25/09/2026
আজি নৰতাপ গাঁও পঞ্চায়ত কাৰ্যালয়ত গোধনৰ কৃত্ৰিম প্ৰজনন বিষয়ক এখন জিলা পৰ্যায়ৰ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীত ডিমৰীয়াৰ মাননীয় বিধায়ক ড' তপন দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে।
সভাখনত ডিমৰীয়া সম-জিলাৰ সহকাৰী আয়ুক্ত, সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ডিমৰীয়া সম-জিলাৰ সম-জিলা আৰক্ষী অধীক্ষক, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জনপ্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে।
বৈজ্ঞানিক প্ৰজনন পদ্ধতিৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে গোধনৰ উৎপাদনশীলতা বৃদ্ধি আৰু গ্ৰাম্য পশুধনভিত্তিক অৰ্থনীতি শক্তিশালী কৰাত ইয়াৰ গুৰুত্ব সম্পৰ্কে জনসাধাৰণক অৱগত কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল।
CMO Assam
Directorate of Information and Public Relations, Assam
Janasanyog Kamrup Metro
Kamrup Metropolitan District Administration
Dimoria Co-District