Balikuchi Evergreen Socio-economic Development Society

Call Contact the organization

Balikuchi Evergreen Socio-economic Development Society It's all about tree plantation, Saving mother nature, Clean and green for a better environment

🇮🇳 স্বাধীনতা দিৱস উদযাপন🇮🇳৮০ সংখ্যক স্বাধীনতা দিৱস অতি উৎসাহ-উদ্দীপনাৰে উদযাপন কৰাৰ লগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বালিক...
15/08/2026

🇮🇳 স্বাধীনতা দিৱস উদযাপন🇮🇳

৮০ সংখ্যক স্বাধীনতা দিৱস অতি উৎসাহ-উদ্দীপনাৰে উদযাপন কৰাৰ লগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বালিকুছি এল.পি. স্কুলত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

বালিকুছি আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল
ছাত্ৰ-ছাত্ৰী আৰু শিশুসকলৰ সৃষ্টিশীল প্ৰতিভাক উৎসাহিত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্ববোধৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

চিত্ৰাংকন প্ৰতিযোগিতাত উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী কণমানি প্ৰতিযোগীক তেওঁলোকৰ সৃষ্টিশীলতা আৰু অংশগ্ৰহণৰ স্বীকৃতি হিচাপে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। তেওঁলোকৰ চিত্ৰসমূহত কেৱল সৃষ্টিশীল প্ৰতিভাই নহয়, পৰিৱেশৰ প্ৰতি থকা মৰম আৰু সচেতনতাও সুন্দৰভাৱে প্ৰতিফলিত হৈছিল।

শিশু,ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, সমাজৰ সদস্য আৰু শুভাকাংক্ষীসকল একেলগে মিলি দেশপ্ৰেম, সৃষ্টিশীলতা আৰু পৰিৱেশ সচেতনতা উদযাপন কৰা এই অনুষ্ঠানটো সঁচাকৈয়ে এক আনন্দদায়ক আৰু প্ৰেৰণাদায়ক অভিজ্ঞতা আছিল।

🌱 আহক, আমি আমাৰ শিশুসকলক দেশক ভাল পাবলৈ, প্ৰকৃতিক সুৰক্ষা দিবলৈ আৰু এখন সেউজীয়া, সুস্থ আৰু সুন্দৰ ভৱিষ্যৎ গঢ়িবলৈ অনুপ্ৰাণিত কৰোঁ।

জয় হিন্দ! 🇮🇳
জয় ভাৰত🌿

বালিকুছি প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপনবালিকুছি, ৫ জুনঃ বালিকুছি এভাৰগ্ৰীণ আৰ্থ-সামাজিক উন্নয়ন সমিতি আৰু ব...
05/06/2026

বালিকুছি প্ৰাথমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

বালিকুছি, ৫ জুনঃ বালিকুছি এভাৰগ্ৰীণ আৰ্থ-সামাজিক উন্নয়ন সমিতি আৰু বালিকুছি প্ৰাথমিক বিদ্যালয়ৰ যৌথ উদ্যোগত আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে উৎসাহেৰে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে বালিকুছি এভাৰগ্ৰীণ আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ সম্পাদক শ্ৰীনৃপেন কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰি উপস্থিত সকলোকে আন্তৰিকভাৱে স্বাগতম জনায়। তেওঁ নিজৰ ভাষণত পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সুস্থ আৰু সেউজীয়া পৃথিৱী গঢ়ি তোলাৰ বাবে সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পিছতে সম্পাদকে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সম্পৰ্কে এক তথ্যসমৃদ্ধ বক্তৃতা আগবঢ়ায়। তেওঁ বৰ্ধিত প্ৰদূষণ, বন উজাৰি, জলবায়ু পৰিৱৰ্তন আদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টি কৰে।

অনুষ্ঠানৰ এক বিশেষ পৰ্বত প্ৰধান শিক্ষক শ্ৰি বিজয় সাগৰ ডেকাৰ সহযোগত শিক্ষাৰ্থীসকলৰ মাজত পৰিৱেশ সুৰক্ষাৰ শপত গ্ৰহণ কৰোৱা হয়। শপত গ্ৰহণ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে গছপুলি ৰোপণ আৰু সংৰক্ষণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে সদায় সচেষ্ট থকাৰ প্ৰতিশ্ৰুতি দিয়ে।

অনুষ্ঠানৰ অন্তত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়। আয়োজকসকলে ভৱিষ্যতেও এনে সচেতনতামূলক কাৰ্যসূচী অব্যাহত ৰাখিব বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানটোৱে শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হয়। অনুস্থানৰ অন্তত বালিকুছি এভাৰৰ্গ্ৰীন আৰ্থ -সামজিক উন্নয়ন সমিতিৰ উপ-সভাপতিয়ে শলাগৰ শৰাই আগবঢ়াই ।

Best wishes to all the incredible women on this special day.
08/03/2026

Best wishes to all the incredible women on this special day.

10/02/2026

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীলৈ বালিকুছি এভাৰগ্ৰীন আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনালোঁ....

বালিকুছি হৰি মন্দিৰ প্ৰাংগণত গণৰাজ্য দিৱস উদযাপনৰ-
26/01/2026

বালিকুছি হৰি মন্দিৰ প্ৰাংগণত গণৰাজ্য দিৱস উদযাপনৰ-

Wishing you all a very happy 77th Republic Day 2026
26/01/2026

Wishing you all a very happy 77th Republic Day 2026

01/01/2026

Happy new year to all friends followers 💐💐💐

31/12/2025

প্ৰকৃতি বা পৰিবেশ ধ্বংস কৰি আমি কেতিয়াও আগুৱাই যাব নোৱাৰো।

আজি ইং ০৭/১২/২০২৫ তাৰিখ ৰবিবাৰে বালিকুছি এভাৰগ্ৰীন আৰ্থ-সামাজিক উন্নয়ণ সমিতিৰ উদ্যোগত আৰু গুৱাহাটী লাইঅন্স চকু চিকিৎসালয়...
07/12/2025

আজি ইং ০৭/১২/২০২৫ তাৰিখ ৰবিবাৰে বালিকুছি এভাৰগ্ৰীন আৰ্থ-সামাজিক উন্নয়ণ সমিতিৰ উদ্যোগত আৰু গুৱাহাটী লাইঅন্স চকু চিকিৎসালয়ৰ সৌজন্যত বালিকুছি প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া দায়েবেতিছ, ৰক্তচাপ আৰু চকু ৰ পৰিক্ষা শিবিৰ অনুস্থিত হয়। উক্ত শিবিৰৰ অনুস্থান টি আট ধৰে সমিতিৰ সভাপতি শ্ৰীঅছ্যুত কুমাৰ নাথ দেবে লগতে তেখেতক সম্পুৰ্ণ সহযোগ আগবঢ়াই নিয়ে সমিতিৰ সম্পাদক শ্ৰীনৃপেন কুমাৰ নাথে আৰু উক্ত অনুস্থানতো সমিতিৰ সকলো সদস্যই চলাই নিয়াত সম্পুৰ্ণ সহায় সহযোগ কৰে । আনহাতে এই অনুস্থানটিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন শিক্ষক শ্ৰীপবিত্ৰ কুমাৰ নাথ দেবে । উক্ত শিবিৰত শতাধিক লোকক পৰিক্ষা কৰে আৰু তাৰে মাজৰ পৰা ১৮ গৰাকী ৰোগিক চকুৰ চানি পৰা (কেতেৰেক্ত) অস্ত্ৰোপচাৰৰ বাবে বাচনি কৰি উলিওৱা হয় আৰু বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ বাবে ব্যবস্থা কৰা হয় । উক্ত অনুস্থানটি গুৱাহাটী লাইঅন্স চকু চিকিৎসালয়ৰ ড° ডিম্বেশ্বৰ পাঠক,শ্ৰীভবেশ শৰ্মা আৰু মন্তু দাস বাইদেউ উপস্থিত থাকি শিবিৰটো চলাই নিয়ে । এই সুযোগতে আটাই লৈ আমি এভাৰগ্ৰীন আৰ্থ-সামাজিক উন্নয়ন সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

আপোনাৰ সু-স্বাস্থ্য  আমাৰ কাম্য । আহিব সকলোৱে আপোনাৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ 👇
28/11/2025

আপোনাৰ সু-স্বাস্থ্য আমাৰ কাম্য । আহিব সকলোৱে আপোনাৰ স্বাস্থ্যৰ পৰীক্ষা কৰিবলৈ 👇

Address

Balikuchi , Darrang
Tezpur
784148

Telephone

+918638698749

Website

Alerts

Be the first to know and let us send you an email when Balikuchi Evergreen Socio-economic Development Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Balikuchi Evergreen Socio-economic Development Society:

Shortcuts

Share