14/01/2022
ভোগালীৰ লটাৰী খেল
"জ্ঞান মঞ্জৰী" ১১ টা আত্ম সহায়ক গোটেৰে গঠিত হোৱা এটা আঞ্চলিক পৰ্যায়ৰ সংস্থা সমবায় সমিতি।
14/01/2022
ভোগালীৰ লটাৰী খেল
08/03/2021
আজি আন্তৰ্জাতিক নাৰী দিৱস উদ্যাপন কৰাৰ লগতে আমাৰ সদসা সকলে নিজহাতে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ এখন সুন্দৰ প্ৰদৰ্শনীও মুকলি কৰা হয়। লতাকটাৰ সূৰ্য্যেদয় যুৱসংঘৰ জিৰণী চ'ৰাত আজিৰ এই সুন্দৰ অনুষ্ঠানটিয়ে ৰাইজৰ বিপুল সহাৰি লাভ কৰিবলৈ সক্ষম হয়।
15/10/2020
আমাৰ সংস্থাৰ অন্তৰ্গত আঃসঃগোঃ ৰ সদস্যাসকলে এনেদৰে উৎপাদনমূলক কামত ব্যস্ত হৈ পৰিছে।
05/06/2020
সম্পূৰ্ণ দুটা মাহৰ বিৰতিৰ অন্তত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ প্ৰতিটো গোটৰ একোজনীকৈ প্ৰতিনিধি গণেশনগৰ নামঘৰত একত্ৰিত হও। স্বাস্থ্য বিভাগৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি সংস্থাৰ কিছু কাম কাজ কৰাৰ লগতে নামঘৰৰ বাকৰিত ফুল গছৰ পুলি ৰোপণ কৰো।
11/04/2020
জ্ঞান মঞ্জৰীৰ সদস্যাই এনেদৰে "মাস্ক" প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।
28/02/2020
আজি ২৮/২/২০২০ ইং তাৰিখে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আঞ্চলিক পৰ্যায়ৰ সংস্থা "জ্ঞান মঞ্জৰী"য়ে চলোৱা অভিযান।
12/02/2020
জ্ঞানমঞ্জৰী ৰ সকলো সদস্যা তথা শুভাকাংক্ষীলৈ শ্ৰদ্ধা- মৰমেৰে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
03/01/2020
১৯ ডিচেম্বৰ ,২০১৮ চনত আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা ১১টা আত্মসহায়ক গোটেৰে গঠিত জ্ঞানমঞ্জৰীয়ে সফলতাৰে এবছৰ সমপূৰ্ণ কৰিলে ।আজি ৩ জানুৱাৰী ,২০২০ ইং তাৰিখে দিনৰ ১১ বজাত লতাকটা শিৱ-দুৰ্গা মন্দিৰ প্ৰাঙ্গনত প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন অনুষ্ঠিত কৰাহয়।।
জ্ঞান মঞ্জৰীৰ শ্ৰদ্ধাৰ আৰু মৰমৰ সদস্যা সকললৈ আৰু শুভাকাংক্ষী সকললৈনৱবৰ্ষৰ হিয়া ভৰা শুভকামনা জনালো। পাৰ হৈ যোৱা বছৰটোৰ দৰে নতুন বছৰটোও যেন উৎসাহ , উদ্যম , আগ্ৰহ , সাহস আৰু একাগ্ৰতাৰে আৰু এখোজ আগবাঢ়িব পাৰো তাৰেই কামনাৰে------------সম্পাদিকা।
10/12/2019
আমাৰ "জ্ঞান মঞ্জৰী"ৰ সদস্যা এওঁলোক । চাদৰ-মেখেলা ববলৈ বাতি কাঢ়িছে। সুন্দৰ দৃশ্য।
29/11/2019
আজি ২৯/১১/১৯ ইং তাৰিখে জ্ঞান মঞ্জৰী আঞ্চলিক পৰ্য্যায়ৰ সংস্থা কো •অপা•লিমিটেড ৰ লগতে অান ১৩ টা এনেধৰণৰ আঞ্চলিক পৰ্য্যায়ৰ সংস্থা লগ হৈ এটা "নগৰীয়া পৰ্য্যায়ৰ সংস্থা"( CLF) গঠন কৰে NULM এ। প্ৰত্যেকটো সংস্থাৰ ২ গৰাকীকৈ প্ৰতিনিধি উপস্থিত থাকি সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে ভোটদান কৰি কাৰ্যকৰী সমিতিৰ সদস্যাসকলক নিৰ্বাচন কৰে।