BJP Teok Mandal

BJP Teok Mandal Official page of BJP Teok Mandal​

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, টীয়ক মণ্ডল কাৰ্যালয়ত ভক্তিভাৱে...
01/09/2026

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথি উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, টীয়ক মণ্ডল কাৰ্যালয়ত ভক্তিভাৱেৰে নাম-প্ৰসংগ আৰু নাগাৰা নাম অনুষ্ঠিত কৰি গুৰুজনাক স্মৰণ কৰা হয়।
এই পৱিত্ৰ দিনটোত গুৰুজনাৰ অমৰ সৃষ্টি, মহান আদৰ্শ আৰু আধ্যাত্মিক চিন্তা-চেতনাক স্মৰণ কৰি তেখেতৰ শ্ৰীচৰণত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ।
মহাপুৰুষগৰাকীৰ আদৰ্শই আমাৰ সমাজত ভাতৃত্ববোধ, শান্তি, ভক্তি আৰু মানৱতাৰ বাণী সদায় বিলাই যাওক—এয়াই কামনা।🙏🌺

BJP Assam Pradesh
Dilip Saikia
Bjp Jorhat District
Santanu Puzari
BJP Teok Mandal
Monmee Hazarika Tamuli

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ শ...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 💐🎂
জন্মদিনৰ এই শুভক্ষণত ভগৱন্তৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আগন্তুক দিনবোৰতো ৰাইজৰ সেৱাত এনেদৰেই আগবাঢ়ি যাবলৈ ভগৱন্তই আপোনাক শক্তি আৰু সাহস দিয়ক। আপোনাৰ নেতৃত্বত দলটো আৰু অধিক শক্তিশালী হওক।

Dilip Saikia

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনু...
29/08/2026

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনুষ্ঠানত সকলোৱে নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰোঁ আহক...

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা আমাৰ শ্ৰদ্ধাৰ মৃগাংক বৰ্মন ডাঙৰীয়াক টীয়ক মণ্ডল ভাৰতীয় ...
17/08/2026

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি লাভ কৰা আমাৰ শ্ৰদ্ধাৰ মৃগাংক বৰ্মন ডাঙৰীয়াক টীয়ক মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ(BJP Teok Mandal) ফালৰ পৰা হিয়াভৰা অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

৮০ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন।📍 টীয়ক মণ্ডল কাৰ্যালয়, ভাৰতীয় জনতা পাৰ্টিBJP Assam Pradesh Santanu Puzari
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন।

📍 টীয়ক মণ্ডল কাৰ্যালয়, ভাৰতীয় জনতা পাৰ্টি
BJP Assam Pradesh Santanu Puzari

🇮🇳 “জাতীয় পতাকা এখন মুক্ত দেশৰ প্ৰতীক” 🇮🇳ৰাষ্ট্ৰপ্ৰেমৰ অনন্য উৎসৱ আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ...
14/08/2026

🇮🇳 “জাতীয় পতাকা এখন মুক্ত দেশৰ প্ৰতীক” 🇮🇳

ৰাষ্ট্ৰপ্ৰেমৰ অনন্য উৎসৱ আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে আজি ১৪ আগষ্ট, ২০২৬ তাৰিখে টীয়ক মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় গৌৰৱময় “তিৰংগা যাত্ৰা”।

দেশপ্ৰেম, একতা আৰু ৰাষ্ট্ৰীয় স্বাভিমানৰ ভাবনা জনসাধাৰণৰ মাজত অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সমাজৰ বিভিন্ন স্তৰৰ নাগৰিকৰ উৎসাহজনক অংশগ্ৰহণেৰে ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণৰ পৰা এই পদযাত্ৰাৰ শুভাৰম্ভ কৰা হয়।

কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি শ্ৰী শান্তনু পূজাৰী ডাঙৰীয়াই দেশৰ সুৰক্ষা, অখণ্ডতা আৰু স্বাভিমান ৰক্ষাৰ বাবে নিজৰ অমূল্য জীৱন উৎসৰ্গ কৰা প্ৰতিগৰাকী মহান শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেম, ৰাষ্ট্ৰীয় একতা আৰু স্বাভিমানৰ বোধ জাগ্ৰত কৰাৰ লক্ষ্যৰে আয়োজিত এই তিৰংগা যাত্ৰাত সকলোৰে অভূতপূৰ্ব সঁহাৰিয়ে কাৰ্যসূচীক অধিক গৌৰৱমণ্ডিত কৰি তোলে।

🇮🇳 ভাৰত মাতা কী জয়!
🇮🇳 বন্দে মাতৰম!

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Santanu Puzari

13/08/2026

� সকলোৰে হাতত ত্ৰিৰংগা, ঘৰে ঘৰে ত্ৰিৰংগা �
দেশপ্ৰেম কেৱল হৃদয়ত নহয়, দেশৰ প্ৰতি আমাৰ সন্মান প্ৰকাশ পাওক প্ৰতিটো ঘৰৰ চৌহদত উৰি থকা ত্ৰিৰংগাত।
আহক, আগন্তুক ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ঘৰে ঘৰে গৌৰৱেৰে জাতীয় পতাকা উত্তোলন কৰোঁ আৰু সমগ্ৰ দেশক ঐক্য, গৌৰৱ আৰু দেশপ্ৰেমৰ ৰঙেৰে ৰঙীন কৰি তোলোঁ। �
মোৰ দেশ, মোৰ গৌৰৱ। জয় হিন্দ! �
#ঘৰে_ঘৰে_ত্ৰিৰংগা #স্বাধীনতা_দিৱস

আজিৰ অসম কেবিনেট বৈঠকত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু জনকল্যাণৰ দিশত কেবাঘৰাকীও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে:ধাৰা...
11/08/2026

আজিৰ অসম কেবিনেট বৈঠকত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু জনকল্যাণৰ দিশত কেবাঘৰাকীও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে:
ধাৰাবাহিক জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে সবলীকৰণ
বি টি আৰৰ প্ৰগতি আৰু কল্যাণ সুনিশ্চিতকৰণ
মৰাণ-মটক সম্প্ৰদায়ৰ বাবে বিশেষ শিথিলতা প্ৰদান
পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ সম সুযোগ আৰু উন্নয়ন নিশ্চিতকৰণ
অসমৰ প্ৰতিজন নাগৰিকৰ উজ্জ্বল ভৱিষ্যত আৰু সুষম বিকাশৰ দিশত এই পদক্ষেপসমূহ অতিশয় নিৰ্ণায়ক প্ৰমাণিত হ’ব।

Himanta Biswa Sarma

ৰাইজৰ সেৱাত, সদায় ৰাইজৰ কাষত!প্ৰাকৃতিক দুৰ্যোগৰ এই কঠিন সময়ছোৱাত বানপীড়িত প্ৰতিগৰাকী লোকৰ সৈতে আমাৰ চৰকাৰ দৃঢ়তাৰে থি...
30/07/2026

ৰাইজৰ সেৱাত, সদায় ৰাইজৰ কাষত!
প্ৰাকৃতিক দুৰ্যোগৰ এই কঠিন সময়ছোৱাত বানপীড়িত প্ৰতিগৰাকী লোকৰ সৈতে আমাৰ চৰকাৰ দৃঢ়তাৰে থিয় দিছে।
#জনসেৱা

ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা জ্যেষ্ঠ নেতা শ্ৰী জ্যোতিপ্ৰসাদ পাত্ৰ ডাঙৰীয়াৰ আকস্মিক বিয়...
28/07/2026

ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা জ্যেষ্ঠ নেতা শ্ৰী জ্যোতিপ্ৰসাদ পাত্ৰ ডাঙৰীয়াৰ আকস্মিক বিয়োগত ভাৰতীয় জনতা পাৰ্টি, টীয়ক মণ্ডল সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ২০ নং গোঁহাই ফেচুৱালগাঁও পঞ্চায়তৰ আমাৰ অতি পৰিচিত তথা শ্ৰদ্ধাৰ নেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি দলৰ বিভিন্ন দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কাৰ্যত নিজকে উৎসৰ্গা কৰিছিল। তেখেতৰ অনবদ্য অৱদান, কৰ্মনিষ্ঠা আৰু সমৰ্পিত মনোভাৱ আমাৰ সকলোৰে বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। তেখেতৰ এই অকাল বিয়োগে কেৱল দলটোৰেই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবেও এক অপূৰণীয় ক্ষতি সাধন কৰিলে।
স্বৰ্গীয় শ্ৰী জ্যোতিপ্ৰসাদ পাত্ৰ ডাঙৰীয়াৰ অন্তিম বিদায় ক্ষণত যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াৰ লগতে টীয়ক মণ্ডল বিজেপিৰ বহু কাৰ্যকৰ্তা উপস্থিত থাকে। সকলোৱে তেখেতৰ নশ্বৰ দেহত দলীয় পতাকা অৰ্পণ কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ভাৰতীয় জনতা পাৰ্টি, টীয়ক মণ্ডল সমিতিৰ ফালৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে।
ওঁ শান্তি। 🙏

BJP Assam Pradesh
Dilip Saikia
Santanu Puzari
BJP Teok Mandal

Address

99 Teok LAC. Teok Mandal
Jorhat
785107

Website

Alerts

Be the first to know and let us send you an email when BJP Teok Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share