10/07/2025
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটে বিগত বৰ্ষৰ দৰে এইবাৰো গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ প্ৰবেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ - ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যালয়ৰ চৌহদত ই ৰিক্সা প্ৰদান কৰা হৈছে , এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ - ছাত্ৰী সকলৰ জালুকবাৰী গেটৰ পৰা , সাত মাইল গেটৰ পৰা পৰীক্ষাৰ চেণ্টাৰ সমূহলৈ যাবলৈ যথেষ্ট সুবিধা হৈছে।
02/07/2025
প্ৰৱেশিকা ১.০ ৰ শুভাৰম্ভণি। বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে আজিৰ শ্ৰেণীটোত (সংস্কৃত) অংশগ্ৰহণ কৰে আৰু আমাৰ এই ক্ষুদ্ৰ চেষ্টাক উৎসাহিত কৰে। কালিলৈ পুনৰ আকৌ আপোনালোকক ল'গ পাম আন এটি বিভাগৰ আন এটা শ্ৰেণীত। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত আপুনি/ আপোনালোকে পঢ়াৰ সপোন সাৰ্থক হওক।
বিঃদ্ৰঃ- পৰবৰ্তী শ্ৰেণীবোৰ সকলোৰে জ্ঞাতাৰ্থে পুনৰাই আগবঢ়াই ৰাখিলোঁ ।
01/07/2025
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব বিচৰা ইচ্ছুক সকলৰ সহায়ক হোৱাকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ ক্ষুদ্ৰতম প্ৰয়াস।
Join your class with Zubeen Sultana, Teaching Associate and Research Scholar from the department of History, GU.
30/06/2025
গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক ক্ষুদ্ৰ প্ৰয়াস। আগন্তুক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশ পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ এই পদক্ষেপ আমি হাতত লৈছোঁ। ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।
বি:দ্ৰ:- পৰবৰ্তী সময়ত আন আন বিভাগ সমূহকো আমাৰ কাৰ্যসূচীত অৰ্ন্তভুক্ত কৰা হ'ব।
09/04/2024
মহামান্য উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ লগতে বিধি আৰু নিয়মাৱলীৰ স্থগিতাদেশ বিচাৰি আবেদন দাখিল কৰাৰ পাচত আজি উচ্চতম ন্যায়ালয়ত স্থগিতাদেশ সন্দৰ্ভত শুনানিত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সভাপতি দেবব্ৰত শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত এটা প্ৰতিনিধি দল উপস্থিত হয় দেশৰ সৰ্বোচ্চ ন্যায় মন্দিৰৰ বাকৰিত। এই যাত্ৰাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰবীন দাসেও অংশগ্ৰহণ কৰে। আমি আশাবাদী, দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে অসম আৰু অসমবাসীৰ পক্ষত নিজৰ ৰায়দান দিব।
20/06/2023
আমি কৰিম স্মৰণ গাম সাম্যৰ গান
আমাৰ মতাদৰ্শৰ নাম কমৰেড বিষ্ণু ৰাভা
কিয়নো
'বিপ্লৱ পথৰে যাত্ৰী আমি সৰ্বহাৰাৰ মুক্তিকামী ।'
08/05/2023
আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য্য মহোদয়ক বিশ্ববিদ্যালয়ৰ চৌহদত যোৱা কিছুদিন ধৰি সচৰাচৰ ঘটি থকা নিৰাপত্তা সম্পৰ্কীয় ঘটনা বোৰৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ- মুক্তি সংগ্ৰাম সমিতি, গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয় গোটৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্ববিদ্যালয় গোটৰ সভাপতি পাঞ্চল্য কাশ্যপ আৰু সাধাৰণ সম্পাদক জিষ্ণু ৰাভাই আৰু সহযোগ কৰে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, কেন্দ্ৰীয় শিক্ষা সম্পাদক আৰচদ আলি, বিশ্ববিদ্যালয় গোটৰ উপদেষ্টা প্ৰাজ্ঞ লোচন দত্ত আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটৰ উপদেষ্টা ৰুহুল আহমেদে।
27/07/2022
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ আইন পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আয়োজিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত বিশ্ববিদ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটৰ যৌথ উদ্যোগত সহায়ক কক্ষ ।
25/06/2022
গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ উদ্দেশ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সতীৰ্থসকলৰ যোগাযোগ নম্বৰ-
19/06/2022
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আয়োজিত প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ।