Hemanta Kumarr Rabha

Hemanta Kumarr Rabha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Hemanta Kumarr Rabha, Tamulpur.

14/06/2026
ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ফে'চবুক লাইভযোগে অসমবাসীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰি...
14/06/2026

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ফে'চবুক লাইভযোগে অসমবাসীৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰিব৷৷

সময় - বিয়লি ৫ বজাত

অসমৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অসম কেবিনেটৰ বৈঠক অন...
13/06/2026

অসমৰ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । আজিৰ বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ:

✅ অসমত ১ জুলাইৰ পৰা ৰূপায়ণ হ’ব 'বিকশিত ভাৰত—নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান (গ্রামীণ)
✅ ১৮ বছৰৰ ঊৰ্ধ্বৰ লোকৰ নতুন আধাৰ নামভৰ্তি আৰু জাৰি কৰাত নিষেধাজ্ঞা
✅ সুপৰিকল্পিত নগৰ উন্নয়নৰ বাবে গঠন হ’ব গুৱাহাটী ছেটেলাইট চিটী উন্নয়ন প্ৰাধিকৰণ (GSCDA)

13/06/2026
“অসমৰ গৌৰৱ তেজপুৰীয়া লিচু, সোৱাদেই অতুলনীয়।”মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে  ১২/০৬/২০২৬ তাৰিখে  গুৱাহাটীৰ...
13/06/2026

“অসমৰ গৌৰৱ তেজপুৰীয়া লিচু, সোৱাদেই অতুলনীয়।”

মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱে ১২/০৬/২০২৬ তাৰিখে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছিংগাপুৰলৈ জি আই টেগপ্ৰাপ্ত তেজপুৰ লিচুৰ এটা কনচাইনমেন্টৰ ৰপ্তানিৰ ফ্লেগ অফ কৰে। অসমৰ ৫০০ কিল'গ্ৰাম ‘পিঁয়াজী’ প্ৰজাতিৰ লিচু এই কনচাইনমেন্টৰ জৰিয়তে প্ৰেৰণ কৰা হয়।

সম্প্ৰতি ডুবাইলৈ জিআই টেগপ্ৰাপ্ত অসমৰ লিচু ৰপ্তানিৰ পাছত এই সফলতাই ৰাজ্যখনৰ কৃষিজাত সামগ্ৰীৰ প্ৰতি বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় চাহিদাক প্ৰতিফলিত কৰিছে।

কালি ০৭/০৬/২০২৬ তাৰিখে বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ শীৰ্ষক এখনি গু...
08/06/2026

কালি ০৭/০৬/২০২৬ তাৰিখে বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত উপস্থিত থাকোঁ ।

দলৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীদিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত এই কৰ্মশালাত ৰাষ্ট্ৰীয় সমিতিৰ হৈ শ্ৰীহেমন্ত গোস্বামী ডাঙৰীয়া, শ্ৰীবৰুণ জাভেৰী ডাঙৰীয়া, ৰাজ্যিক প্ৰভাৰী শ্ৰীহৰিশ দ্বিবেদী ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীকামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সংগঠনৰ প্ৰশিক্ষণ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বক্তব্য ৰাখে।

এই কৰ্মশালাত অহা ১৫ জুন তাৰিখৰ পৰা ৫ জুলাই লৈকে মণ্ডল স্তৰত আৰু ৬ জুলাইৰ পৰা ২০ জুলাই লৈকে জিলা স্তৰত প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ হ'ব ।
Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh

Address

Tamulpur
781367

Website

Alerts

Be the first to know and let us send you an email when Hemanta Kumarr Rabha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share