Janasanyog Kamrup Metro

Janasanyog Kamrup Metro

Share

This is the Official page of the Office of the DIPRO Kamrup Metropolitan

Photos from Kamrup Metropolitan District Administration's post 20/04/2026
08/04/2026

Public Notice

Election Commission of India
Chief Electoral Officer, Assam
District Election Officer Kamrup Metro
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

07/04/2026

কামৰূপ মহানগৰ জিলাত নিষেধাজ্ঞা জাৰি

সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৬৩ ধাৰা অনুসাৰে
শান্তি, সুৰক্ষা আৰু স্থিৰতা বজাই ৰাখি ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ স্বাৰ্থত কামৰূপ মহানগৰ জিলাত এই আদেশ জাৰি কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।
সেই অনুসাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই উল্লেখিত ধাৰাৰ অধীনত আইনপ্ৰদত্ত ক্ষমতা ব্যৱহাৰ কৰি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ স্বাৰ্থত জনসাধাৰণক শান্তি-শৃংখলা বজাই ৰাখি নিম্ন উল্লেখিত নিষেধাজ্ঞাসমূহ মানি চলিবলৈ এই আদেশ জাৰি কৰিছে
১) যিকোনো ৰাজহুৱা স্থান, বাট-পথ আদিত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ আৰু চলাচল নিষিদ্ধ । (ভোটদানৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ আশে-পাশে ব্যতিক্ৰম হ'ব পাৰে)।
২) ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ, সভা আৰু ৰেলী আদি নিষিদ্ধ।
৩) কোনো এটা সমষ্টিৰ বাহিৰৰ ৰাজনৈতিক ব্যক্তি, দলীয় কৰ্মী, নিৰ্বাচনী প্ৰচাৰক, যি সমষ্টিটোৰ ভোটাৰ নহয়, তেওঁলোকৰ উপস্থিতি নিষিদ্ধ।
৪) ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ যিকোনো যান-বাহনত লাউডস্পীকাৰৰ ব্যৱহাৰ নিষিদ্ধ।
৫) ভোটগ্ৰহণকেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰচাৰ কাৰ্যালয় বা বুথ স্থাপন সম্পূৰ্ণৰূপে নিষিদ্ধ।
এই আদেশ তৎকালীন পৰিস্থিতিৰ বাবে একপাক্ষিকভাৱে (ex-parte) জাৰি কৰা হৈছে।
এই আদেশ ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ ভোটগ্ৰহণ শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব।
এই আদেশ ভংগ কৰিলে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২২৩ ধাৰা অনুসাৰে শাস্তিযোগ্য হিচাপে বিবেচিত হ’ব।




Election Commission of India
Chief Electoral Officer, Assam
District Election Officer Kamrup Metro
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

07/04/2026

৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা আৰম্ভ 'নীৰৱতাৰ সময়'।

* ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ সকলো এলেকাতে ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা আৰম্ভ 'নীৰৱতাৰ সময়' ঘোষণা কৰা হৈছে।
* Representation of People Act, 1951-ৰ ধাৰা ১২৬ অনুসৰি প্ৰযোজ্য হোৱা এই সময় ভোটগ্ৰহণ সমাপ্তিৰ ৪৮ ঘণ্টা পূৰ্বে আৰম্ভ হয়।

নীৰৱতাৰ সময়ত নিষিদ্ধ কাৰ্যসমূহ:
১. জনসভা, মিছিল বা যিকোনো নিৰ্বাচনী প্ৰচাৰ।
২. ছপা, বৈদ্যুতিন অথবা সামাজিক মাধ্যমৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ বা প্ৰদৰ্শন।
৩. ফোন কল, বাৰ্তা, বাল্ক এছ.এম.এছ, সামাজিক মাধ্যমৰ পোষ্ট আদিৰ জৰিয়তে ভোট বিচৰা বা জনসমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা।
৪. ঘৰে ঘৰে গৈ ভোট বিচৰা বা ভোটাৰক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰা।

চলাচলত নিষেধাজ্ঞা:
* কোনো ৰাজনৈতিক কৰ্মী, ব্যক্তি, দলীয় বিষয়-ববীয়াই এটা সমষ্টিৰ পৰা আন এটা সমষ্টিত প্ৰবেশ কৰি নিৰ্বাচনৰ প্ৰচাৰ, সভা, বৈঠক আদি কৰিব নোৱাৰিব।
* কোনো এটা সমষ্টিৰ যিসকল লোক ভোটাৰ নহয়, তেওঁলোকক নীৰৱতাৰ সময় আৰম্ভ হোৱাৰ লগে লগে সমষ্টি ত্যাগ কৰিব লাগিব।
* নিৰ্বাচনত অৱতীৰ্ণ সকলো প্ৰাৰ্থী আৰু ৰাজনৈতিক দল তথা ভোটাৰ ৰাইজক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
* উলংঘনকাৰীৰ বিৰুদ্ধে আইন অনুসৰি ততালিকে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।




Election Commission of India
Chief Electoral Officer, Assam
District Election Officer Kamrup Metro
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

30/03/2026

চৰকাৰী বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় সামাজিক মাধ্যমত উত্থাপিত অভিযোগ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা নিৰ্বাচনী বিষয়াই ব্যৱস্থা গ্ৰহণ কৰে ।
DEO Kamrup(M) initiates action on the social media report of alleged electioneering in Govt School
Election Commission of India
Chief Electoral Officer, Assam
District Election Officer Kamrup Metro
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Guwahati
781036

Opening Hours

Monday 11am - 5pm
Tuesday 11am - 5pm
Wednesday 11am - 5pm
Thursday 11am - 5pm
Friday 11am - 5pm
Saturday 11am - 5pm