10/07/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭৭তম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে অ.ভা.বি.প. গুৱাহাটী মহানগৰ তৰফৰ পৰা মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্প ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিদ্যাৰ্থী দিৱস পালন কৰা হয়। বিদ্যাৰ্থী পৰিষদে মহানগৰৰ চাৰি শতাধিক শিক্ষানুষ্ঠানৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ শীৰ্ষ ৫ স্থানত থকা প্ৰায় ১২১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক পদ্মশ্ৰী বিৰুবালা ৰাভা সন্মানৰে "কৃতি বিদ্যাৰ্থী বঁটা' প্ৰদান কৰা হয় । লগতে বিভিন্ন সামাজিক ক্ষেত্ৰত এক নিদৰ্শন ৰূপে থিয় দিয়া ৭ গৰাকী বিশিষ্ট যুৱ-ব্যক্তিত্ব ক্ৰমে যুৱ অভিনেতা কলম লোচন, যুৱ সাংবাদিক ডাবু নাৰায়ন কোঁৱৰ, যুৱ অভিনেতা বৈভবী গোস্বামী , কৌশিক ভৰদ্বাজ , যুৱ কণ্ঠ শিল্পী বিশ্ৰুত শইকীয়া, যুৱ উদ্যোগী জয়ত্ৰী শৰ্মা, যুৱ ইউটিউবাৰ হৰপাল শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক শ্ৰী বশিষ্ঠ বুজৰবৰুৱা , অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক শ্ৰী গোবিন্দ নায়ক, অ.ভা.বি.প অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰী ৰিতামনি বৈশ্য, সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে এই অনুষ্ঠানটোৰ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বত বিশিষ্ট সমাজসেৱক গণেশ তামূলী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি হিচাপে জেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰীয়া
18/05/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা"মহাবীৰ লাচিত কাপ" আন্ত মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ খেল খনি ইং ১১ মে' ২০২৫ তাৰিখে সফল পৰিসমাপ্তি ঘটে।
প্ৰায় তিনি শতাধিক শিক্ষানুষ্ঠানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে , সৰ্বশ্ৰেষ্ঠ দল হিচাপে উপেন্দ্ৰনাথ ব্ৰহ্ম মহাবিদ্যালয়ে (কোকৰাঝাৰ)জয় লাভ কৰে আৰু দ্বিতীয় সৰ্বশ্ৰেষ্ঠ দল হিচাপে দিছপুৰ মহাবিদ্যালয়ে(গুৱাহাটী) জয় লাভ কৰে।
30/04/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰৰ উদ্যোগত প্ৰতিমাহে অনুষ্ঠিত হৈ থকা "পি. বি. আচাৰ্য অধ্যয়ন চক্ৰৰ"ৰ আজি দ্বিতীয় সংস্কৰণ আজি গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হয়।
"কাশ্মীৰত শেহতীয়া সন্ত্ৰাসবাদ আৰু বিশ্ব ৰাজনীতি" শীৰ্ষক বিষয়ত অনুষ্ঠিত হোৱা এই অধ্যয়ন চক্ৰত বিশেষ ভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰ সভাপতি ড° উৎপল শৰ্মা উপস্থিত থাকে।
18/11/2024
ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক,লংকা হোজাই
১৬ আৰু ১৭ নৱেম্বৰ ২০২৪
13/11/2024
আজি ABVP গুৱাহাটী বিশ্ববিদ্যালয় গোট ২৪-২৫ বৰ্ষ গঠন কৰা হয়।
বিশেষ ভাৱে উপস্থিত থাকে ৰাজ্যিক সম্পাদক হেৰল্ড মহন।
আটাইলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
13/11/2024
লাচিত দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী স্থিত বিৰুবাৰী শংকৰদেৱ বিদ্যা নিকেতনত ABVP গুৱাহাটী মহানগৰৰ তৰফৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কিছু দৃশ্যাংশ।
ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)
12/11/2024
আজি ABVP বি.বৰুৱা মহাবিদ্যালয় গোট গঠন কৰা হয়।
দায়িত্বপ্ৰাপ্ত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ABVP Assam
Akhil Bharatiya Vidyarthi Parishad (ABVP)
01/11/2024
ABVP KCDCC UNIT ৰ তৰফৰ পৰা দিপাৱলী উদযাপন কৰাৰ কিছু দৃশ্যাংশ।
31/10/2024
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ কাৰ্য্যকৰ্তা সকলৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ চৌহদত বন্তি প্রজ্বলন কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ মাজত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত কৰি দিপাৱলী উৎসৱ উদযাপন কৰা হয়।