18th SFI All Assam Conference

18th SFI All Assam Conference Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 18th SFI All Assam Conference, Political organisation, Jorhat.

প্ৰেছ বিজ্ঞপ্তি৫ জুন, ২০২৬📌চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নামত শিক্ষাব্যৱস্থাত চলা বিশৃংখলতা বন্ধ কৰক📌এন ই পি আৰু FYUGP-ৰ...
08/06/2026

প্ৰেছ বিজ্ঞপ্তি
৫ জুন, ২০২৬

📌চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নামত শিক্ষাব্যৱস্থাত চলা বিশৃংখলতা বন্ধ কৰক

📌এন ই পি আৰু FYUGP-ৰ পৰিকল্পনাহীন ৰূপায়ণে শিক্ষাৰ্থীৰ ভৱিষ্যতক অনিশ্চয়তাৰ দিশে ঠেলি দিছে : এছ এফ আই

অসমৰ উচ্চ শিক্ষাখণ্ডত বৰ্তমান সৃষ্টি হোৱা গভীৰ সংকটে শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ আধাৰত ২০২৩ চনত চৰকাৰে অসমৰ কলেজ আৰু বিশ্ববিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম (FYUGP) প্ৰৱৰ্তন কৰিছিল। কিন্তু পৰ্যাপ্ত প্ৰস্তুতি, পাঠ্যক্ৰম নিৰ্ধাৰণ, শিক্ষক নিয়োগ, আন্তঃগাঁথনি উন্নয়ন আৰু অংশীদাৰসকলৰ সৈতে আলোচনা অবিহনে এই ব্যৱস্থা জাপি দিয়াৰ ফলত আজি ইয়াৰ নেতিবাচক পৰিণাম স্পষ্ট হৈ পৰিছে।
অত্যন্ত উদ্বেগজনক বিষয় যে FYUGP আৰম্ভ হোৱাৰ তিনিবছৰ পিছতো চতুৰ্থ বৰ্ষৰ পাঠ্যক্ৰম, মূল্যায়ন ব্যৱস্থা আৰু শৈক্ষিক কাঠামো সম্পৰ্কে স্পষ্ট নিৰ্দেশনা প্ৰকাশ কৰা হোৱা নাই। ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে এতিয়াও নিজৰ পৰৱৰ্তী শৈক্ষিক যাত্ৰা সম্পৰ্কে নিশ্চিত তথ্য লাভ কৰা নাই। ফলত তেওঁলোকে গভীৰ অনিশ্চয়তা আৰু বিভ্ৰান্তিৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে।
বিশেষকৈ বহু শিক্ষাৰ্থীয়ে চতুৰ্থ বৰ্ষ অধ্যয়নৰ আশাত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল। চৰকাৰৰ এই দায়িত্বহীনতাৰ ফলত তেওঁলোকৰ এক মূল্যবান শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকা দেখা দিছে।

অসমত দেখা দিয়া এই সংকট কোনো বিচ্ছিন্ন ঘটনা নহয়। দেশৰ অন্যতম বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম দিল্লী বিশ্ববিদ্যালয়তো চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ ফলত একাধিক সমস্যাৰ সৃষ্টি হৈছে বুলি শিক্ষক আৰু শিক্ষাৰ্থীসকলে অভিযোগ উত্থাপন কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য তথা শিক্ষকসকলে এই ব্যৱস্থাক “এক সম্পূৰ্ণ বিশৃংখল প্ৰকল্প” বুলি আখ্যা দিছে। তেওঁলোকৰ মতে, তিনি বছৰৰ পাঠ্যক্ৰমৰ বাবে নিৰ্ধাৰিত শিক্ষক-কৰ্মচাৰী নিযুক্তি নিদিয়াকৈ আৰু আন্তঃগাঁথনি গঢ়ি নোতোলাকৈ চতুৰ্থ বৰ্ষ সংযোজন কৰা হৈছে।
ইয়াৰ উপৰিও, চাৰিবছৰীয়া ডিগ্ৰী সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলৰ বাবে একবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা বাস্তৱায়িত নোহোৱাত উচ্চ শিক্ষাৰ পথো অধিক জটিল হৈ পৰিছে। পিএইচডি ভৰ্তি, স্নাতকোত্তৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত স্পষ্ট নীতিৰ অভাৱেও শিক্ষাৰ্থীসকলৰ মাজত বিভ্ৰান্তি বৃদ্ধি কৰিছে।

এছ এফ আইৰ দৃঢ় মত যে শিক্ষাব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষাৰ নামত শিক্ষাৰ্থীসমাজৰ ভৱিষ্যতৰ সৈতে জুৱাখেল চলিব নোৱাৰে। কোনো বৃহৎ শিক্ষা সংস্কাৰ কাৰ্যকৰী কৰাৰ পূৰ্বে পৰ্যাপ্ত প্ৰস্তুতি, গণতান্ত্ৰিক আলোচনা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব।
এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে চৰকাৰক দাবী জনাইছে যে অনতিপলমে FYUGP-ৰ চতুৰ্থ বৰ্ষ সম্পৰ্কীয় সকলো অনিশ্চয়তাৰ অৱসান ঘটাই স্পষ্ট শৈক্ষিক মানচিত্ৰ ঘোষণা কৰক, শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰক আৰু শিক্ষাখণ্ডত চলি থকা এই অৰাজকতাৰ অন্ত পেলাওক।
অন্যথা শিক্ষাৰ্থীসমাজৰ ন্যায্য দাবী আৰু ভৱিষ্যত ৰক্ষাৰ স্বাৰ্থত এছ এফ আইয়ে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।

ধন্যবাদসহ,
দেৱান ইপ্টিকাৰ হুছেইন
সভাপতি
ৰাজদ্বীপ মহন্ত
সম্পাদক
এছ এফ আই – অসম ৰাজ্যিক সমিতি

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when 18th SFI All Assam Conference posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share