06/04/2026
আজি 6 এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ দামোদৰ মোডী দেৱৰ উপস্থিতিত " মৰান পল ক্লাব গ্ৰাউণ্ডত" অনুষ্ঠিত ,বিজয় সংকল্প সভাত ৱাৰ্ডৰ সদস্য সদস্যাৰ সকলৰ সৈতে উপস্থিত থকাৰ কেইখনমান ছবি ধৰি ৰাখিলোঁ। সভাত ডিব্ৰুগড়ৰ জিলাৰ আটাইবোৰ সমষ্টিৰ পাৰ্থী ,ছৰাইদেউ,শিৱসাগৰ জিলাৰ পাৰ্থী সকল, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য সভাৰ সাংসদ যোগেন মোহন আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।প্ৰধানমন্ত্ৰীৰ ভাষনৰ আকৰ্ষণ আছিল অসমীয়াত দিয়া ভাষন।
06/04/2026
মানবীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভালৈ,বুথৰ সদস্য, সদস্যা সকলৰ লগত যাত্ৰা।মৰান পল ক্লাৱ গ্ৰাউণ্ডত। বুথত কাম কৰা সেই সময়ৰ অভিজ্ঞতাৰ আনন্দ আজি সজীব হৈ উঠিল। মোৰ 90 বুথৰ লগতে একেলগে বাছখনত আটাইবোৰ সদস্য সদস্যালৈ মোৰ মৰম থাকিল। আটাইবোৰ ৰ লগত অত্যন্ত ভাল লাগিল। সকলোকে ধন্যবাদ ।
6/04/2026
06/04/2026
বিশ্বৰ সৰ্ববৃহত ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত সকলো স্তৰৰ কাৰ্য্য কৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
11/03/2026
ডিছপুৰত বিজেপিৰ চৰকাৰ আনিবলৈও আমি ডিছপুৰত ঘেৰাও কাৰ্য্য সূচীত অংশগ্ৰহণ কৰিছিলো। হঠাতেই অঘটন ঘটিল,আমি বেনাৰ খন ধৰি শ্লগান দি দি আগবাঢ়ি গৈ থাকোতেই আগফালৰ পৰাই কন্দুৱা গেছ এৰিলে,বেনাৰ খন এৰি কোন কেনিগল কব নোৱাৰিলোঁ,মোৰ সন্মুখত কন্দুৱা গেছ পৰিল।চকুৰে একো নেদেখা হৈছিল, পকা বেৰত খুন্দিয়াই ডাউনটাউন হস্পিতেলৰ সন্মুখৰ পদপথত পৰালৈকে মনত আছিল ,তাৰ পিছত কোনোবাই উঠাই নি হস্পিতালত ভৰ্তি কৰে।
পাছত মই গম পালোঁ যে ডা: হৰি নাৰায়ণ বৰকটকী দেৱে নিজে অস্কিজেন চিলিণ্ডাৰ টানি আনি মোক লগাই দিছিল আৰু কিমান পাছত মোৰ জ্ঞান আহিল নাজানিলোঁ। ভগৱানৰ কৃপাত আৰু ডা:ৰে কৰা চিকিৎসাৰ ফলত সুস্বাস্থ্য হৈ ঘৰ পোৱাৰ পাছত পুনৰ দলৰ কাম দুগুণ উৎসাহেৰে কৰি পাৰ্টিক আগুৱাই নিছিলোঁ।সেই দিনা বিজয় গুপ্তা দেৱ হস্পিতালত চিকিতসাধীন হৈছিল।
̈itinnabinji
11/03/2026
ডিছপুৰত বিজেপিৰ চৰকাৰ আনিবলৈও আমি এনেধৰণৰ ডিছপুৰ ঘেৰাও কাৰ্য্য সূচীত অংশগ্ৰহণ কৰাৰ ছবি।
দলৰ কাৰনে আমি কৰা কামবোৰ এতিয়াৰ নেতৃত্বই অনুধাৱন কৰিব লাগিব।
̈itinnabinji
11/03/2026
Honarable Vankaiya Naiduji,at Dibrugarh Airport 2004 attend the BJP Dibrugarh District meeting at Chowkindigi field.ড:হেমপ্ৰভা বৰঠাকুৰ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বত আছিল।
̈itinnabinji
11/03/2026
2004,5,6 চনৰ সেই সময়ৰ ফটো যিটো সময়ত ড: হেমপ্ৰভা বৰঠাকুৰ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক মহিলা মৰ্ছাৰ সভানেত্ৰীৰ দায়িত্বত আছিল। 3 গৰাকীকৈ ৰাষ্ট্ৰীয় নেতী উপস্থিত আছিল ।মাননীয় বসুন্ধৰা ৰাজে সিন্ধীয় ৰাজস্থানৰ মুখ্য মন্ত্ৰী ,পয়াত সুষমা স্বৰাজ আৰু স্মৃতি জুবিন ঈৰাণী।বাতৰিৰ শিৰোনাম দখল কৰিছিল, 50 হাজাৰ মহিলা, যুৱ সদস্য ,সদস্যা উপস্থিত আছিল।
̈itinnabinji