19/06/2025
যোৱা 14/06/25 তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লঙ্কা শাখাৰ পূৰ্ব শাখা ভংগ কৰি ২০২৫-২৬ বৰ্ষৰ বাবে নতুন শাখা গঠন কৰা হয়। উক্ত শাখা গঠন কাৰ্যক্ৰমত উপস্থিত থাকে নগাঁও বিভাগ সাংগঠনিক সম্পাদক কনকলাল দেৱ ডাঙৰীয়া আৰু ৰাজ্যিক ছাত্ৰী প্ৰমুখ আচলা ভট্টাচাৰ্য ডাঙৰীয়ানী ।
12/06/2025
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিত আজি মহাপুৰুষগৰাকীক শ্রদ্ধাৰে সুঁৱৰিছো।
09/05/2025
মহান স্বাধীনতা সংগ্ৰামী, সংগীতকাৰ, নাট্যকাৰ, সাহিত্যিক, চিত্ৰশিল্পী, দাৰ্শনিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তীত তেখেতক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
05/05/2025
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লঙ্কা মহাবিদ্যালয় শাখাৰ পৰা লঙ্কা মহাবিদ্যালয়ৰ ছাত্ৰী তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লঙ্কা শাখাৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা প্ৰিয়শী ঘোষৰ অকাল মৃত্যুত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰু সকলোৱে মিলি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
02/05/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ লঙ্কা শাখাৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা প্ৰিয়শী ঘোষৰ অকাল মৃত্যু হোৱাত আজি বিদ্যাৰ্থী পৰিষদ লঙ্কা শাখাৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
30/04/2025
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লঙ্কা শাখাৰ এগৰাকী সক্ৰিয় কাৰ্যকৰ্তা প্ৰিয়শী ঘোষৰ অকাল বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔম: শান্তি 🙏
23/04/2025
মানৱ সেৱাই ঈশ্বৰ সেৱা।
মানৱ ধৰ্মই পৰম ধৰ্ম।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, লঙ্কা শাখা আৰু লঙ্কা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দ্বাৰা লঙ্কা মহাবিদ্যালয়ত প্ৰতি বছৰৰ দৰে এইবছৰো বিনামূলীয়া form fill upৰ বাবে "Help Desk" ৰ ব্যৱস্থা কৰা হৈছে।
য'ত উচ্চ মাধ্যমিক প্ৰথম বৰ্ষ (H.S 1st year)ত নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া form fill up কৰা হয়।
এই form fill up যোৱা ইং 17/04/2025ৰ পৰা আৰম্ভ হৈছে আৰু 24/04/2025 তাৰিখ লৈকে চলিব। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান লৈকে form fill up কৰা নাই তেওঁলোকক অতি শীঘ্ৰে Form fill up কৰাৰ বাবে অনুৰোধ জনালোঁ।
'sUnion
15/04/2025
"ব'হাগ মাথো এটি ঋতু নহয়
নহয় ব'হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ।"
সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু ব'হাগ বিহুৰ ওলগ জনালোঁ। নতুন বছৰটোৱে যাতে সকলো লৈ কঢ়িয়াই আনক সুখ শান্তি আৰু আশাৰ বতৰা ।