Master Story

Master Story

Share

.....

18/05/2026

AIUDF সভাপতি তথা বিন্নাকান্দিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল চাহাব অসুস্থ।
মুম্বাইৰ জাচলক হস্পিটালত চিকিৎসাধীন আজমল।

04/05/2026

ভতিজা নিৰুদ্দেশ

বিন্নাকান্ধি

Photos from Master Story's post 25/04/2026

শিক্ষাৰ্থীৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে আজমল ফাউণ্ডেচনে সদায়েই বিভিন্ন গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।

আজি আজমল ল’ কলেজত সৰ্ব ভাৰতীয় পৰ্য্যায়ত “AJMAL DEBATE COMPETITION–2026” এক মনোমোহা তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাৰ বিষয় আছিল “অত্যাধিক কল্যাণমূলক আঁচনিয়ে উন্নয়নৰ পৰিবৰ্তে মানুহৰ মাজত নিৰ্ভৰশীলতাৰ সংস্কৃতি গঢ়ি তোলে”।

বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৪৬ গৰাকী শিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। তেওঁলোকে নিজৰ চিন্তা-ভাবনা স্পষ্টভাৱে উপস্থাপন কৰাৰ লগতে গঠনমূলক মতামত আগবঢ়াই অনুষ্ঠানখনক অধিক সমৃদ্ধ কৰি তোলে। বিচাৰক অসম স্কিল ডেভেলপমেণ্ট মিছনৰ স্কিল প্ৰজেক্ট মেনেজাৰ (ছ’চিয়েল ম’বিলাইজেচন আৰু কেপাচিটি বিল্ডিং) এম ডি পিংকু চৌধুৰী,ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দেৱৰাজ মিলি, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা উমি ডেকা বৰুৱা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শ্ৰী ৰবীন্দ্ৰ ৰথ ডাঙৰীয়াৰ অধ্যক্ষতাত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি
Best Team হিচাপে Gauhati University, 2nd Best Team হিচাপে Assam Royal Global University,
যৌথভাৱে 3rd Best Team হিচাপে B. Borooah College, Guwahati আৰু Cotton University,
আৰু Best Debater হিচাপে Tezpur Universityৰ এগৰাকী শিক্ষাৰ্থীয়ে সন্মান লাভ কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন এডভোকেট জেনেৰেল শ্ৰী ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই ডাঙৰীয়া।

ইয়াৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলাম, মহা প্ৰবন্ধক ড৹ এম আৰ এইচ আজাদ, আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ,আজমল ল’ কলেজৰ অধ্যক্ষ ড৹ আক্কাচ আলী আৰু অন্যান্য বিষয়া সকল উপস্থিত থাকে।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰা আৰু বিজয়ীসকললৈ আন্তৰিক শুভেচ্ছা জনোৱা হল ।

18/04/2026



17/04/2026

মানুহ এজনক সুধিলোঁ Love Marriage ভালনে Arrange Marriage ভাল,
তেওঁ ক'লে নিম পাত কেঁচা খালেও তিতা আৰু সিজাই খালেও তিতা।

17/04/2026

আজমল চাহাবৰ মহানুভৱতা

জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সমাজৰ সকলো মানুহক সহায় কৰি আহিছে আজমল চাহাবে।

15/04/2026

আজমল চাহাবৰ মহানুভৱতাৰ এক হৃদয় চুই যোৱা কাহিনী..

কেন্সাৰত আক্ৰান্ত হোজাই জিলাৰ যোগীজানৰ হাছিফা খানমৰ বাবে হুকহুকাই কান্দিলে মৌলানা বদৰুদ্দিন আজমলে ।
দোৰাৰোগ্য ৰোগ দেহত লৈয়ো মেট্ৰিকত ৬৯.৫০ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এইগৰাকী ছাত্ৰী।
সুদীৰ্ঘ ৭/৮ বছৰৰ পৰা আজমল ফাউণ্ডেচনে চিকিৎসা কৰাই আহিছে হাছিফাক। বৰ্তমান হাছিফাৰ চিকিৎসাৰ লগতে পঢ়াৰো সম্পূৰ্ণ খৰচ বহন কৰিব আজমল ফাউণ্ডেচনে।

Maulana Badruddin Ajmal
AJMAL FOUNDATION
Abdur Rehman Ajmal
Mohammed Sirajuddin Ajmal AIUDF
AJMAL CSR
AJMAL SUPER 40
Ajmal IAS Academy
Ajmal Law College

14/04/2026

HSLC ৰিজাল্ট দিলে, হোজাইৰ মৌলানাজনে কিন্তু দূখীয়া ছাত্ৰ -ছাত্ৰীক সহায় কৰাতো দূৰৰে কথা, এটা শুভেচ্ছা বাৰ্তাও নিদিলে। তেখেতে ডুবাইত থাকে হয়তো সময় পোৱা নাই শুভেচ্ছা বাৰ্তা দিবলৈ।

Photos from Master Story's post 13/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডবকাৰ ভেলৌগুৰীৰ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ ৯৫.৬৫ শতাংশ উত্তীৰ্ণৰে চমকপ্ৰদ ফলাফল৷

পিতৃহাৰা ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰিলে আজমল ফাউণ্ডেচনে,‌ আশ্বিয়াম আহমেদে ৯৫.১৭ শতাংশৰে হোজাই জিলাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়।

ক্ষেত্ৰখনত বিপ্লৱৰ সূচনা কৰি এটাৰ পিছত এটাকৈ সফলতাৰ শীৰ্ষত আগবাঢ়ি গৈছে আজমল। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত প্ৰতিখন বিদ্যালয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

বিশেষকৈ ডবকাৰ ভেলৌগুৰিৰ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা ৯৫.৬৫ শতাংশ উত্তীৰ্ণৰে ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰে। বিদ্যালয়খনৰ আশ্বিয়াম আহমেদে ৯৫ শতাংশ, মাহিয়ান আলমে ৯১ শতাংশ আৰু মবৰুল আলম ৯১ শতাংশ ফলাফলেৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। এনেদৰে সৰ্বমুঠ ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীয়ে চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আজমল পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনে৷

উল্লেখ্য যে ২০১৯ চনত আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মোহাম্মদ ছিৰাজুদ্দিন আজমলৰ তৎপৰতাত এইখন বিদ্যালয় স্থাপন কৰা হৈছিল৷ বিদ্যালয়খনৰ উদ্দেশ্য কেৱলমাত্ৰ অসহায় অনাথ শিশু যাৰ পিতৃ-মাতৃ নাই, তেনে শিশুক উন্নত শিক্ষা প্ৰদান কৰাই আছিল মূল লক্ষ্য আৰু উদ্দেশ্য। এই উদ্দেশ্যক সাৰোগত কৰি একেবাৰে সৰুৰে পৰা এই সকল মেধাৱী শিক্ষাৰ্থীক অতি উন্নতমানৰ শিক্ষা প্ৰদান কৰা হৈছিল।অকল ইমানেই নহয়, এই শিক্ষাৰ্থী সকলৰ পৰিয়ালতো আজমল ফাউণ্ডেচনৰ জৰিয়তে একোখনকৈ পকীঘৰ প্ৰদান কৰা হৈছিল।

যাৰ ফলত তেওঁলোকে আজি আকাশ চোৱাৰ সপোন দেখিব পাৰিছে। আগন্তুক দিনত তেওঁলোকক আজমল ছুপাৰ ৪০ত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি আজমল পৰিয়ালে জানিবলৈ দিয়ে৷আজমল মৰ্ডাণ ৰেচিডেনশ্বিয়েল স্কুলৰ এই অভূতপূৰ্ব সফলতাত উৎফুল্লিত হৈ পৰে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, মোহাম্মদ ছিৰাজুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম।

উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক উষ্ম অভিনন্দন জ্ঞাপন কৰে মৌলানা বদৰুদ্দিন আজমল, ছিৰাজুদ্দিন আজমল,আজমল ফাউণ্ডেচন সঞ্চালক ড° খচৰুল ইছলাম আৰু আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে।


Maulana Badruddin Ajmal
AJMAL FOUNDATION
Abdur Rehman Ajmal



13/04/2026

মৌলানা বদৰুদ্দিন আজমল চাহাবৰ মহানুৱতা।
ইছলাম নগৰৰ আছিয়াম আহমেদে জীৱনৰ কঠিন সময়ৰ মাজতো অসাধাৰণ সফলতা অৰ্জন কৰিছে। মাত্ৰ ত্ৰিশ দিন আগতে পিতৃহাৰা হোৱা সত্ত্বেও তেওঁ মেট্ৰিক পৰীক্ষাত ৯৫% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এই সফলতাৰ আঁৰত আছে তেওঁৰ অধ্যৱসায় আৰু দৃঢ় মনোবল।
তেওঁক সহায় আগবঢ়াইছিল আজমল ফাউণ্ডেচনে, যিয়ে বিনামূল্যে শিক্ষাৰ ব্যৱস্থা কৰি দিছিল। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰে যে সমাজত এনেকুৱা সংস্থা আছে, যিয়ে অসহায় ছাত্ৰ-ছাত্ৰীক আগবঢ়াই নিবলৈ সদায় চেষ্টা কৰি আছে। আজমল ফাউণ্ডেচনৰ এই উদ্যোগ সঁচাকৈয়ে মহানুভৱতাৰ এক উজ্জ্বল নিদৰ্শন !!

゚ ゚
All India United Democratic Front - AIUDF
Maulana Badruddin Ajmal
AJMAL FOUNDATION

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Address

Guwahati
782445