20/06/2025
'সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিয়া খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ' পূজাৰী অ'
সুন্দৰ পূজাৰী…।'
সুন্দৰৰ পূজাৰী, গণশিল্পী, অসমীয়া জনজীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আজি ' বিষ্ণু ৰাভা দিৱস'ৰ পৱিত্ৰ ক্ষণত গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ।
অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অন্যতম এগৰাকী সাধক বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অতুলনীয় সৃষ্টিৰাজিয়ে জাতিটোক যুগে যুগে সমৃদ্ধ কৰি যাব৷
05/06/2025
বিশ্ব পৰিৱেশ দিৱস – ৫ জুন ২০২৫
আজিৰ এই বিশেষ দিনটোত Mission Green Axom ৰ উদ্যোগত হাজো, ৰামদিয়া আৰু শুৱালকুছি অঞ্চলৰ বিভিন্ন ঐতিহাসিক আৰু শিক্ষা প্ৰতিষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হ'ল।
🌳 গছ ৰোপণ কৰা স্থানসমূহৰ ভিতৰত উল্লেখযোগ্য:
ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়,
BCM মহাবিদ্যালয়, ৰামদিয়া
ৰামদিয়া ছোৱালী হাইস্কুল ,
৭৩নং মাজাৰকুৰি LP বিদ্যালয়,
হীৰাপাৰা LP বিদ্যালয়,
জল্টি দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়, বংশৰ
বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,
গন্ধমৌ এম ই স্কুল,
পূব বংশৰ মহাবিদ্যালয়,
হাজো আৰক্ষী থানাৰ প্ৰাংগণ,
হাজো চক্ৰ বিষয়l কাৰ্যালয়,
আৰু হাজো-শুৱালকুছি অঞ্চলৰ বহুতো গুৰুত্বপূৰ্ণ আৰু জনসমাগম হোৱা স্থান
🙏 বিশেষ ধন্যবাদ: এই ৪ আৰু ৫ জুন তাৰিখে অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো সদস্য, অতিথি, শুভাকাংক্ষী ৰ প্ৰতি Mission Green Axom ৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ সহায় আৰু উপস্থিতিয়ে এই অনুষ্ঠানক এটি সফল আৰু স্মৰণীয় পৰ্যায়লৈ নিয়াত সহজ কৰিলে।
✨ আমাৰ প্ৰতিজ্ঞা:
আমাৰ সমাজ আৰু পৰিৱেশক সজীৱ, সেউজ আৰু সুস্থিৰ কৰি তোলাৰ বাবে Mission Green Axom সদায় সচেষ্ট থাকিব।
ভৱিষ্যতে আৰু বেছি সামাজিক, পৰিৱেশ আৰু জনসচেতনতামূলক কামৰ বাবে আগবাঢ়িম।
🤝 আপোনালোকৰ আশীৰ্বাদ, পথনির্দেশ আৰু সহায়ে আমাৰ অভিযান আগলৈ নিয়াৰ অনুপ্ৰেৰণা।
Mission Green Axom 🌱
"সেউজ পথৰ সন্ধানত আমি — প্রকৃতিক ভাল পাওঁ, সমাজক ভাল পাওঁ
04/06/2025
Mission Green Axom 🌿
“প্ৰকৃতিক ভাল পাওঁ, সমাজক ভাল পাওঁ — সেউজ পথৰ সন্ধানত আমি।”
১০ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে Mission Green Axom ৰ স্থাপনাৰে আমি এটা সপোন লৈ আগবাঢ়িছোঁ—এটা সেউজ, সচেতন আৰু সমাজৰ বাবে উপকাৰী পৰিৱেশ গঢ়ি তোলাৰ।
এই সংগঠনটোৰ মূল উদ্দেশ্য হৈছে—
✅ পৰিৱেশ সংৰক্ষণ
✅ সমাজিক সজাগতা সৃষ্টি
✅ বিভিন্ন সমাজসেৱামূলক কাৰ্য
🍀 এই ৪ আৰু ৫ জুন, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি, হাজো আৰু শুৱালকুছি অঞ্চলৰ ৰাজহুৱা স্থানত ১০০০ জোপা গছ পুলি ৰোপণ কৰাৰ পৰিকল্পনা লৈছোঁ।
এই কাম আমি একেলগে নকৰিলে, সম্ভৱ নহয়।
আজি এই পদক্ষেপৰ আৰম্ভণিমাত্ৰ। কাইলৈ আৰু ডাঙৰ পৰিসৰত এই অভিযান চলিব।
🙏 আপোনালোকৰ সহায়, উৎসাহ আৰু আশীৰ্বাদৰ অবিহনে আমি একোৱে নহয়।
আপোনালোকে হাতত হাত মিলাই, আমাৰ এই যাত্ৰাক সফল কৰি তুলক।
📢 আহক, একেলগে আগবাঢ়ো — গছ ৰোপণ কৰো, পৰিৱেশ ৰক্ষা কৰো, সমাজলৈ অবদান আনো।
এই মাটিত সেউজীৰে ভৰাই দিওঁ।
Mission Green Axom — আপোনাৰ সংগঠন, আমাৰ সংগঠন, সেউজ সমাজৰ বাবে।