28/01/2024
সদ্যঘোষিত ২০২৪ৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত তিনিগৰাকী বিশিষ্ট অসমীয়া ক্ৰমে ভাৰতৰ প্ৰথমগৰাকী মহিলা হাতী মাউত শ্ৰীমতী পাৰ্ৱতি বৰুৱা, কৃষিকৰ্মেৰে আদৰ্শ দেখুওৱা শ্ৰীযুত সৰ্বেশ্বৰ বসুমতাৰী আৰু ওজাপালি শিল্পী শ্ৰীযুত দ্ৰোণ ভূঞালৈ ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
28/01/2024
ঐতিহাসিক পথৰুঘাটৰ ৰণ- বৃটিছৰ বিৰুদ্ধে ভাৰতৰ কৃষক আন্দোলনসমূহৰ ভিতৰত অন্যতম শক্তিশালী কৃষক বিদ্ৰোহ। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত প্ৰাণ আহুতি দিয়া মহান কৃষক শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ স্মৃতি চিৰযুগমীয়া হৈ থাকিব।
BJP Assam Pradesh
BJYM Assam
27/01/2024
ডিমাচা ভাই-ভনীসকলৰ আদৰৰ উৎসৱ বুছু ডিমাৰ আটাইলৈ শুভকামনা জনালোঁ৷ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ নিপুণ চানেকিৰে সমৃদ্ধ অসমৰ এই কৃষিভিত্তিক উৎসৱটিয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সম্প্ৰীতিৰ বতৰা, সেয়াই কামনা কৰিলোঁ৷
27/01/2024
শত শত বন্তিৰে
জ্ঞানৰে দীপালীয়ে,
জিলিকাব লুইতৰে পাৰ…
গুৱাহাটী বিশ্ববিদ্যালয় হাজাৰ হাজাৰ তৰুণ-তৰুণীৰ স্বপ্নৰ মন্দিৰ৷ ১৯৪৮ চনত আমাৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলক সমৃদ্ধ কৰি জন্মলাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ জাতীয় জীৱনৰ গৌৰৱ৷ বহুজন কৃতবিদ্যৰ অপাৰ প্ৰচেষ্টা, অহোপুৰুষাৰ্থ তথা ত্যাগৰ বিনিময়ত অংকুৰিত বিশ্ববিদ্যালয়খনে আজিলৈ সৃষ্টি কৰিছে হাজাৰ হাজাৰ স্বনামধন্য সত্তাক৷ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱে প্ৰত্যাশা কৰাৰ দৰে বিদ্যাৰ মন্দিৰখনে সঁচাকৈয়ে জিলিকাইছে লুইতৰ পাৰ৷
আজি প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত আটাইলৈ মোৰ হিয়াভৰা অভিনন্দন জনালোঁ৷
27/01/2024
ডিমাচা সকলৰ আদৰৰ উৎসৱ বুছু ডিমাৰ আন্তৰিক শুভকামনা জনালোঁ।
27/01/2024
ডিমাচা ভাই-ভনীসকলৰ আদৰৰ উৎসৱ বুছু ডিমাৰ আন্তৰিক শুভকামনা জনালোঁ।