বিভিন্ন অঞ্চলত "মহিলাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা" শীৰ্ষক এটি অনুস্থানৰ আয়োজন কৰিছে। ডক্তৰ, স্বাস্থ্যকৰ্মী আৰু পৰিষদৰ সদস্যসকলক ধৰি প্ৰায় ২০ জনীয়া সদস্যৰ এটি দলে অঞ্চলটোৰ মহিলা আৰু শিশুসকলৰ স্বাস্থ্য পৰীক্ষা সম্পৰ্কীয় এই অনুস্থানটোত অংশগ্ৰহণ কৰিব। অনুস্থানটো সুকলমে চলাই নিয়াৰ উদ্দেশ্যে পৰিষদৰ অধ্যক্ষা শ্ৰীমতী কৃষ্ণা দাস বাইদেউৱে আজি মাজুলীৰ উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰি বিতংভাৱে আলোচনা কৰে। তদুপৰি অঞ্চলটোৰ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলৰ লগত তেখেতে অনুস্থানটো সুচাৰুৰূপে চলাই নিয়াৰ বাবে এক আলোচনাত মিলিত হ'য়।
Sarbananda Sonowal
24/10/2020
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
আশা কৰিছো দেৱী মা দুৰ্গাই জীৱনৰ সকলো দুখ নাশ কৰি, জীৱন সৰ্বাংগ সুন্দৰ আৰু মধুময় কৰি তোলক।
17/10/2020
বাপতিসাহোন কাতি বিহু উপলক্ষে অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা আপোনালোক আটাইৰে পৰিয়ালবৰ্গলৈ যাচিছোঁ হিয়া ভৰা ওলগ।
12/10/2020
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ দ্বাৰা প্ৰকাশিত এটি বিজ্ঞপ্তি।
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ সাহায্য অনুদানৰ অধীনত সজাগতা সৃষ্টি প্ৰকল্পৰ (Awareness Generation Project Scheme:AGP ) ৰ বাবে ৰাজ্যৰ পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী সংস্থাসমূহৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে ।অধিক তথ্যৰ বাবেআৰু সবিশেষ জানিবলৈ তলৰ নম্বৰটোত যোগাযোগ কৰক:
0361-3510832
(Time: 11AM to 4PM, Monday-Friday)
12/10/2020
সদ্যহতে অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ কাৰ্যালয়ত অনুস্থিত হৈ যোৱা অনুস্থানৰ দৃশ্যাৱলী। এই অনুস্থানত পৰিষদৰ দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত অধ্যক্ষা Krishna Das বাইদেউক সম্বৰ্ধনা জ্ঞাপন কৰা হ'য়। লগতে, পৰিষদৰ পৰা সদ্যহতে সফলতাৰে Internship সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ'য় ।
অনুস্থানটোত বিশিষ্ট অতিথি হিচাপে ৰানীমা বৰঠাকুৰ বাইদেউ আৰু পিংকি হাজৰিকা বাইদেউ উপস্থিত থাকে।