19/11/2023
কামৰূপ মহানগৰ অন্তৰ্গত দিছপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" CYSS ৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে, সাধাৰণ সম্পাদক পদত প্ৰতীম কলিতা, সহ সাধাৰণ সম্পাদক পদত স্নেহা হাজৰিকা, ক্ৰীড়া সম্পাদক পদত বিদিছা তালুকদাৰ ডাঙৰীয়ানীয়ে জয় লাভ কৰে, তেওঁলোক সকলোকে "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" (CYSS) অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।
CYSS Assam
CYSS National
29/08/2023
দেশ তথা দেশৰ নিৱনুৱা যুৱক সকলৰ স্বাৰ্থত ৰাষ্ট্ৰীয় ৰোজগাৰ নীতিক আইনত পৰিণত কৰাৰ উদ্দেশ্য আগত ৰাখি ২৭/০৮/২০২৩ তাৰিখ দেওবাৰে বৰপেটা জিলাত Desh ki baat foundation ৰ উদ্যোগত এখনি সভা অনুষ্ঠিত হয়। সভাখনিত ৰাইজক সম্বোধন কৰে Desh ki baat foundation ৰ সহঃ প্ৰতিস্থাপক তথা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাষ্ট্ৰীয় সভাপতি অনুৰাজেন্দ্ৰ নিগম ডাঙৰীয়াই।অনাগত দিনত আমি নিশ্চয় চৰকাৰী পক্ষক হেয় মনাই এই নীতিক আইনত পৰিণত কৰিবলৈ বাধ্য কৰাব পাৰিম।
CYSS National
28/04/2023
উন্নত শিক্ষা ব্যৱস্থাই হৈছে প্ৰগতিশীল দেশৰ মূল মন্ত্ৰ....
এই বাণীকেই আগত ৰাখি অসমৰ আঠটা ছাত্ৰ সংগঠন একত্ৰিত হৈ "শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ অসম" নামৰ এখন মঞ্চ তৈয়াৰ হৈছিল য'ত "আম আদমি পাৰ্টী" ৰ ভাতৃ সংগঠন CYSS অসমৰো সহযোগী হৈ আছে।
আজি সেই আঠটা সংগঠনৰ নেতৃত্বত লগতে CYSS ৰ সমূহ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত গুৱাহাটী চচলত "ছেবা ৰক্ষা সংকল্প" নামেৰে এক অৱস্থান ধৰ্মঘত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
CYSS National
CYSS ASSAM
14/04/2023
‘বিহু আনন্দীয়া বিহু বিনন্দীয়া বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান।’
সদৌ অসমবাসীক ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো।
05/02/2023
আজি আম আদমি পাৰ্টিৰ মুখ্য কাৰ্য্যালয়ত ছাত্ৰ যুৱ সংগ্ৰাম সমিতি আৰু আপ মহিলা শক্তিৰ উদ্যোগত চিলাৰায় দিৱস উদযাপন কৰা হয়,
বীৰ চিলাৰায়ৰ আদর্শ, অতুলনীয় ত্যাগ আৰু দেশপ্রেম প্রত্যেক অসমীয়াই যুগে যুগে স্মৰণ কৰি যাব।
CYSSAssam
CYSS National
23/01/2023
অভিনন্দন,
আজি হৈ যোৱা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি"( CYSS)ৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী কমল শৰ্মা ডাঙৰীয়া "ছাত্ৰ জিৰণি কোঠাৰ" সম্পাদক পদত জয়ী হয় । তেখেতক 'ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" (CYSS) মহানগৰ সমিতিৰ তৰফৰ পৰা অভিনন্দন তথা উজ্বল ভৱিষ্যত কামনা কৰিছো। আশা কৰোঁ তেখেতে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ সুস্থ শৈক্ষিক পৰিবেশৰ লগতে মূল্যবোধ আদৰ্শ প্ৰতিষ্ঠা কৰাত সফল হব।
CYSS National
26/12/2022
২৫-১২-২ ০২২তাৰিখে "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" (CYSS) কামৰূপৰ মেট্ৰো সমিতিৰ উদ্যোগত গুৱাহাটীৰ জাপৰীগোগ জনজাতি খেলপথাৰত ছাত্ৰ সমাৰোহৰ আয়োজন কৰা হয়।
এই সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আপ অসম তথা উত্তৰ-পূবৰ সন্মানীয় ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক শ্ৰীযুত ৰাজেশ শৰ্মা ডাঙৰীয়া, সাংগঠনিক সম্পাদক ব্ৰজেন হেন্দিকৈ ডাঙৰীয়া, ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমৰ ৰাজ্যিক সমন্বয়ক দিব্যজ্যোতি কুলি ডাঙৰীয়া, যুটীয়া সমন্বয়ক ত্ৰিনা ৰাণী পাতৰ, যুটীয়া সম্পাদক ৰুবুল হাসান, দ্বীপজ্যোতি গগৈ, সাংগঠনিক সম্পাদক বাবুল আলী, কলেজ গোটৰ সম্পাদক চিজয় চন্দ্ৰ বড়ো, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক সঞ্জীৱ গয়াৰী ডাঙৰীয়াৰ লগতে আপ মহিলা শক্তিৰ ৰাজ্যিক সমন্বয়কা অনুৰূপা বড়ো, সম্পাদিকা মিতালী গগৈৰ লগতে ৰাজ্যিকৰ বিষয়ববীয়া সকল।
''সংগ্ৰাম কৰা পঢ়িবলৈ, পঢ়া দেশ গঢ়িবলৈ"
Arvind Kejriwal
CYSS National
22/12/2022
ছাত্ৰ যুৱ সংগ্ৰাম সমিতি (CYSS) কামৰূপ মেট্ৰো কমিটিৰ তৰফৰ পৰা ছাত্ৰ সমাৰোহ অনুষ্ঠানত আপোনালোক সকলোৰে উপস্থিতি কামনা কৰিলো। ২৫ ডিচেম্বৰ ২০২২ (দেওবাৰ)
স্থান - জাপৰিগোগ জনজাতি খেলপথাৰ। (গুৱাহাটী)
সময় - ৰাতিপুৱা ৯ বজাত
Kejriwal
06/11/2022
আজি ০৬-১১-২২ তাৰিখে "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" (CYSS) কামৰূপ মেট্ৰো সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়৷ সভাখনত অনাগত গুৱাহাটিত থকা মহাবিদ্যালয় সমূহৰ হৱ লগিয়া ছাত্ৰ একতা সভাত CYSS ৰ কামৰূপ মেট্ৰো সমিতিক কেনেদৰে আগবাঢ়ায় নিব পাৰি তাৰ ওপৰত আলোচনা কৰা হয়। লগতে বিভিন্ন কাম কাজ বোৰৰ কথা আলোচনা কৰা হয়৷ সভাখনত উপস্তিত থাকে কামৰূপ জিলাৰ সমন্বয়ক
মিজানুৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক ৰোমন মেচ ডাঙৰীয়াৰ লগতে জিলা সমিতিৰ বিভিন্ন বিষয় ববিয়া সকল।
CYSS Assam
Dr. Bhaben Choudhury
02/11/2022
আজি অনুষ্ঠিত হোৱা গুৱাহাটীৰ দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত "ছাত্ৰ যুৱ সংগ্ৰাম সমিতি" (CYSS)ৰ সমৰ্থিত প্ৰাৰ্থী ক্ৰমে মনোৰঞ্জন ৰয় সাধাৰণ সম্পাদক, সুমিত্ৰা বৰ্মন সহ সাধাৰণ সম্পাদক আৰু ধীৰাজ দাসে আলোচনী সম্পাদক পদত জয় লাভ কৰে। তেখেত সকলক আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক ৰাজেশ শৰ্মা, সমন্বয়ক ড° ভবেন চৌধুৰী ডাঙৰীয়া আৰু CYSS অসমৰ ৰাজ্যিক সমন্বয়ক দিব্য জ্যোতি কুলি ডাঙৰীয়াই ফুলাম গামোচাৰে সম্ভাষন জনায় । তেখেতসকলক CYSS অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।