28/09/2026
কমলাকান্ত মুছাহাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি🙏
অসমৰ খিলঞ্জীয়া সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ সম্পাদক প্ৰধান তথা বড়ো সাহিত্য সভাৰ উপ-সভাপতি কমলাকান্ত মুছাহাৰীদেৱৰ বিয়োগত আমি গভীৰভাৱে মৰ্মাহত। তেখেতৰ এই অকাল বিয়োগ অসমৰ সাহিত্য, সংস্কৃতি আৰু জনজাতীয় সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
কমলাকান্ত মুছাহাৰীদেৱ আছিল বড়ো সাহিত্য তথা খিলঞ্জীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আজীৱন উৎসৰ্গিত প্ৰাণ। তেখেতে নিজৰ সুদীর্ঘ কৰ্মজীৱনত বড়ো সাহিত্য সভাৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰাৰ পাশাপাশি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাক সবল ৰূপত গঢ় দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ভাষাৰ প্ৰতি থকা অকৃত্রিম দায়ৱদ্ধতা, জাতিপ্ৰেম আৰু নিস্বার্থ কৰ্মস্পৃহাৰ দ্বাৰা তেখেতে অসমীয়া আৰু বড়ো উভয় সমাজতে এক সুকীয়া আদৰ্শ স্থাপন কৰি গ'ল। তেখেতৰ বলিষ্ঠ নেতৃত্ব আৰু অমায়িক ব্যৱহাৰে সদায় আমাৰ হৃদয়ত অনুপ্ৰাণিত কৰি থাকিব।
সাহিত্য সাধনাৰ জৰিয়তে সমাজক এক নতুন দিশ দেখুৱাই যোৱা এই মহান ব্যক্তিগৰাকীৰ আত্মাই চিৰশান্তি লাভ কৰক— ইয়াৰেই কামনা কৰিলোঁ। লগতে, শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা জনালোঁ গভীৰ সমবেদনা।
#श्रद्धांजलि
Raju Medok