BJP Assam Pradesh

BJP Assam Pradesh

Share

Official page of BJP Assam Pradesh. BJP Assam State

01/06/2026

আমাৰ সংকল্প — ৰাষ্ট্ৰহিত সৰ্বোপৰি! 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত দেশবাসীয়ে জনঅংশগ্ৰহণৰ আন এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

বৈদেশিক মুদ্ৰা সঞ্চয়ৰ সংকল্পৰে নাগৰিকসকলে সোণ ক্ৰয় হ্ৰাস কৰি দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছে।ইয়াৰ ফলস্বৰূপে, ঘৰুৱা সোণৰ চাহিদাত প্ৰায় ৭০% পৰ্যন্ত হ্ৰাস দেখা গৈছে।

আহক, আমাৰ সৰু সৰু প্ৰচেষ্টা আৰু দায়িত্বশীল অংশগ্ৰহণেৰে ভাৰতক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলোঁ!

Photos from BJP Assam Pradesh's post 01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া সহিতে দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকে।

উল্লেখ্য যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা মণ্ডল তথা বুথ স্তৰলৈকে নিৱাসী প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব।

01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।

31/05/2026

২০১৪ৰ পৰা ২০২৬লৈ পৰিৱৰ্তিত ভাৰতৰ কাহিনী!

ভাৰত সঁচাকৈয়ে সলনি হ’ব পাৰেনে? বহুতৰ মনত থকা এই দোমোজালিৰ মাজতে ভাৰত আগবাঢ়িছে বিকাশৰ ক্ষীপ্ৰ গতিত। তাহানিৰ ভগ্ন-প্ৰায় পথ, বিদ্যুৎ সংকট আৰু বিশ্বৰ ১১ সংখ্যক অৰ্থনীতিৰ পৰা চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ আগবাঢ়ি ভাৰতে আজি বিশ্বৰ মঞ্চত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

যোৱা ১২বছৰত তলত উল্লেখ কৰাৰ ধৰনে দেশে বহু ডাঙৰ পৰিৱৰ্তনৰ সাক্ষী হৈছে—

📌 ডিজিটেল আৰু মহাকাশ বিপ্লৱ।

📌 দ্ৰুত গতিৰ আন্তঃগাঁথনি উন্নয়ন।

📌 দৰিদ্ৰ কল্যাণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব।

এয়া কেৱল পৰিৱৰ্তন নহয়, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিকশিত ভাৰতৰ ক্ৰমবৰ্দ্ধমান আত্মবিশ্বাসৰ একো একোটা অনুপ্ৰেৰণাদায়ক কাহিনী।

31/05/2026

ভাৰতৰ পৰা হেৰাই যোৱা ঐতিহ্য যেতিয়া পুনৰ স্বদেশলৈ উভতি আহিল, তেতিয়া প্ৰতিজন ভাৰতীয়ৰ হৃদয় গৌৰৱেৰে ভৰি উঠিল... 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেদাৰলেণ্ড ভ্ৰমণকালত দেশখনে চৌল সাম্ৰাজ্যৰ যুগৰ সেই দুৰ্লভ তাম্ৰ ফলকসমূহ ভাৰতক পুনৰ ঘূৰাই দিয়াৰ সেই ঐতিহাসিক মুহূৰ্তৰ বিষয়ে শুনো আহকচোন।

31/05/2026

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেজপুৰ বিভাগৰ পূৰ্বৰ মাননীয় সংঘচালক শৰৎচন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিৰ খবৰে আমাক মৰ্মাহত কৰিছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।

31/05/2026

ৰাভা জনগোষ্ঠীয় ৰাইজৰ অন্যতম কৃষিভিত্তিক উৎসৱ বায়খো পূজাৰ এই পৱিত্ৰ ক্ষণত সমূহ ৰাভা ভাই-ভনীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বায়খো পূজাই আমাৰ সমাজৰ সকলো অপায়-অমংগল নাশ কৰক, তাৰেই প্ৰাৰ্থনা জনাইছোঁ।

31/05/2026

জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব...

30/05/2026

২০১৯ চনৰ আজিৰ এই দিনটোতেই প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰি “নতুন ভাৰত”ৰ সংকল্পক নতুন গতি প্ৰদান কৰিছিল।

২০১৪ চনত বিকশিত ভাৰতৰ গতিপথ আৰম্ভ হোৱা এই যাত্ৰাই আজি ডিজিটেল পেমেণ্ট, ছেমিকণ্ডাক্টৰ, সেউজ শক্তি, প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰতা আৰু মহাকাশ খণ্ডত নতুন নতুন উচ্চতা স্পৰ্শ কৰিছে।

এয়া কেৱল এখন চৰকাৰৰ সাফল্যৰ কাহিনী নহয়, বৰঞ্চ ১৪০ কোটি ভাৰতীয়ৰ সপোন আৰু বিশ্বাসৰ উন্নয়নৰ গাথা।

সংকল্পৰ পৰা সিদ্ধিলৈ, আত্মনিৰ্ভৰ ভাৰতৰ পৰা বিকশিত ভাৰতলৈ, নিৰন্তৰ আগবাঢ়ি আছে নতুন ভাৰত। 📈🇮🇳

Photos from BJP Assam Pradesh's post 30/05/2026

আজি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাক্ষাৎ কৰে। সাক্ষাতকালত অসমত এন ডি এ ৩.০ চৰকাৰৰ উন্নয়নৰ নতুন গতিৰ বিষয়ে যশস্বী প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Address


Atal Bihari Vajpayee Bhawan, Basistha Chariali
Gauhati
781029