BJP Golaghat District

Website

BJP Golaghat District This is an Official page of BJP, Golaghat District.

12/11/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত 'দীপাৱলী মিলন' অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ...

📍নাৰী শক্তিৰ নেতৃত্বত সংগঠনৰ নতুন দিগন্তৰ দিশে...আজি গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহি...
12/11/2026

📍নাৰী শক্তিৰ নেতৃত্বত সংগঠনৰ নতুন দিগন্তৰ দিশে...

আজি গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ নৱনিযুক্ত সভানেত্ৰী সন্মানীয়া শ্ৰীমতী পূৰৱী ৰয় ডাঙৰীয়ানীক উষ্ম আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়।

এই বিশেষ আদৰণি অনুষ্ঠানত উপস্থিত থাকে জিলা সভাপতি শ্ৰীযুত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী, দেৰগাঁও সমষ্টিৰ বিধায়ক ড° মৃদুল দত্ত ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, ৰাজ্যিক সম্পাদিকা শ্ৰীমতী বিস্মিতা গগৈ ডাঙৰীয়ানী, মহিলা মৰ্চাৰ জিলা সভানেত্ৰী শ্ৰীমতী লিপিকা বৰা ডাঙৰীয়ানী প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু মহিলা মৰ্চাৰ কৰ্মকৰ্তাসকল।

সভানেত্ৰী শ্ৰীমতী পূৰৱী ৰয় ডাঙৰীয়ানীৰ মাৰ্গদৰ্শনমূলক বক্তব্যই উপস্থিত মহিলা মৰ্চাৰ কাৰ্যকৰ্তাসকলৰ মাজত নতুন উদ্যম, আত্মবিশ্বাস আৰু সাংগঠনিক দায়বদ্ধতাৰ সঞ্চাৰ কৰে।

নাৰী শক্তিৰ সক্ৰিয় অংশগ্ৰহণ, দৃঢ় নেতৃত্ব আৰু
কৰ্মনিষ্ঠাই সংগঠনক অধিক শক্তিশালী কৰে। তেখেতৰ অভিজ্ঞতা আৰু সবল নেতৃত্বত অসম প্ৰদেশ মহিলা মৰ্চাই অনাগত দিনত সাংগঠনিক ক্ষেত্ৰত নতুন উচ্চতা স্পৰ্শ কৰিব বুলি আমি আশাবাদী।
Himanta Biswa Sarma
Dilip Saikia
Purabee Roy
Chandra Jyoti Thakur
Ajanta Neog
Biswajit Phukan
Mridul Dutta
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি, গোলাঘাট জিলাৰ নৱনিযুক্ত জিলা প্ৰভাৰী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াক উষ্ম আদৰণি জনোৱাৰ লগতে এখন বিশ...
10/11/2026

ভাৰতীয় জনতা পাৰ্টি, গোলাঘাট জিলাৰ নৱনিযুক্ত জিলা প্ৰভাৰী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াক উষ্ম আদৰণি জনোৱাৰ লগতে এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়।

জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মৃদুল কুমাৰ দত্ত ডাঙৰীয়া, ৰাজ্যিক সম্পাদিকা শ্ৰীমতী বিষমিতা গগৈ ডাঙৰীয়াণী, ৰাজ্যিক সদস্য ক্ৰমে শ্ৰীযুত অনিমেষ শইকীয়া, শ্ৰীযুত পৰীক্ষিত শইকীয়া, শ্ৰীযুত যতীন বৰা, শ্ৰীযুত দাদু টাই আৰু শ্ৰীযুত হৰেণ ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী পূৰ্ণিমা দাস ডাঙৰীয়াণী, প্ৰাক্তন হোজাই জিলা সভাপতি তথা কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰবুদ্ধ সন্মিলনৰ প্ৰভাৰী শ্ৰীযুত অনুপ দেৱ ডাঙৰীয়াৰ লগতে জিলাৰ বিভিন্ন পৰ্যায়ৰ দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

সভাত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰা, আগন্তুক দিনৰ কাৰ্যপন্থা, দলীয় কাৰ্যসূচীৰ সফল ৰূপায়ণ আৰু সাংগঠনিক দিশসমূহৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে উপস্থিত বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ মূল্যৱান মতামত, পৰামৰ্শ আৰু সাংগঠনিক অভিজ্ঞতা ব্যক্ত কৰে।

সংগঠনেই আমাৰ শক্তি, কাৰ্যকৰ্তাই আমাৰ গৌৰৱ। ঐক্য, নিষ্ঠা আৰু সমূহীয়া প্ৰচেষ্টাৰে সংগঠনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আমি সংকল্পবদ্ধ।

Himanta Biswa Sarma
Dilip Saikia
Chandra Jyoti Thakur
Topon Kumar Gogoi
BJP Assam Pradesh

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা।     ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বা...
06/11/2026

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা।
ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আকৰ্ষণীয় পুৰস্কাৰ লাভৰো সুযোগ আছে।
BJP Assam Pradesh

🎶 🎵 অসমীয়া জাতিৰ স্বাভিমান, বিশ্বৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টি আৰু ...
05/11/2026

🎶 🎵 অসমীয়া জাতিৰ স্বাভিমান, বিশ্বৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ, ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টি আৰু সাধনাই অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিক বিশ্বৰ বুকুত এক সুকীয়া পৰিচয় প্ৰদান কৰিছে।

তেখেতৰ কণ্ঠৰ সুৰত প্ৰতিধ্বনিত হৈছিল অসমৰ মাটি, মানুহ, সমাজ আৰু জীৱনৰ কথা। তেখেতৰ গীতত আছিল শোষিত-বঞ্চিতৰ কণ্ঠস্বৰ, মানৱতাৰ আহ্বান আৰু জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত মানৱীয় প্ৰমূল্যবোধৰ বাৰ্তা।

সময়ৰ সোঁতত বহু কথা হেৰাই যায়, কিন্তু সুধাকণ্ঠৰ সুৰ, সৃষ্টি আৰু আদৰ্শ কেতিয়াও হেৰাই নাযায়। প্ৰজন্মৰ পিছত প্ৰজন্মলৈ তেখেতৰ অৱদান হৈ থাকিব এক অমূল্য সম্পদ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ পঞ্চদশ মৃত্যু বাৰ্ষিকীত তেখেতৰ পৱিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

🙏 সুধাকণ্ঠ অমৰ হওক, তেখেতৰ সৃষ্টি যুগমীয়া হওক। 🙏

Himanta Biswa Sarma
Dilip Saikia
Chandra Jyoti Thakur
BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ নৱনিযুক্ত জিলা প্ৰভাৰী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু হিয়াভৰা উ...
01/11/2026

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ নৱনিযুক্ত জিলা প্ৰভাৰী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু হিয়াভৰা উষ্ম আদৰণি জনাইছোঁ।

তেখেতৰ অভিজ্ঞতা,নিষ্ঠা আৰু সাংগঠনিক দক্ষতাই জিলাখনৰ দলীয় কাৰ্যকলাপক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। তেখেতৰ সান্নিধ্য আৰু পৰামৰ্শ ই প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি বিশ্বাসী।

নতুন দায়িত্বৰ বাবে তেখেতলৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ সুস্বাস্থ্য আৰু কৰ্মময় জীৱনৰ সফলতা কামনা কৰিলোঁ।
Dilip Saikia
Ravindra Raju
Chandra Jyoti Thakur
Topon Kumar Gogoi
BJP Assam Pradesh

01/11/2026

হিমাচল প্ৰদেশৰ চিমলাত 'গণতন্ত্ৰ বচাও অৰাজকতা হটাও' কাৰ্যসূচীত অংশ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

“গণতন্ত্ৰ বচাও, অৰাজকতা হটাও” শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ...
31/10/2026

“গণতন্ত্ৰ বচাও, অৰাজকতা হটাও” শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এক বিশাল পদযাত্ৰা।

এই কাৰ্যসূচীত প্ৰায় ১০ হাজাৰৰো অধিক ৰাইজৰ অংশগ্ৰহণেৰে গোলাঘাটৰ ৰাজপথত এক বৃহৎ জনসমাগম পৰিলক্ষিত হয়। কংগ্ৰেছ, বাওঁপন্থী আৰু অন্যান্য অপশক্তিৰ বিৰুদ্ধে ৰাইজে নিজৰ গণতান্ত্ৰিক মতামত প্ৰকাশ কৰে।

আজিৰ এই কাৰ্যসূচীয়ে গোলাঘাটৰ ৰাইজৰ ঐক্যবদ্ধ অংশগ্ৰহণ আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰিলে।

আমি উন্নয়নৰ পক্ষত, আমি গণতন্ত্ৰৰ পক্ষত, আমি এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতৰ পক্ষত।
Himanta Biswa Sarma
Dilip Saikia
Chandra Jyoti Thakur
BJP Assam Pradesh

📢 বিশেষ আহ্বান“গণতন্ত্ৰ বচাও, অৰাজকতা হটাও” শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে অহা কাইলৈ, ৩১ অক্টোবৰ, ২০২৬ তাৰিখে গোলাঘাটৰ সমন...
30/10/2026

📢 বিশেষ আহ্বান

“গণতন্ত্ৰ বচাও, অৰাজকতা হটাও” শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে অহা কাইলৈ, ৩১ অক্টোবৰ, ২০২৬ তাৰিখে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত এক বিশাল পদযাত্ৰা অনুষ্ঠিত হ’ব।

উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি, গোলাঘাট জিলাৰ সমূহ সন্মানীয় কাৰ্যকৰ্তাৰ লগতে দলৰ সকলো স্তৰৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ সময়মতে উপস্থিতি আৰু সক্ৰিয় অংশগ্ৰহণ একান্তভাৱে কামনা কৰা হ'ল।

আহক, সকলোৱে একত্ৰিত হৈ এই কাৰ্যসূচী সফল কৰি তোলোঁ।

স্থান: সমন্বয় ক্ষেত্ৰ, গোলাঘাট
সময়ঃ ২ বজাত
তাৰিখ: ৩১ অক্টোবৰ, ২০২৬

🙏 ধন্যবাদ।

Address

Golaghat
785621

Alerts

Be the first to know and let us send you an email when BJP Golaghat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share