Exploring Assam

Exploring Assam

Share

We shares our travel experiences and interesting facts of lesser known historical places

Photos from Exploring Assam's post 08/03/2026

.
#আন্তঃৰাষ্ট্ৰীয় #নাৰী #দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
of
#নজনাবীৰৰগাথা

#ইয়াণ্ডাবু সন্ধিৰ #দ্বী #শতাব্দীৰ উপলক্ষে, আগ্ৰাসী #মানৰ পৰা স্বাধীন #অসমৰ অস্তিত্ব ৰক্ষাৰ অৰ্থে যিসকল #সাহসী #লোকে শেষ সংগ্ৰাম কৰিছিল, তেওঁলোকৰ জীৱন আৰু কৰ্মৰাজিৰ #প্ৰচাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ প্ৰতি #শ্ৰদ্ধা নিবেদন কৰি, মই লিখা এটা প্ৰৱন্ধ ৮ মাৰ্চ, ২০২৬ ত অসমীয়া বাতৰিকাকত #সাদিনৰ আজিৰ সংখ্যাত প্ৰকাশ পাইছে।
প্ৰৱন্ধটো প্ৰকাশৰ বাবে #সাদিন_গোষ্ঠীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰতিনিধিত্বমূলক ৰেখাচিত্ৰ অংকন কৰা বাবে হানিদ ৰঞ্জন ভূঞা দেৱলৈ কৃতজ্ঞতা জনালোঁ।

On the occasion of of the historic of (24th February,1826) , an article penned by me to and as a to the lives and deeds of those souls who fought their last for the existence of Independent from the Burmese agression, was published in today's(8th March,2026) issue of newspaper .

Heartfelt gratitude to for publication of the article. Gratitude to Hanid Ranjan Bhuyan for providing the representative sketches.

Photos from Exploring Assam's post 14/02/2026

to editorial board of , a souvenir of the State - level Programme, organised by of , , in collaboration with , , held on 30th and 31st January,2026, to include my article on Commanders with title in the annals of .

াৰৰ_সাংস্কৃতিক_পৰিক্ৰমা বিভাগৰ উদ্যোগত #লখিমপুৰ #টাই_সাংস্কৃতিক_বিকাশ আৰু #গৱেষণা কেন্দ্ৰৰ সহযোগত‌ যোৱা ৩০ আৰু ৩১ জানুৱাৰী ২০২৬ চনত, ৰাজ্যিক #মে_ডাম্_মে_ফি উত্তৰ লখিমপুৰত অনুষ্ঠিত হয়। ইয়াৰ উপলক্ষে প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থ #ডাম্_ফি ত মই লিখা প্ৰৱন্ধ " #বুৰঞ্জীৰ_সাঁচিপাতত_গগৈ #সেনাপতি' প্ৰকাশ হয়। ইয়াৰ বাবে ডাম্-ফিৰ সম্পাদনা সমিতিৰ প্ৰতি মোৰ আন্তৰিক #কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

Photos from Exploring Assam's post 12/02/2026

Gratitude to Madam and for bestowing honour and providing platform to speak on , at , , .

অসমৰ #শিৱসাগৰ ত অনুষ্ঠিত #ব্ৰহ্মপুত্ৰ #সাহিত্য #মহোৎসৱত, #অসম #বুৰঞ্জীৰ ওপৰত দুটা কথা কবলৈ মঞ্চ প্ৰদান কৰাৰ লগতে সন্মান প্ৰদান কৰাৰ বাবে #ৰীতা চৌধুৰী বাইদেউৰ প্ৰতি আৰু #আধাৰশিলা ট্ৰাষ্টলৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ।

31/01/2026
Photos from Exploring Assam's post 25/01/2026

#কংক্ৰিটৰ মহানগৰী মাজত হেৰাই যোৱা এখন ৰাজ্য - #বেলতলা ** A lost in concrete city -

মাঘ মাহৰ প্ৰথম দিনা বেলতলাৰ #মৌজাদাৰ আৰু #ৰাজপৰিয়ালৰ মূৰব্বী কুমাৰ #পৰীক্ষিতনাৰায়ণ দেৱক আৰু তেওঁৰ সহধৰ্মিনী #ইলোৰাদেৱীক লগ ধৰি মোৰ " #গগৈসেনাপতি আৰু অন্যান্য বুৰঞ্জী" নামৰ কিতাপখনৰ এটা কপি তেওঁলোকক প্ৰদান কৰিলোঁ। কিতাপখনত বেলতলা ৰাজ্যৰ #ইতিহাসৰ ওপৰত এটা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে।

On the first day of Magh month, met Kumar *tNarayan Dev, head of Beltola and of Beltola, and his better half and handed them one copy of my book " ". I have included one chapter on the history of Beltola kingdom. They have collected one copy for Beltola Mouza office.

বৰ্তমান কালৰ #গুৱাহাটী মহানগৰীৰ দক্ষিণ দিশত অৱস্থিত #অসমৰ ৰাজধানী #দিছপুৰৰ আৱাসিক অঞ্চলৰ কাষৰ এটা প্ৰধান অঞ্চল হৈছে বেলতলা । আহোম ৰাজত্বকালত বেলতলা এখন ৰাজ্য আছিল, যত কোচ ৰাজকুমাৰ আৰু সেনাপতি মহাবীৰ #চিলাৰায়ৰ বংশধৰসকলে আহোম ৰজাৰ কৰদ মিত্ৰ ৰজা ৰূপে শাসন কৰিছিল। বেলতলা ৰজা #গন্ধৰ্বনাৰায়ণে মহাবীৰ #লাচিতবৰফুকনৰ সহযোগী হৈ #শৰাইঘাটৰ যুদ্ধত আক্ৰমণকাৰী মোগলসকলক যুদ্ধত পৰাস্ত কৰিছিল। পৰৱৰ্তী কালতো বেলতলা ৰজাসকলে আহোম ৰজা সকলৰ লগত নিজৰ মিত্ৰতা ধৰ্ম পালন কৰিছিল।

Lost in the face of ever expanding City, Beltola was a historical kingdom, , ruled once by decendants of Prince and Genenal . During Ahom reign in Assam, the rulers of Beltola acted as triburitary chiefs and as ally to Ahom Kings. King Narayan of Beltola joined forces of Barphukan, in repelling the Mughal invaders in the Battle of .

১৮২৬ চনত আহোম ৰাজ্যৰ পতনৰ পিছত অসম বৃটিছ শাসনাধীন হ'ল। বেলতলা ৰাজ্যয়ো #বৃটিছ শাসনাধীন হ'ল। বৃটিছ প্ৰশাসনে বেলতলাক ৰাজ্যৰ পৰা এখন #মৌজা লৈ পৰিৱৰ্তন কৰিলে আৰু বেলতলাৰ ৰজাৰ পদটো মৌজাদাৰ পদলৈ পৰিৱৰ্তন কৰি, মৌজাৰ পৰিচালনা‌ আৰু ৰাজহ সংগ্ৰহ কৰাৰ দ্বায়িত্ব অৰ্পণ কৰে। ক্ষমতা হ্ৰাস কৰিলেও বৃটিছ প্ৰশাসনে কিছুমান সুবিধা বেলতলাৰ ৰাজপৰিয়ালক প্ৰদান কৰিছিল। বেলতলাৰ মৌজাদাৰক তেওঁলোকৰ নামত ৰাজা উপাধি ৰাখিবলৈ অনুমতি দিয়া হৈছিল আৰু মৌজাদাৰৰ পদটো বংশগতভাৱে বেলতলাৰ ৰাজপৰিয়ালৰ সদস্যৰ মাজত সীমাবদ্ধ ৰখা হৈছিল।

After the fall of Ahom kingdom of Assam in 1826 CE,the British administration, reduced the status of Beltola from kingdom to Mouza, a revenue circle and the status of its king was also reduced to the rank of Mouzadar, entrusted with the task of collecting taxes and administration, though certain terms were set up in favour of the royal family.The Mouzadars of Beltola were allowed to retain the title of Raja in their names and the official post of Mouzadar would be held hereditarily by the royal family of Beltola.

১৯৪৭ চনত বৃটিছ শাসনৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা পিছত ভাৰত চৰকাৰে ১৯৫৬ চনত জমিদাৰী ব্যৱস্থা বিলুপ্ত কৰে, যাৰ বাবে বেলতলাৰ ৰাজপৰিয়ালে নিজৰ বহু মাটি ভূমি আৰু ৰাজপৰিয়ালৰ বিশেষাধিকাৰ হেৰুৱাব লগা হয়। ১৯৭৩ চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা বেলতলা মৌজাৰ‌ অন্তৰ্গত দিছপুৰ নামৰ এখন সৰু গাঁওলৈ স্থানান্তৰিত হয়। ইয়াৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি দিছপুৰ আৰু ইয়াৰ আশে-পাশে বসতি স্থাপন কৰি গ্ৰাম্য অঞ্চলটোক অতি কম সময়তে ঘন জনবসতিপূৰ্ণ অঞ্চললৈ ৰূপান্তৰিত কৰিলে। সময় পাৰ হৈ যোৱাৰ লগে লগে গুৱাহাটী চহৰৰ সম্প্ৰসাৰণ ঘটিল, আৰু বেলতলা অঞ্চল বৃহত্তৰ গুৱাহাটী চহৰৰ পৌৰসভাৰ লগত অন্তৰ্ভুক্ত কৰা হ’ল। এনেদৰে বেলতলা ৰাজ্যৰ সুকীয়া পৰিচয় গুৱাহাটী মহানগৰীৰ কংক্ৰিটৰ অট্টালিকা আৰু পথৰ মাজত হেৰাই গ'ল।

After India's independence in 1947, and abolition of Zamindari In 1956 CE, the royal family of Beltola lost much of their lands and remaining royal privilages. In 1973 CE, the capital of Assam was shifted from Shillong to a small village named Dispur in Beltola Mouza. Due to which, people from different parts of Assam migrated and settled in and around Dispur, quickly converting the rural area of Beltola into a thickly populated zone. As the year progressed, the city of Guwahati expanded, and Beltola was integrated into the Greater Guwahati city municipalty.

ৰাজকীয় ক্ষমতা আৰু বিশেষাধিকাৰ নথকাৰ পিছতো,বেলতলাৰ ৰাজ পৰিয়াল এতিয়াও বেলতলাৰ মৌজাৰ মৌজাদাৰৰ পদত অধিষ্ঠিত হৈ আছে। বৰ্তমানৰ মৌজাদাৰ কুমাৰ পৰীক্ষিত নাৰায়ণ দেৱ, বেলতলাৰ অন্তিম ৰজা ৰাজেন্দ্ৰ নাৰায়ণ দেৱ আৰু বেলতলাৰ ৰাণী লক্ষ্মীপ্ৰিয়া দেৱীৰ নাতি।

In spite of the loss of power and privileges,the royal family of Beltola still holds the official post of Mouzadar of Beltola Mouza. The present mouzadar Kumar Parikhit Narayan Dev, was grandson of last Raja of Beltola, Rajendra Narayan Dev and Rani Lakshmipriya Devi.

Photos from Exploring Assam's post 23/01/2026

এইবাৰৰ #মাঘবিহু ৰ দিনা #টাই ভাষাৰ বিশিষ্ট পণ্ডিত শ্ৰীমতী #য়েহম্ #বুঢ়াগোহাঁইক মোৰ " #গগৈসেনাপতি আৰু অন্যান্য বুৰঞ্জী" গ্ৰন্থখন আগবঢ়াই আশীৰ্বাদ বিচাৰিলো। মোৰ #বুৰঞ্জী অধ্যয়ন আৰু লিখনিত তেওঁ আগবঢ়োৱা সহযোগিতা আৰু উৎসাহ সদায় মোৰ বাবে আশীৰ্বাদ স্বৰূপ।

On the day of , I sought blessings from eminent Language scholar Ye Hom Buragohain by handing her a copy of my book " " . Her cooperation and inspiration provided to my studies in will always be treasured.

তেওঁ #অসম চৰকাৰৰ বুৰঞ্জী সংৰক্ষণ আৰু অধ্যয়ন বিভাগৰ লগত জড়িত আছিল, যিটো প্ৰতিষ্ঠানে #অসমীয়া আৰু #আহোম ভাষাৰ ঐতিহাসিক তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু প্ৰকাশৰ কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিভাগত কৰ্মৰত হৈ থাকোঁতে তেওঁ ঐতিহাসিক #পাণ্ডুলিপিৰ সংৰক্ষণ আৰু টাই আহোম ভাষাৰ প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।

She has contributed significantly in preservation of historical , spreading awareness on Tai Ahom language and was associated with the Department of and (DHAS), an institution works on collection, preservation and publication of rare Assamese and Ahom historical records (Buranji).

বিশিষ্ট #ইতিহাসবিদ আৰু #পদ্মশ্ৰী বঁটা বিজয়ী, ড° #যোগেন্দ্ৰ নাথ ফুকন(২০২০)ৰ সৈতে য়ে হোম বুঢ়াগোহাঁইয়ে আহোম আৰু অন্যান্য টাই পাণ্ডুলিপিৰ তালিকা" সম্পাদনা কৰে ", আৰু ২০০৬ চনত ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ (DHAS), অসমৰ দ্বাৰা এই পুথি খন প্ৰকাশ হৈছিল। তেওঁলোকে পুনৰ একত্ৰিত ভাৱে আহোম ৰজা স্বৰ্গদেউ #ৰুদ্ৰ সিংহৰ ইতিহাসৰ ওপৰত এখন গ্ৰন্থ ৰচনা কৰিছিল।

Along with eminent historian, awardee Dr. Nath Phukan(2020), Ye Hom Buragohain edited the " and other " , first published in 2006 by the Department of Historical and Antiquarian Studies ( ), Assam. Together they have authored another book on the history of Ahom king Swargadeo Singha.

Photos from Exploring Assam's post 18/01/2026

#অসম ৰ #মৰিগাঁও জিলা স্থিত #জাগীভকত গাঁৱত অৱস্থিত #কলং আৰু #কপিলী নদীৰ সংগমস্থলত, #আহোম ৰাজত্ব কালত #অসমীয়া সৈন্যৰ এটা সামৰিক ঘাটি আছিল, যাক বুৰঞ্জী বোৰত ঐতিহাসিক #জাগীচকী বুলি উল্লেখ কৰা আছে। জাগীচকীত, আহোম ৰাজ প্ৰতিনিধিগৰাকী আছিল #জাগীয়ালগোহাই , যিয়ে জাগী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলসমূহ পৰিচালনা কৰিছিল আৰু মৰিগাঁও জিলাৰ #সাতৰজা বুলি জনাজাত, সাতজন জনজাতীয় ৰজাৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। বৰ্তমানৰ #মেঘালয় ৰাজ্যত অৱস্থিত #জয়ন্তীয়া ৰাজ্যৰ সৈতে যোগাযোগ আৰু দূতসকলৰ অহা যোৱাৰ বাবে জাগী চকী এক গুৰুত্বপূৰ্ণ স্থান আছিল।

Located at in Morigaon district, , lies the confluence of and , two important rivers of Assam. At this confluence situated the historical site of , a military outpost of soldiers during Ahom reign. The commander of the outpost is known as , who administered Jagi and its surrounding areas and maintained relations with seven tribal chiefs of Morigaon district, known as (Seven Chieftains). Jagi Chowki was an important strategic place for maintaining correspondence to Kingdom, located in present day state.

আহোম ৰাজ্যৰ শেষৰ ফালে #কুৱৈগঞা #বুঢ়াগোহাঁই ফৈদৰ #খুমন ওৰফে নৰনাথ জাগীয়াল গোহাঁই পদত আছিল। পৰৱৰ্তী কালত তেওঁ আৰু তেওঁৰ দুই ভাতৃ #তাবুৰী গোহাঁই আৰু #গেৰেলা গোহাঁই বৰ্তমান কালৰ মৰিগাওঁ নগৰত বাস কৰে। প্ৰাপ্ত তথ্য মতে তেওঁৰ আৰু তেওঁৰ দুই ভাতৃ তাবুৰী গোহাঁই আৰু গেৰেলা গোহাঁই বংশধৰ বৰ্তমান কালৰ মৰিগাওঁ নগৰত বসবাস কৰি আছে।

Towards the end of period, alias Naranath of Kuoigayan Buragohain family held the post of Jagiyal Gohain. He and his two younger brothers,Taburi Gohain and Gerela Gohain later settled at present day Morigaon Town. As per information received, their descendants still live in and around Morigaon Town.

এই সকলো তথ্য আমাৰ " #গগৈসেনাপতি আৰু অন্যান্য বুৰঞ্জী" গ্ৰন্থত উল্লেখ কৰা হৈছে। মাঘ বিহুৰ উৰুকা দিনা জাগীয়াল গোহাঁইৰ অন্যতম বংশধৰ আৰু মৰিগাওঁ নগৰৰ বাসিন্দা শ্ৰী ভদ্ৰ গোহাঁই আৰু তেওঁৰ সহধৰ্মিনী নিৰু বুঢ়াগোহাঁইক লগ কৰি গ্ৰন্থ খনৰ একপি প্ৰদান কৰিলোঁ।

All these details are included in our book "Gogoisenapati". On the day of Uruka, Magh Bihu, we visited one of the descendant of Jagiyal Gohain, Shri BhadraGohain and his wife Niru Buragohain ,resident of Morigaon and handed them one copy of our book.

Photos from Exploring Assam's post 17/01/2026

#আহোম ৰাজশাসনৰ সময়ত মধ্য #অসম ৰ নগাওঁ জিলা স্থিত #কলিয়াবৰ প্ৰধান বিষয়া তথা শাসন কৰ্তা আছিল #সলালগোহাঁই (সলাল গোহাঁই )। কলিয়াবৰক কেন্দ্ৰ কৰি সলাল গোহাঁই, বৰ্তমান কালৰ #নগাঁও জিলাৰ এক বৃহৎ অংশ আৰু #চাৰিদুৱাৰ অঞ্চলৰ প্ৰশাসনৰ দায়িত্বত আছিল। অসম #বুৰঞ্জীত লিপিবদ্ধ সলাল গোহাঁইৰ পদৰ তাৎপৰ্য আৰু বিৱৰণী মই মোৰ গ্ৰন্থ " #গগৈ #সেনাপতি আৰু অন্যান্য বুৰঞ্জীত" উল্লেখ কৰিছোঁ।

During administration in , use to be the frontier governor at , in present day district, Assam. At that time Solal Gohain administer a large part of present day Nagaon district and Chariduwar region. The importance of Solal Gohain rank and its are highlighted in my book" ".

আহোম ৰাজশাসনৰ শেষৰ ফালে, অসম বুৰঞ্জীৰ চিৰ পৰিচিত #জয়মতী কুৱঁৰীৰ পিতৃ #লাইথেপেনা বৰগোহাঁইৰ আজো নাতি, #ৰামসিং কলিয়াবৰত সলাল গোহাঁই ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ৰামসিং সলাল গোহাঁইৰ এগৰাকী বংশধৰ বীৰেন্দ্ৰ গোহাঁইৰ বিবাহ ১৯৪২ চনৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আৰু মুক্তি যুঁজাৰু #ভোগেশ্বৰীফুকননীৰ জীয়ৰী #ৰত্নামালা গোহাঁইৰ লগত হৈছিল। বীৰেন্দ্ৰ গোহাই আৰু ৰত্নামালা গোহাঁইৰ তিনিগৰাকী কন্যা ভিতৰত নগাওঁ ত বাস কৰা দুগৰাকী কন্যা #অপৰা গোহাঁই বা ফুকন আৰু #অপৰূপা গোহাঁইক উৰুকা দিনা "গগৈ সেনাপতি" গ্ৰন্থ খন প্ৰদান কৰোঁ।

Towards the last years of Ahom reign, Ramsingh, a descendant of , father of well known character of Assam history, princess , was in the office of Solal Gohain. Ramsingh's decendant Birendra Gohain married Ratna Gohain, daughter of and of 1942 Quit India movement, . Out of the couple's three daughter, two of them are residing at Town, whom we met on Uruka and presented our book "Gogoi Senapati"

Photos from Exploring Assam's post 13/01/2026

#অসমত #আহোম ৰাজ শাসনৰ শেষৰ ফালে সংঘটিত #মোৱামৰীয়া #বিদ্ৰোহৰ অধ্যায় গৃহযুদ্ধ, ক্ষমতাক লৈ সংঘৰ্ষ, ৰজা-প্ৰজাৰ দুঃখ-দুৰ্দশাৰ বিৱৰণীৰে ভৰা। এই কালছোৱাত ৰাজ্যৰ আভ্যন্তৰীণ পৰিৱেশ অশান্তময় হৈ পৰিছিল। ৰাজশাসনৰ এনে সংকটজনক কালছোৱাত এগৰাকী #সেনাপতিয়ে নিজৰ ৰণ-কৌশল আৰু নেতৃত্বৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত বিদ্ৰোহীসকলক পৰাজিত কৰি অসমত ভাঙি পৰা প্ৰশাসনৰ ভেটি পুনৰ সুদৃঢ় কৰিছিল। পুৰণি #বুৰঞ্জীবোৰত তেওঁৰ নাম উল্লেখ থাকিলেও, পৰৱৰ্তী কালত তেওঁৰ বিষয়ে বেছি আলোচনা নহ'ল। এই সেনাপতিগৰাকী হৈছে #কুৱৈগঞা #বুঢ়াগোহাঁই ফৈদৰ সদস্য #হৰিপদ #ডেকাফুকন।

The of of is marred by civil wars, power struggle, misery of people from both common and noble origins alike. The administration was destablised and kingdom was in ruins. Under this adverse circumstance one commander rose in prominence and scored major victories on rebels, and played important role in stability of kingdom in Assam. He is from family.

অসম বুৰঞ্জীত লিপিবদ্ধ #হৰিপদ #ডেকাফুকনৰ সামৰিক অভিযানৰ বিৱৰণী মই মোৰ গ্ৰন্থ " #গগৈসেনাপতি আৰু অন্যান্য বুৰঞ্জীত" উল্লেখ কৰিছোঁ। আজি হৰিপদ ডেকাফুকন ৰ এগৰাকী অন্যতম বংশধৰ #নগাওঁ নগৰৰ বাসিন্দা আৰু "হোটেল #বিদিশা" ৰ স্বত্বাধিকাৰী শ্ৰী #গুনিন্দ্ৰনাথফুকন দেৱক গ্ৰন্থখনৰ একপি প্ৰদান কৰিলোঁ।

Haripod Dekaphukan military exploits are mentioned in my Book " ". Today we visited his descendant Shri , resident of Town, and propriertor of Hotel Bidisha and handed him one copy of the book.

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address


Guwahati
781038