Assam Jatiya Parishad

Assam Jatiya Parishad

Share

Assam First, Always and Forever. Official Page of Assam Jatiya Parishad
twitter.com/jatiyaparishad

Photos from Lurinjyoti Gogoi's post 30/05/2026
Photos from Assam Jatiya Parishad's post 30/04/2026
30/04/2026
20/04/2026

আজি গুৱাহাটীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা সমূহ প্ৰাৰ্থী আৰু নিৰ্বাচনী সমিতি উপস্থিত থাকে।


18/04/2026

Heartfelt congratulations to Pradyot Bikram Manikya Deb Barma and the entire TIPRA M***a team on their massive victory in the TTAADC elections! The people of Tripura have won. They’ve sent a powerful message to the entire nation.
Winning 24 out of 28 seats is a powerful testament to the strength of regional aspirations and indigenous unity in Tripura.
This landslide victory stands as a true inspiration for all regional political parties across India, proving that dedicated, people-centric politics can triumph and protect local identity and interests.
Wishing Pradyot Bikram Manikya Deb Barma and TIPRA M***a all the best as they continue to serve the people of Tripura!

ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব সুৰক্ষাৰ বাবে নিৰন্তৰ ৰাজনৈতিক সংগ্ৰাম কৰি থকা ভাতৃপ্ৰতিম প্ৰদ্যুত বিক্ৰম মাণিক্য দেব বৰ্মা আৰু TIPRA M***aৰ ঐতিহাসিক বিজয়ত আন্তৰিক অভিনন্দন জনালো।
Tripuraৰ TTAADC নিৰ্বাচনত ২৪টা আসনত জয়লাভ কৰাতো কেৱল এটা বিজয় নহয়, ই সকলো আঞ্চলিক ৰাজনৈতিক দলৰ বাবে এক বৃহৎ প্ৰেৰণা। জাতি, মাটি আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰদ্যুত বিক্ৰম মানিক্য দেৱ বাৰ্মা আৰু তেওঁৰ দলে দেখুওৱা এই উদাহৰণে আমাৰ দেশৰ বঞ্চিত অৱহেলিত আৰু অস্তিত্বৰ সংকটত ভুগি থকা জাতিসত্তা সমূহক জাতীয়তাবাদী আঞ্চলিক দলৰ পতাকাৰ তলত একত্ৰিত হ’বলৈ প্ৰেৰণা দিব ।
পুনৰ অভিনন্দন প্ৰদ্যুত ভাই ।
Pradyot Bikram Manikya DebBarma
***a ”

15/04/2026

সমূহ অসমবাসী ৰাইজলৈ বহাগৰ আন্তৰিক ওলগ যাছিলোঁ🙏

অসম প্ৰথম, সদায় আৰু চিৰদিন
জয় আই অসম✊✊✊

12/04/2026

Kunki Chowdhury

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীক আৰক্ষীয়ে চমন দিয়াৰ ঘটনাটো আশ্চৰ্যজনক আৰু দুৰ্ভাগ্যজনক। এয়া কেৱল এগৰাকী প্ৰাৰ্থীৰ ওপৰত প্ৰশাসনিক চাপেই নহয়, এয়া সাম্প্ৰতিক অসমত গণতন্ত্ৰৰ ওপৰত চলি থকা বিজেপিৰ দমননীতিৰ জ্বলন্ত উদাহৰণ।

যেতিয়া শাসনক্ষমতাত থকা দলটোৱে ক্ষমতা হেৰুৱাব বুলি শংকিত হৈ উঠে, যেতিয়া জনগণৰ মতদান তেওঁলোকৰ বিপক্ষে গৈছে বুলি নিশ্চিত হৈ পৰে, তেতিয়াই বক্ৰপথেৰে ক্ষমতাক কুক্ষিগত কৰি ৰাখিবলৈ বিজেপিৰ দৰে ফেচিষ্ট দলে অগণতান্ত্ৰিক পন্থাসমূহ অৱলম্বন কৰে।

হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে নিজৰ ৰাজনৈতিক সুবিধাৰ বাবে প্ৰশাসন আৰু আৰক্ষীক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে, এয়া গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিপজ্জনক সংকেত। অসমত বিজেপিয়ে ভয়-ভাবুকি, দমন-উৎপীড়ন আৰু গুণ্ডাৰাজৰ জৰিয়তে বিৰোধীৰ কণ্ঠক প্ৰতিহত কৰিবলৈ বিচাৰে।

আমাৰ প্ৰশ্ন— কুংকি চৌধুৰীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো ডীপফেক ভিডিঅ’ প্ৰকাশ কৰা বিজেপিৰ পালিনেতাসকলক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়? পক্ষপাতমূলক আচৰণ কিয় কৰিছে অসম আৰক্ষীয়ে?

মধ্য গুৱাহাটী সমষ্টিত অজাপৰ প্ৰাৰ্থীগৰাকীৰ উত্থান আৰু জয়ৰ সম্ভাৱনা দেখি আতংকিত হৈ পৰা বিজেপিয়ে এতিয়া ভয়-ভাবুকিৰ ৰাজনীতিৰ আশ্ৰয় লৈছে। কিন্তু এইটোও সমানেই সত্য যে ভয় দেখুৱাই সত্যক চিৰদিনৰ বাবে ঢাকি ৰাখিব নোৱাৰি। কুংকি চৌধুৰীৰ দৰে সাহসী তৰুণীক আমি এই সময়ত স্পষ্ট বাৰ্তা দিব বিচাৰোঁ যে তুমি অকলশৰীয়া নহয়। অসমৰ গণতান্ত্ৰিক চিন্তা-চেতনা থকা হাজাৰ হাজাৰ মানুহ কুংকি চৌধুৰী লগত আছে। এই ভয়-ভাবুকিয়ে অসম জাতীয় পৰিষদৰ জাতীয় সেৱকৰ সংগ্ৰামক আৰু শক্তিশালীহে কৰিব।

এয়া ভয় খোৱাৰ নহয়, এই সময় সত্যৰ পক্ষত দৃঢ়ভাৱে থিয় দিয়াৰ। যিসকলে গণতন্ত্ৰত বিশ্বাস কৰে, তেওঁলোকে আজি একেলগে মাত মাতিব লাগিব। প্ৰশাসনে ৰাজনৈতিক অপব্যৱহাৰ বন্ধ কৰক, ৰাজনৈতিক প্ৰতিহিংসা বন্ধ কৰক। অসমে কেতিয়াও বিজেপিৰ গুণ্ডাৰাজ স্বীকাৰ নকৰে। আমাৰ মাটিত সদায়েই গণতন্ত্ৰ, ন্যায় আৰু অধিকাৰৰ জয় হ’বই। এই সংগ্ৰাম চলি থাকিব— সাহসেৰে, একতাৰ সৈতে, আৰু সততাৰ শক্তিৰে।

Assam Jatiya Parishad
Kunki Chowdhury

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Guwahati
781003