Bonyabondhu

Bonyabondhu

Share

through the Bonyabondhu organization try to aware the people about the conservation of nature

Photos from Bonyabondhu's post 16/01/2026

মাঘ বিহু বাৰ্ড কাউণ্ট- ২০২৬
Magh Bihu Bird Count- 2026

স্থান : দৰাবিল, কামৰূপ, অসম
তাৰিখ: ১৬ জানুৱাৰী ২০২৬

'বন্যবন্ধু'ৰ উদ্যোগত আৰু 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ সহযোগত আজি অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ বুকুত "মাঘ বিহু পক্ষী গণনা" সফলতাৰে সম্পন্ন কৰা হয়। দৰাবিলৰ গো-চৰণীয়া পথাৰ আৰু বিল অঞ্চল সামৰি সম্পন্ন কৰা এই গণনাৰ সময়ত স্থানীয় আৰু পৰিভ্ৰমী মিলি ৫৯ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হয়। আজিৰ গণনাৰ সময়ত অসমৰ বাবে বিৰল ৰেড-থ্রোটেড পিপিট নামৰ চৰাইবিধ আৰু হিমালয় শগুন দেখিবলৈ পাই গণনাকাৰী দলটো উৎফুল্লিত হৈ পৰে।
উল্লেখযোগ্য যে দৰাবিল আৰ্দ্ৰভূমিৰ বুকুত এতিয়ালৈকে ২৩১ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হৈছে। চৰাইৰ উপৰিও দৰাবিল আৰ্দ্ৰভূমি বিভিন্ন স্তন্যপায়ী প্ৰাণী, সৰীসৃপ, উভচৰ, মাছ, পখিলা, জিঞা, শামুক, কেঁকোৰা, জলজ উদ্ভিদ আদি জৈৱবৈচিত্ৰৰ ভঁৰাল। গতিকে এই অঞ্চলটো প্ৰাকৃতিকভাৱে সংৰক্ষণ কৰিব পাৰিলেহে দৰাবিলৰ চৌপাশৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে প্ৰকৃতি নিৰ্ভৰশীল ৰাইজৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি সচেতন মহলে এই অঞ্চলৰ সংৰক্ষণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী তুলি আহিছে। আহক আমি সকলোৱে এই প্ৰাকৃতিক অঞ্চলটো সংৰক্ষণৰ বাবে হাতে ধৰি চেষ্টা কৰোঁ 🙏

Photos from Bonyabondhu's post 20/10/2025

'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ উদ্যোগ আৰু 'বন্যবন্ধু'ৰ সহযোগত আজি ঐতিহ্যমণ্ডিত দৰাবিল আৰ্দ্ৰভূমিৰ বুকুত 'কাতি বিহু পক্ষী গণনা' উদযাপন কৰা হয়। আজিৰ গণনাৰ সময়ত ৬১ প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাই নথিভুক্ত কৰা হয়। আজিৰ এই অনুষ্ঠানতো সদ্যপ্ৰয়াত প্ৰকৃতিপ্ৰেমী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। উপস্থিত থাকে সন্মানীয় প্ৰকৃতিপ্ৰেমী ডাঃ জ্যোতিৰ্ময় বৈশ্য, ডাঃ মানস কলিতা, প্ৰসন্ন কলিতা, মাধৱ মেধি, বৈভৱ মালী। অনুষ্ঠানটো সফল ৰূপায়নত সহযোগ কৰা আটাইলৈ বন্যবন্ধু পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।



Photos from Bonyabondhu's post 14/10/2025

দৰাবিল আৰ্দ্ৰভূমি ৰক্ষাৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ কাম হৈছে ইয়াৰ জৈৱবৈচিত্ৰ অধ্যয়ন কৰা। 'বন্যবন্ধু'ৰ তৰফৰ পৰা এই চেষ্টা বিগত কিছু বছৰৰ পৰা একাদিক্ৰমে চলি আহিছে।

বাতৰিত প্ৰকাশিত এই অনুষ্ঠানটো 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক' আৰু 'বন্যবন্ধু'ৰ এক যুটীয়া প্ৰচেষ্টা। অনুষ্ঠানটো সফল ৰূপায়নত সহযোগ কৰা প্ৰতিজন অংশগ্ৰহণকাৰী, বিশেষজ্ঞ আৰু এই বাতৰিটো প্ৰচাৰ কৰা সংবাদ মাধ্যমৰ আটাইলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।





Photos from Bonyabondhu's post 13/10/2025

অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলৰ বুকুত যোৱা ১২ অক্টোবৰ ২০২৫ তাৰিখে এটা চৰাই পৰ্যবেক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক' আৰু 'বন্যবন্ধু'ৰ উদ্যোগত অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ২৫ জন প্ৰকৃতিপ্ৰেমী নাগৰিকে অংশগ্ৰহণ কৰে। পুৱা ৬:৩০ বজাৰপৰা ৮:৩০ বজালৈ দুঘণ্টাৰ পৰ্যবেক্ষণৰ সময়ত স্থানীয় আৰু পৰিভ্ৰমী মিলি মুঠ ৫৯ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হয়। পৰ্যবেক্ষণৰ সময়ত অসমৰ অন্য অঞ্চলত সাধাৰণতে দেখিবলৈ উপলদ্ধ নোহোৱা কিন্তু দৰাবিলৰ ঘাঁহনি অঞ্চললৈ প্ৰতিবছৰে পৰিভ্ৰমণ কৰা 'অ'ৰিয়েণ্টেল প্ৰেটিনকল' নামৰ চৰাইবিধৰ এটা ডাঙৰ জাক নথিভুক্ত কৰা হয় আৰু দৰাবিলৰ বুকুত আগতে নথিভুক্ত নোহোৱা 'ৰাফ' নামৰ চৰাইবিধৰ এটা জাক নথিভুক্ত কৰা হয়। উল্লেখযোগ্য যে দৰাবিলৰ বিল আৰু গো-চৰণীয়া পথাৰৰ ঘাঁহনি অঞ্চল বিভিন্ন স্থানীয় আৰু পৰিভ্রমী চৰাইৰ বাবে এক উপযুক্ত বাসস্থান, এতিয়ালৈকে এই অঞ্চলত ২৩০ প্ৰজাতিৰ চৰাই নথিভুক্ত কৰা হৈছে।

অনুষ্ঠানৰ শেষত 'বন্যবন্ধু'ৰ তৰফৰ পৰা প্ৰসন্ন কলিতাই দৰাবিল আৰ্দ্ৰভূমিৰ ইতিহাস, ভৌগোলিক পৰিসীমা, চুবুৰীয়া ৰাইজৰ প্ৰকৃতি নিৰ্ভৰশীল জীৱন জীৱিকা আৰু প্ৰকৃতিৰ লগত ইয়াৰ সহাৱস্থানৰ কাহিনীৰ লগতে দৰাবিলৰ জৈৱবৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। তেখেতে সকলোকে এই অঞ্চলৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। 'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক'ৰ তৰফৰ পৰা ডাঃ লিয়নছ মেঠু আব্ৰাহমে 'বিহু বাৰ্ড কাউণ্ট', 'অনলাইন টকছ' আদি কাৰ্যসূচীৰ উদ্ধৃতিৰে অসমৰ প্ৰায় সকলো অঞ্চলৰ চৰাই পৰ্যবেক্ষক আৰু প্ৰকৃতিপ্ৰেমী ৰাইজে কিদৰে আছাম বাৰ্ড মণিতৰিং নেটৱৰ্কৰ মঞ্চৰ মাধ্যমত চৰাই পৰ্যবেক্ষণ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে আৰু ইয়ে কিদৰে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সহায় কৰিব পাৰে এই বিষয়ে বুজাই দিয়ে।

অনুষ্ঠানটো সফল ৰূপায়নত সহযোগ কৰা প্ৰতিজন অংশগ্ৰহণকাৰী শিক্ষাৰ্থী, সচেতন ব্যক্তি আৰু বিশেষজ্ঞলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

On 12 October 2025, a birding event was carried out at Dorabeel, one of Assam’s noteworthy wetlands. The programme was jointly organised by the Assam Bird Monitoring Network and Bonyobondhu, and was attended by 25 nature enthusiasts from various parts of the state.

During the two-hour observation session, conducted from 6:30 to 8:30 in the morning, a total of 59 avian species, both resident and migratory, were recorded. Notably, a substantial flock of Oriental Pratincoles, a species seldom encountered in most other regions of Assam but known to frequent the grassland stretches of Dorabeel annually, was documented. In addition, a flock of Ruffs, a species hitherto unrecorded from Dorabeel, was also observed.

It is worth noting that the wetland ecosystem and its adjoining pastoral grasslands provide ideal habitats for numerous resident and migratory birds. To date, 230 avian species have been catalogued from this region.

At the conclusion of the event, Prasanna Kalita from Bonyobondhu delivered an insightful discourse on the history, geographical extent, and the nature-dependent livelihoods of the local community, as well as the rich biodiversity of Dorabeel and the imperative for its conservation. He urged everyone to come forward and contribute towards safeguarding this invaluable ecosystem.

Representing the Assam Bird Monitoring Network, Dr. Leons Mathew Abraham elaborated on initiatives such as the Bihu Bird Count and Online Talks, accentuating how birdwatchers and nature lovers from across Assam have been contributing to avian documentation through the ABMN platform, and how such collective endeavours can play a pivotal role in advancing nature conservation.

We would like to thank all participating student, conscious person and expert who cooperated in the successful implementation of the event.

07/10/2025

'আছাম বাৰ্ড মণিতৰিং নেটৱৰ্ক' আৰু 'বন্যবন্ধু'ৰ উদ্যোগত অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি দৰাবিলত নিম্নলিখিত তাৰিখ আৰু সময়ত এটা চৰাই পৰ্যবেক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচীত সকলো বয়সৰ নাগৰিকৰ বাবে বিনামূলীয়া অংশগ্ৰহণৰ সুবিধা আছে। গতিকে ইচ্ছুক অংশগ্ৰহণকাৰী সকলে নিম্নলিখিত সময় আৰু নিয়ম অনুসৰণ কৰি অংশগ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ।

তাৰিখ: ১২ অক্টোবৰ ২০২৫
লগ হোৱাৰ সময়: পুৱা ০৬:০০ বজা
লগ কৰাৰ স্থান: ৰামপুৰ তিনিআলি
যোগাযোগ : প্ৰসন্ন কলিতা- ৭৬৩৮০০৫১৩৯, ৮৬৩৮৯৮৬২৮০

জৰুৰী:-

১) অনুগ্ৰহ কৰি অংশগ্ৰহণকাৰী সকলে নিজৰ বাবে খোৱাপানীৰ বটল লগত আনিব।

২) পানী/বোকা অনুকূল জোতা পৰিধান কৰি আহিব।

৩) চৰাই চোৱাৰ উপযোগী কাপোৰ পৰিধান কৰি আহিব, উজ্জ্বল ৰঙৰ কাপোৰ দেখিলে চৰাই ভয় খোৱাৰ সম্ভাৱনা থাকে।

৪) বেছিভাগ চৰাই যিহেতু খুব পুৱাতেই সক্ৰিয় হয়, গতিকে যথাসময়ত উপস্থিত থাকিব।

A Birdwatching event is being organised at Darabeel, one of Assam’s important wetlands, under the initiative of Assam Bird Monitoring Network and Bonyobondhu.

The programme is open to participants of all age groups and free of cost. We cordially invite all interested participants to join the event by following the schedule and guidelines given below.

Date: 12 October 2025
Reporting time: 6:00 AM
Reporting place: Rampur Tiniali
Contact: Prasanna Kalita - 7638005139, 8638986280

Important:

1. Participants are requested to bring their own water bottles.

2. Please wear footwear suitable for wet or muddy conditions.

3. Dress appropriately for birdwatching, avoid bright-coloured clothes as they may startle birds.

4. Since birds are most active early in the morning, please arrive on time.

Photos from Bonyabondhu's post 05/10/2025

সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক সজাগতা অনুষ্ঠান
Awareness programme on Snakebite and its Remedies

স্থান- শ্ৰী মহেন্দ্ৰ চৌধুৰী হাইস্কুল, মনপুৰ, কামৰূপ(অসম),ডাক সূচাংক-৭৮১১২৫
Place - Sri Mahendra Choudhary High School, Monpur, Kamrup, Assam, PIN- 781125

গ্ৰীষ্মৰ সময়ছোৱাত সাপৰ কাৰ্যকলাপ বৃদ্ধি হোৱা দেখা যায়। প্ৰধানত গ্ৰাম্যাঞ্চলত বসবাস কৰা মানুহৰ লগত সাপৰ সংঘাত বেছিকৈ বৃদ্ধি পায়। সাপবোৰে খাদ্যৰ সন্ধানত বা উপযুক্ত বাসস্থানৰ বাবে মানুহৰ বাসস্থানলৈ আহে। আমি যদি সাপৰ লগত কিদৰে সহবাস কৰিব নাজানো তেতিয়া সৰ্পদংশনৰ দুৰ্ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ে। "বন্যবন্ধু"ৰ তৰফৰ পৰা সাপ মানুহৰ সংঘাত আৰু সৰ্পদংশনৰ দুৰ্ঘটনা প্ৰসমনৰ উদ্দেশ্যে উপযুক্ত পদ্ধতিৰে সাপ উদ্ধাৰ কৰাৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান আদিত "সৰ্পদংশন সজাগতা অনুষ্ঠান" অনুষ্ঠিত কৰি অহা হৈছে।

আজি কামৰূপ জিলাৰ শ্ৰী মহেন্দ্ৰ চৌধুৰী হাইস্কুল, মনপুৰত এটা "সাপ,সৰ্পদংশন আৰু ইয়াৰ প্ৰতিকাৰ" বিষয়ক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ষ্টুডেন্ট কেডেট কৰ্পছ, কামৰূপ জিলাৰ সভাপতি, সঞ্জিৱ দাসৰ উদ্যোগত আৰু 'বন্যবন্ধু' সহযোগত অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত আমাৰ 'বন্যবন্ধু'ৰ তৰফৰ পৰা সমল ব্যক্তিৰূপে উপস্থিত থাকি প্ৰসন্ন কলিতাই উপস্থিত প্ৰশিক্ষাৰ্থী সকলৰ সন্মুখত স্থানীয় সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা, সাপ সম্পৰ্কীয় বিভিন্ন অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সৰ্পদংশনৰ দুৰ্ঘটনা উপশমৰ বাবে লবলগীয়া সাৱধানতা, সৰ্পদংশনৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু নকৰিবলগীয়া আদি বিষয়ে বিতংভাৱে আলোচনা কৰে। অনুষ্ঠানটো পৰিচালনাত সহযোগ কৰে বন্যবন্ধুৰ সম্পাদক মাধৱ মেধিয়ে।

আশাকৰো উক্ত অনুষ্ঠানটোৱে প্ৰশিক্ষাৰ্থী সকলৰ মাজত সাপ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰিব আৰু ইয়ে সৰ্পদংশনৰ দুৰ্ঘটনা আৰু সাপ মানুহৰ সংঘাত প্ৰশমনৰ লগে লগে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাত সহায় কৰিব।

অনুষ্ঠানটোৰ গুৰুত্ব বুজি সফল ৰূপায়নত উদ্যোগ লোৱা ষ্টুডেন্ট কেডেট কৰ্পছ, কামৰূপ জিলাৰ সভাপতি, সঞ্জিৱ দাসৰ লগতে উপস্থিত আটাইলৈ 'বন্যবন্ধু' পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।

বি:দ্ৰ:- কোনো সচেতন লোক বা অনুষ্ঠানে যদি নিজৰ অঞ্চলত এই ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে- যোগাযোগ: ৮৬৩৮৯৮৬২৮০



Protect Dorabeel Wetland: Stop the logistics park | Let India Breathe 28/09/2025

সন্মানীয় ৰাইজ,

সেউজ সম্ভাষণ গ্ৰহণ কৰিব। আপোনালোক আটায়ে নিশ্চয় জ্ঞাত যে অসমৰ এখন উল্লেখযোগ্য আৰ্দ্ৰভূমি হৈছে দৰাবিল। বিল আৰু গো-চৰণীয়া পথাৰৰ ঘাঁহনি অঞ্চল সামৰি গঠিত উক্ত আৰ্দ্ৰভূমি অঞ্চল প্ৰকৃতি আৰু মানুহৰ সহাবস্থানৰ এক উল্লেখযোগ্য উদাহৰণ। এই আদ্ৰভূমি অঞ্চল ৭৪ প্ৰজাতিৰ মাছ আৰু ৪২ প্ৰজাতিৰ উদ্ভিদ(অলংকাৰীক, মানুহৰ খাদ্য আৰু ঔষধ, কৃষিকাৰ্য আৰু মানুহৰ ঘৰুৱা কামত ব্যৱহৃত)ৰ বাসস্থান( তথ্য- ড° মৃগেন্দ্ৰ মোহন গোস্বামী)ৰ লগতে ২৩০ প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্রমী চৰাই, ১০ প্ৰজাতিৰ স্তন্যপায়ী, ৬৭ প্ৰজাতিৰ পখিলা, ২৫ প্ৰজাতিৰ সৰীসৃপ(তথ্য- বন্যবন্ধু)ৰ লগতে বহুতো ভেকুলী, কেঁকোৰা, শামুক, পোক- পতংগৰ বাসস্থান। সবাতোকৈ গুৰুত্বপূৰ্ণ এই আৰ্দ্ৰভূমিখনৰ গাতেই লাগি আছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী তথা পৃথিৱী বিখ্যাত নদী শিহুৰ বাসস্থান কুলশী নৈৰ লগত। যিয়ে এই বৃহত্তৰ অঞ্চলৰ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
তাৰোপৰি বিল, ঘাঁহনি আৰু চাৰিওফালৰ খেতি পথাৰৰ সংমিশ্ৰিত এই প্ৰাকৃতিক অঞ্চল পৰম্পৰাগত লোকজ্ঞান নিৰ্ভৰশীল জীবিকাৰে জীৱন চলি অহা গো-পালক, পশুপালক, মাছমৰীয়া, মৃতশিল্পী, কৃষক আৰু শ্ৰমজীৱী ৰাইজৰ জীৱন জীৱিকাৰ স্থান। বাৰিষাৰ সময়ত চাৰিওফালৰ গাওঁবোৰৰ বোৱতী পানী জমা কৰি ৰাইজক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰাৰ লগতে ভূগৰ্ভস্থ জলভাণ্ডাৰ সংৰক্ষণ কৰি ৰখা আৰু খৰালি চৌপাশৰ ৰাইজক জীৱন জীৱিকাৰ লগতে পৰম্পৰাগত উৎসৱ পালনৰ সুবিধা দি ৰাইজৰ দৈহিক মানসিক স্বাস্থ্য সুস্থ ৰখাৰ ক্ষেত্ৰত এই অঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

কিন্তু আপোনালোকক দুখেৰে জনাওঁ যে অতীজৰে পৰা আমাৰ পূৰ্বপুৰুষ সকলে দূৰদৰ্শী চিন্তাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে ৰক্ষা কৰি অহা এই আৰ্দ্ৰভূমিৰ অংশ গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা ভূমি AIDC Ltd. ৰ দ্বাৰা সংৰক্ষণমুক্ত কৰি ব্যক্তিগত কোম্পানীক(M/S New Kolkata International Development Pvt. Ltd.) ল'জিষ্টিক পার্ক বনাবলৈ গতাই দিব বিচাৰিছে।

আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ইতিমধ্যে যোৱা ৭ এপ্ৰিল ২০২৫ ইং তাৰিখত জিলা আয়ুক্তৰ দ্বাৰা প্ৰকাশিত উক্ত জাননীৰ প্ৰত্যুত্তৰত ইতিমধ্যে দৰাবিলৰ চাৰিওফালে বাস কৰা পৰিৱেশ সচেতন নাগৰিক আৰু সচেতন ৰাইজে আপত্তি দাখিল কৰিছিল আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ত শুনানিও দিছিল। কিন্তু চৰকাৰ প্ৰশাসনে ৰাইজৰ উক্ত আপত্তি আৰু শুনানিক অগ্ৰাহ্য কৰি পুৰণি জাননীকেই কিছু সালসলনি কৰি পুনঃ ১ ছেপ্টেম্বৰ ২০২৫ তাৰিখে এমাহৰ সময়সীমা বান্ধি জাননী প্ৰকাশ কৰিছে।

আপোনালোক আটায়ে নিশ্চয় জ্ঞাত যে উক্ত অঞ্চলত উদ্যোগ স্থাপনে এই বৃহত্তৰ অঞ্চলৰ জীৱবৈচিত্ৰ ধ্বংস কৰি প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰাৰ লগতে পৰম্পৰাগত লোকজ্ঞান নিৰ্ভৰশীল ৰাইজৰ জীৱন জীৱিকা ধ্বংস কৰিব।

গতিকে যিসকলে দৰাবিল আৰ্দ্ৰভূমি সংৰক্ষণ হোৱাটো বিচাৰে, এই মাহৰ ভিতৰত কামৰূপ জিলা আয়ুক্তলৈ দৰাবিল আৰ্দ্ৰভূমি ৰক্ষাৰ স্বাৰ্থত গো-চৰণীয়া পথাৰত ল'জিষ্টিক পার্ক বা কোনো ধৰণৰ উদ্যোগ/ নির্মাণকাৰ্য হ'ব নালাগে বুলি কাৰণ দৰ্শাই ব্যক্তিগত বা সামূহিক ভাৱে আপত্তি দাখিল কৰিব পাৰে ( মেইল ঠিকনা:- [email protected] ) বা এই পিটিচন খনৰ মাধ্যমত আপত্তি দাখিল কৰিব পাৰে। এয়াই আপোনাৰ/আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ গোহাঁৰি।

ইতি,
সেৱাৰে,,,

বন্যবন্ধু
কামৰূপ, অসম, ৭৮১১৩২

পিটিচন খনৰ লিংক:-

Protect Dorabeel Wetland: Stop the logistics park | Let India Breathe The Kamrup administration plans to acquire 150 bighas of the Dorabeel grazing field, part of a vital wetland in Assam, to build a foreign owned log...

Photos from Bonyabondhu's post 25/07/2025

বিশ্ব সৰ্প দিৱস ২০২৫ উদযাপন

জালুকবাৰীৰ অসম বন বিদ্যালয়ত সাপ চিনাক্তকৰণ আৰু উদ্ধাৰ বিষয়ক কৰ্মশালা

চলিত বৰ্ষৰ ১৬ জুলাই ২০২৫ তাৰিখে জালুকবাৰী স্থিত অসম বন বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে বিশ্ব সৰ্প দিৱস উদযাপন কৰা হয়। অসম বন বিদ্যালয়, জালুকবাৰীৰ উদ্যোগত আৰু "ৱাইল্ডলাইফ এৰিয়াজ দেভলপমেণ্ট এণ্ড ৱেলফেয়াৰ ট্ৰাষ্ট"ৰ সহযোগত আয়োজিত উক্ত উনুষ্ঠানত "সাপ চিনাক্তকৰণ আৰু উদ্ধাৰ" বিষয়ক কৰ্মশালাৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে বৃদ্ধি হোৱা মানৱ-সাপৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ চম্ভালিবলৈ সজাগতা আৰু সামৰ্থ্য গঢ়ি তোলাৰ লক্ষ্যৰে অসম বন বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলক একত্ৰিত কৰি প্ৰশিক্ষণ দিয়া হয়।কৰ্মশালাখন শুভাৰম্ভ কৰে সন্মানীয় আই এফ এছ, চিনিয়ৰ ৱাইল্ডলাইফ ৱাৰ্ডেন, অসম(IFS, Senior Wildlife Warden, Assam)ৰ শ্ৰীমতী জয়শ্ৰী নাইডিঙে, লগতে উপস্থিত থাকে সন্মানীয় সৰীসৃপ বিজ্ঞানী ড° জয়াদিত্য পুৰকায়স্থ।

উক্ত অনুষ্ঠানত এজন সমল ব্যক্তিৰূপে উপস্থিত থাকি আমাৰ বন্যবন্ধুৰ সভাপতি প্ৰসন্ন কলিতাই তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰে। তেখেতে প্ৰশিক্ষাৰ্থী সকলক অসমত সাধাৰণতে উপলব্ধ সাপসমূহৰ প্ৰজাতি চিনাক্তকৰণ, সাপ সম্পৰ্কীয় বিভিন্ন অন্ধবিশ্বাস আৰু তাৰ আঁৰৰ সত্যতা, সর্পদংশনৰ বলি হোৱা লোকৰ বাবে প্ৰাথমিক কৰণীয় আৰু চিকিৎসা, সর্পদংশন দুৰ্ঘটনা উপশমৰ বিভিন্ন উপায়ৰ বিষয়ে সজাগতামূলক আলোচনাৰ লগতে বাস্তৱ জীৱনৰ পৰিস্থিতিৰ অনুকৰণ কৰিবলৈ প্ৰপছ ব্যৱহাৰ কৰি সঠিক আৰু সুৰক্ষিত পদ্ধতিৰে সাপ উদ্ধাৰৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰে।

সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি সন্মানীয় আই এফ এছ, প্ৰন্সিপাল চীফ ক'নজাৰ্ভেটৰ অফ ফৰেষ্ট,(ৱাইল্ডলাইফ) এণ্ড চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন( IFS, Principal Chief Conservator of Forest (Wildlife) and Chief Wildlife Warden) ড° বিনয় গুপ্তাই প্ৰশিক্ষাৰ্থী সকলক সাপ উদ্ধাৰৰ সঁজুলি প্ৰদান কৰে।

বৰ্তমান বিশ্বত সাপ-মানুহৰ সমস্যা আৰু সর্পদংশন দুৰ্ঘটনা এক গুৰুতৰ সমস্যা। আমাৰ দেশৰ বাবে ই এক বৃহৎ প্ৰত্যাহ্বান। এই অৱহেলিত বিষয়ৰ গুৰুত্ব বুজি এনেধৰণৰ উদ্যোগ গ্ৰহণৰ বাবে অসম বন বিদ্যালয়ৰ অধ্যক্ষা সন্মানীয় আই এফ এছ, শ্ৰীমতী দিম্পী বৰা মহোদয়াৰ লগতে এই অনুস্থানৰ লগত জড়িত আটাইলৈ বন্যবন্ধু পৰিয়ালৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Photos from Bonyabondhu's post 06/07/2025

প্ৰকৃতি বিষয়ক গ্ৰীষ্মকালীন শিবিৰ- ২০২৫

চলিত বৰ্ষত ০২ আৰু ০৩ জুলাই তাৰিখে 'বন্যবন্ধু'ৰ উদ্যোগত কামৰূপ জিলাৰ 'গুইমাৰা মজলীয়া বিদ্যালয়'ত দুদিনীয়া কাৰ্যসূচীৰে এক "প্ৰকৃতি বিষয়ক গ্ৰীষ্মকালীন শিবিৰ" অনুষ্ঠিত কৰা হয়। মূলতঃ পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰকৃতি বিষয়ক সজাগতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত কামৰূপ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

কাৰ্যসূচী:

১) চৰাই বিনন্দীয়া- শিক্ষাৰ্থীসকলক প্ৰতিদিনে পুৱা এই কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়ৰ চৌহদ আৰু গাঁৱত চৰাই পৰ্যবেক্ষণ কৰোৱা হয়। বাইন'কুলাৰ আৰু লাইভ কেমেৰাৰ সহায়ত শিক্ষাৰ্থীসকলে চৰাই চোৱাৰ আনন্দ উপভোগ কৰাৰ লগতে দুয়োটা দিনত মুঠ ৪০ প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণ কৰে আৰু চৰাই প্ৰজাতিবোৰ চিনিবলৈ শিকে।

২) সাপ আৰু আমি- উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত আমাৰ অঞ্চলত সাধাৰণতে দেখা পোৱা বিভিন্ন সাপৰ চিনাক্তকৰণ, পৰিৱেশত সাপৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা, বিভিন্ন সাপ সম্বন্ধীয় অন্ধবিশ্বাস আৰু ইয়াৰ আঁৰৰ সত্যতা, আমাৰ দেশত সর্পদংশন দুৰ্ঘটনা বেছি হোৱাৰ বিভিন্ন কাৰণ আৰু সর্পদংশন দুৰ্ঘটনা উপসমৰ বিভিন্ন উপায় আদি বিষয়ে বিতংভাৱে আলোচনা কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

৩) ৰং-তুলিকা- উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলক চিত্ৰাংকণৰ প্ৰাৰম্ভিক জ্ঞান আৰু বিভিন্ন সৰল কৌশলৰ বিষয়ে আভাষ দিয়া হয়।

৪) প্ৰকৃতি আৰু মানুহ- উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত প্ৰকৃতি আৰু মানুহৰ যি এৰাব নোৱাৰা সম্পৰ্ক আৰু মানৱ সমাজৰ সেউজ ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিটো বন্যজীৱ আৰু ইয়াৰ বাসস্থান সমূহৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। আমাৰ অঞ্চলৰ প্ৰধান আৰ্দ্ৰভূমি দৰাবিল আৰু কুলশী নৈৰ লগত আমাৰ অঞ্চলৰ ৰাইজ, যেনে- মাছমৰীয়া, মৃতশিল্পী, কৃষক, পশুপালক আৰু সাধাৰণ ৰাইজ আৰু বন্যপ্ৰাণী, যেনে- মাছ, কাছ আৰু অন্য সৰীসৃপ, শগুন আৰু অন্য চৰাই, শিহু, বনৰৌ, জিঞা, পখিলা , নানান উদ্ভিদ আদিৰ ওতঃপ্ৰোত সম্পৰ্ক আৰু আমাৰ অঞ্চলৰ সুস্থ আৰু ভৱিষ্যতৰ স্বাৰ্থত এই অঞ্চলৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

৫) পদ্য মালিতা- উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত কবিতা বা সাহিত্য চৰ্চাৰ প্ৰাৰম্ভিক কথা আৰু সুস্থ সমাজ বা সেউজ পৃথিৱীৰ স্বাৰ্থত কাব্য চৰ্চাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হয়। শিক্ষাৰ্থীসকলে প্ৰত্যেকেই ঠাইতেই কবিতা লিখাৰ কচৰত কৰে আৰু অনুষ্ঠানটো উপভোগ কৰে।

৬) যোগ প্ৰণায়াম- উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলক শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে প্ৰয়োজনীয় যোগৰ প্ৰাৰম্ভিক জ্ঞান আৰু কচৰত শিকোৱা হয়।

৭) সেউজ পৃথিৱীৰ সন্ধানত- উক্ত অনুষ্ঠানৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ, প্ৰদূষণৰ ভয়াবহতা আৰু প্ৰদূষণ ৰোধৰ বিভিন্ন উপায় আৰু আমাৰ কৰণীয় সম্পৰ্কে শিক্ষাৰ্থীসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

৮) মৃণ্ময় সুবাস- উক্ত কৰ্মশালাত শিক্ষাৰ্থীসকলক পোৰামাটিৰ শিল্প আৰু শিল্প নিৰ্মাণৰ প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰা হয়। শিক্ষাৰ্থীসকলে প্ৰত্যেকেই হাতে-কামে লাগি কেঁচামাটিৰ পৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ শিকে।

৯) জিজ্ঞাসু- উক্ত অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ মাজত প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কীয় লিখিত কুইজ অনুষ্ঠিত কৰা হয়। কুইজৰ প্ৰতিটো প্ৰশ্নৰ মাধ্যমত শিক্ষাৰ্থীসকলৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

১০) কথাশিল্প- এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত কথাশিল্প সম্পৰ্কে প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰা হয় আৰু শিক্ষাৰ্থীসকলে সৰু সৰু দলত বিভক্ত হৈ দুয়োদিনৰ বিভিন্ন কাৰ্যসূচীৰ মাধ্যমত শিকা বিভিন্ন পৰিৱেশ প্ৰকৃতিৰ কথাবোৰ নাট্যৰূপত লিখি অভিনয় কৰি দেখুৱাই।

উল্লেখযোগ্য যে, অনুষ্ঠানটো চলাওতে আমি যিমান সম্ভৱ এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিবলৈ প্ৰয়াস কৰি শিক্ষাৰ্থী সকলৰ জড়িয়তে এক বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছোঁ, আমাৰ অনুৰোধ ৰক্ষা কৰি অনুষ্ঠানত অংশগ্ৰহণ কৰা আটায়ে খাদ্য খোৱা কাঁহী, বাটি, গিলাচ, চামুচ, পানীৰ বটল আদি ঘৰৰ পৰাই লৈ আনিছে আৰু দুয়োদিন শিবিৰত থাকোতে সেই বাচন-বৰ্তনবোৰ ব্যবহাৰ কৰিছে। অতিথি সকলক চাহ, চৰ্বত পোৰামাটিৰ কাপত আপ্যায়ন কৰা হৈছে।

অনুষ্ঠানটো সফল ৰূপায়নত সহযোগ কৰা গুইমাৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুশীল ডেকা, প্ৰাক্তন শিক্ষক আনন্দ শৰ্মা, ডাঃ গৰ্গৰাম মালী, যুটিকা দাস, মিলন মজুমদাৰ, নীলম দাস, প্ৰাণজিৎ দাস, অমৃত কলিতা, বিমল দাস, জয়ন্ত মহন্ত, নয়ন দাস, প্ৰণৱ দাস, দিপামণি দাস, তৃষ্ণা কলিতা, ভণিতা দাস আৰু অভিভাৱক সকলৰ লগতে কাব্য মালিতা আৰু কথাশিল্প অনুষ্ঠানৰ নিমন্ত্রিত সমল ব্যক্তি ক্ৰমে প্ৰসেনজিৎ কলিতা আৰু হিৰকজ্যোতি কলিতালৈ বন্যবন্ধু পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

Photos from Bonyabondhu's post 19/06/2025

'বন্যবন্ধু'ৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে "প্ৰকৃতি বিষয়ক গ্ৰীষ্মকালীন শিবিৰ"

তাৰিখ: ২ আৰু ৩ জুলাই ২০২৫

স্থান: গুইমাৰা মজলীয়া বিদ্যালয়, গুইমাৰা, কামৰূপ, অসম,৭৮১১৩২



বি:দ্ৰ:- সবিশেষ জানিবলৈ তলৰ পোষ্টাৰ কেইখন চাব পাৰিব

05/06/2025

WORLD ENVIRONMENT DAY - 2025

“Beat plastic pollution before it beats us”



Photos from Bonyabondhu's post 31/05/2025

জৰুৰী বাৰ্তা

সন্মানীয় পৰিৱেশ সচেতন ৰাইজ,

প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বন্যবন্ধু'ৰ উদ্যোগত "বিশ্ব পৰিৱেশ দিৱস"- ২০২৫ উদযাপনৰ লক্ষ্যৰে কাইলৈ অৰ্থাৎ ১ জুন ২০২৫ তাৰিখে আয়োজন কৰা "চাইকেল ৰেলী" অনুষ্ঠানটো সাময়িকভাবে বাতিল কৰা হৈছে।

ৰাইজলৈ সেৱাৰে,,,
বন্যবন্ধু

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwahati
781132