Gauhati University AASU Unit

Gauhati University AASU Unit

Share

This is an unit of the All Assam Students' Union(সদৌ অসম ছাত্র সন্থা) AASU is the abbreviated name of the All Assam Students' Union (সদৌ অসম ছাত্র সন্থা). K.

It is one of the oldest Student and Youth organizations in the country having its roots in the Pre-Independence period. Here is an introduction to the central ideas of the All Assam Students Union.

# ORGANIZATIONAL PATTERN: AASU is an Organization of the students residing within the geographical boundary of Assam, irrespective of caste, colour and religion.

# SECULARISM: Secularism is the unique

11/05/2026
Photos from Gauhati University AASU Unit's post 25/04/2026

পূৰ্বৰ পৰম্পৰা অটুট ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় আছুৰ দুয়োটা গোটৰ বিষয়ববীয়া তথা সদস্যসকলে বিশ্ববিদ্যালয় চৌহদত অৱস্থিত অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰীৰ ঘৰে ঘৰে আৰম্ভ কৰিছে বসন্ত উৎসৱ, ২০২৬ৰ নিমন্ত্ৰণ। আঁঠু কাঢ়ি গুৱা-পাণৰ বঁটাত আগবঢ়োৱা হয় নিমন্ত্ৰণী পত্ৰ। বিশ্ববিদ্যালয় পৰিয়ালৰ সঁহাৰিয়ে আমাক দুগুণে উৎসাহিত কৰিছে। আহক, আমি সকলোৱে একেলগে বিশ্ববিদ্যালয়ৰ এই হেঁপাহৰ বিহুখন উপভোগ কৰোঁ।

তাৰিখ - ৩০ এপ্ৰিল, ২০২৬
স্থান - শ্বহীদ বেদী বাকৰি, গুৱাহাটী বিশ্ববিদ্যালয়

All Assam Students' Union - AASU

Photos from Gauhati University AASU Unit's post 23/04/2026

বসন্ত উৎসৱ ২০২৬ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব লগা বিভিন্ন প্ৰতিযোগিতা সমূহ।

অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলে তলত দিয়া যোগাযোগ নম্বৰত যোগাযোগ কৰক।

All Assam Students' Union - AASU

15/04/2026

সমূহ অসমবাসীক বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ!
ব'হাগে জাতিটোলৈ আশা, সম্ভাৱনা আৰু প্ৰত্যয় কঢ়িয়াই আনক।

All Assam Students' Union - AASU

04/04/2026

ঋতুৰাজ বসন্ত আগমনৰ লগে লগে প্রকৃতিয়ে গছ-লতা, তৰু-তৃণক ন-সাজেৰে আচ্ছাদিত কৰি তোলাৰ লগতে কুলি-কেতেকী, বিহুৱতী চৰাইৰ সুৱদী মাতত চৌপাশ সুশোভিত হৈ উঠে।
অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন ৰঙালী বিহুটিৰ পৰম্পৰা ৰক্ষা কৰি গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে বিগত বৰ্ষ সমূহৰ দৰে এইবৰ্ষও সপ্তম সংখ্যক বসন্ত উৎসৱ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ।
সেয়ে আপোনালোক সদৌটিৰে সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।

All Assam Students' Union - AASU

Photos from Gauhati University AASU Unit's post 02/03/2026

কালি ইং ০১/০৩/২০২৬ তাৰিখে প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগত বিশ্ববিদ্যালয় সপ্তাহৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত খোৱাপানী বিতৰণ কৰা হয়।

All Assam Students' Union - AASU

14/01/2026

সমূহ ৰাইজক শুভেচ্ছা।

12/12/2025

বিশ্ববিদ্যালয় প্ৰশাসনৰ এনে অৱহেলা , দায়িত্বজ্ঞানহীনতা আৰু জাতীয় শ্বহীদ সকলৰ প্ৰতি অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব।

শ্বহীদ বেদী পুণঃ নিৰ্মাণ নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব।
সকলোৰে সহযোগিতা কামনা কৰিলোঁ।

Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন
All Assam Students' Union - AASU

Photos from Gauhati University AASU Unit's post 08/09/2025

গুৱাহাটী বিশ্ববিদ‍্যালয় মুক্ত চিন্তাৰ আখৰাথলী। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে শৈক্ষিক-সাংস্কৃতিক-ক্ৰীড়া আদিকে প্ৰমুখ‍্য কৰি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থজনীত প্ৰতিটো সিদ্ধান্তত নিজৰ মতামত দিব পাৰে তাৰ বাবে গুৰুত্বপূৰ্ণ চালিকা শক্তিয়েই হৈছে সাংবিধানিক সমঅধিকাৰ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আগন্তুক সাধাৰণ নিৰ্বাচনত স্নাতক মহলা ( FYIMP আৰু B.TECH)ৰ ছাত্ৰ-ছাত্ৰীৰ ভোটাধিকাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।
উল্লেখযোগ্য যে, এইক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ‍্যালয় আছু গোটৰ উদ‍্যোগত প্ৰায় সপ্তাহ জোৰা কাৰ্যসূচীৰে স্নাতক মহলাৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ এক স্বাক্ষৰ অভিযান হাতত লোৱা হৈছিল আৰু প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ মাননীয় উপাচাৰ্য মহোদয়ক প্ৰদান কৰা হয়।
এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়ে ইতিবাচক সঁহাৰি জনোৱাৰ লগতে অতি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ জাননী প্ৰকাশ কৰাৰ কথা অৱগত কৰে।

All Assam Students' Union - AASU

Photos from Gauhati University AASU Unit's post 02/09/2025

লুইতৰ দুয়োপাৰ জ্বিলিকাই ৰখা গুৱাহাটী বিশ্ববিদ‍্যালয়লৈ আকৌ এজাক তৰুণ/তৰুণীৰ আগমণ ঘটিল। গুৱাহাটী বিশ্ববিদ‍্যালয় আছু গোট আৰু বিশ্ববিদ‍্যালয় আইন মহাবিদ‍্যালয় আছু গোটৰ উদ‍্যোগত বিশ্ববিদ‍্যালয়ৰ প্ৰত‍্যেকটো বিভাগৰ এই নৱাগত শিক্ষাৰ্থীসকলক আদৰণী জনোৱাৰ মানসেৰে একোখনকৈ শুভেচ্ছা পত্ৰ সহিতে বিভাগ অনুযায়ী Syllabus বিতৰণ কৰা হয়। আমি আশাবাদী আমাৰ এই প্ৰচেষ্টাই শিক্ষাৰ্থীসকলক কৃতাৰ্থ কৰিব।

All Assam Students' Union - AASU

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gauhati University, Gopinath Bordoloi Nagar
Guwahati
781014