28/04/2026
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
ABVP Titabar Unit �
Official page of Akhil Bharatiya Vidyarthi Parishad – Titabar.
� For Students
28/04/2026
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিজ্ঞান, বাণিজ্য আৰু কলা শাখাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
25/04/2026
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্ৰাণপুৰুষ প্রয়াত যশৱন্ত ৰাও কেলকাৰ দেৱৰ জন্মবার্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ নীতি আৰু আদর্শই আমাক সদায় অনুপ্রাণিত কৰি ৰাখিব।
25/04/2026
আজি তামুলপুৰ জিলাৰ গোৰেশ্বৰ নাও কটাৰ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলৰ শিল্পী সকলে অনুষ্ঠান সমাপ্ত কৰি উভতি অহাৰ পথত দলটো দূর্ঘটনাত পতিত হয় আৰু নিশা মনি হালৈ শিল্পী গৰাকীৰ মৃত্যু বৰণ কৰে।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ পৰিয়ালে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শিল্পী গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে ....
23/04/2026
21/04/2026
সতী সাধনী দিৱসৰ পৱিত্ৰ দিনটোত মহান বীৰাংগনাগৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
অসমৰ নাৰীশক্তিৰ বীৰত্ব, স্বাভিমান, সাহসিকতা আৰু দেশপ্ৰেমৰ প্ৰতীকস্বৰূপা মহীয়সী ৰাণী সতী সাধনীৰ আত্মবলিদান যুগে যুগে অমৰ হৈ থাকিব।
19/04/2026
মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনালোঁ।
19/04/2026
পৱিত্ৰ পৰশুৰাম জয়ন্তীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
19/04/2026
অক্ষয় তৃতীয়াৰ পৱিত্ৰ ক্ষণত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
17/04/2026
ভাৰতবৰ্ষৰ এজন মহান শিক্ষক আছিল ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ।
তেখেত আছিল এগৰাকী ভাৰতীয় দার্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।
অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্ৰদেশৰ তৰফৰ পৰা ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱক তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।