02/05/2026
কৃত্ৰিম বুদ্ধিমত্তা, হয়তো AI বুলি ক'লেহে সকলোৱে বুজি পাব। ইয়াৰ দ্বাৰা আমাৰ ভাষা, সংস্কৃতি ৰক্ষা কৰিম বুলি ভাবিছোঁ যদি কেতিয়াও সফল হ'ব নোৱাৰো। আজিকালি যিদৰে AI ৰ দ্বাৰা গীত সৃষ্টি কৰা হৈছে তাত অসমীয়া শব্দৰ উচ্চাৰণ বিকৃত হোৱা নাই নে? কোনো এজন গায়ক বা গায়িকাই জুবিন গাৰ্গ দেৱৰ গীত অলপ ইফাল সিফাল কৰিলেই আমি সেই গায়ক বা গায়িকা গৰাকীৰ ওপৰত জপিয়াই পৰো কিন্তু এই AI ৰ দ্বাৰা সৃষ্ট গীত সমূহৰ শব্দৰ উচ্চাৰণে অসমীয়া ভাষাটোকে ধ্বংস কৰা যেন অনুভৱ কৰো। কিছু লোকে ক'ব খোজে এই AI য়ে আমাৰ মৰমৰ সংগীত শিল্পীসকলৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাব। তেনেকৈ কৈ আমি আমাৰ শিল্পীসকলক হেয় কৰিব নিবিচাৰো। কাৰণ তেওঁলোক ইমান দুৰ্বল নহয় যে তেওঁলোকৰ সৃষ্টিক কিবাহে দমন কৰিব। শিল্প হৈছে এই পৃথিৱীত একক আৰু অনন্য। কিন্তু ভয় হয় এই বিচ্ছায়নৰ সময়ত AI ৰ বিকৃত শব্দৰ উচ্চাৰণে অসমীয়া ভাষাটোকে পৃথিৱীত ভুলকৈ উপস্থাপন হয় বুলি। বিজ্ঞান আৰু প্ৰযুক্তি আগবাঢ়ি যাবই বা ভৱিষ্যতেও ন ন সৃষ্টি হ'ব। তাত কোনো দ্বিমত নাই। AI ৰ গীত সৃষ্টি কৰক কিন্তু তাত শব্দৰ উচ্চাৰণ ঠিক হৈছে নে তাক লক্ষ্য কৰাটো অধিক গুৰুত্ব দিয়াতো প্ৰয়োজন। অৱশ্যে কি..নো হ'ব, আজিকালি আমি বোৰে আকৌ আধা ইংৰাজী আধা অসমীয়া নোকোৱাকৈ কথাই ক'ব নোৱাৰো নহয়! যি প্ৰযুক্তিয়ে এটা জাতিৰ সভ্যতা, সংস্কৃতি আৰু ভাষাক ধ্বংস কৰিব পাৰে তেনে প্ৰযুক্তি ব্যৱহাৰত সতৰ্ক হোৱাতো অতি প্ৰয়োজন।