Ghagra VCDC

Ghagra VCDC

Share

Goal to Development of Ghagra VCDC Under 33 No Nonoi Serfang Constituency, BTR

Photos from Ghagra VCDC 's post 24/08/2025

বিটিআৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটোত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অৰ্থৰ অভাৱৰ বাবে যাতে তেওঁলোকে থমকি নৰয় তাৰ বাবে বিটিআৰ চৰকাৰে হাতত লোৱা 'জ্ঞান চৌৰাং বিথাংখী' আচঁনিৰ দ্বাৰা প্ৰদান কৰা ৫০০০ টকাৰ চেক ননৈ চেৰফাং সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিত বিতৰণ কৰা হয় । সমষ্টিটোৰ পাৰিষদ তথা ই এম সঞ্জিত তাঁতী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ ছাত্ৰ-ছাত্ৰী সকলে এই আচঁনি লাভ কৰাৰ বাবে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো ।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Sanjit Tanti

Photos from Ghagra VCDC 's post 25/05/2025

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 ত্ৰিৰংগা যাত্ৰা🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত ঘাগ্ৰাত থকা আমাৰ দেশৰ বীৰ জোৱান ভাৰতীয় সেনাৰ ৩১৩ ৰেজিমেণ্টৰ সৈতে "ত্ৰিৰংগা যাত্ৰা" কৰা হয় । এই "ত্ৰিৰংগা যাত্ৰা"ত ভাৰতীয় সেনাৰ বীৰ জোৱান সকলৰ সৈতে ঘাগ্ৰা ভিচিডিচিৰ সভাপতি গোবিন্দ সিং আৰু স্থানীয় লোক সকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে । 
✊✊ We are proud to be an Indian✊✊

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
Sanjit Tanti

Photos from Ghagra VCDC 's post 04/01/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে নৱগঠিত বিধান সভা সমষ্টিৰ ভিত্তিত নতুন ৰেচন কার্ড বিতৰণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ সন্মানীয় কাৰ্য্যবাহী সদস্য শ্ৰীযুত সঞ্জিত তাঁতীৰ বিশেষ প্ৰচেষ্টাত ঘাগ্ৰা ভিচিডিচিত ১৫ টা হিতাধিকাৰীৰ মাজত ভিচিডিচিৰ সভাপতি শ্ৰীযুত গোবিন্দ সিঙে ৰেচন কাৰ্ড সমূহ বিতৰণ কৰে ।

আশা কৰিছো এই চৰকাৰী আঁচনিৰ জৰিয়তে বহু দৰিদ্ৰ পৰিয়াল অতিকৈ লাভৱান হব।

Himanta Biswa Sarma
MyGov Assam
Pramod Boro
Sanjit Tanti

Photos from Ghagra VCDC 's post 13/09/2024

যোৱা নিশা বন্যহস্তীৰ জাক এটাই বিটিআৰৰ ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ ৬নং লাইনত দুটাকৈ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে জীতেন কেওঁত নামৰ ব্যক্তিগৰাকীৰ সন্তান কৃষ্ণ কেওঁত কিছু আঘাতপ্ৰাপ্ত হয় । ঘটনাৰ খৱৰ পোৱাৰ লগে লগে সমষ্টিটোৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য শ্ৰীযুত সঞ্জিত তাঁন্তিৰ নিৰ্দেষমৰ্মে ঘাগ্ৰা ভিচিডিচিৰ অধ্যক্ষ শ্ৰীযুত গোবিন্দ সিঙে পৰিয়াল দুটাক সাক্ষাৎ কৰাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে । ইয়াৰোপৰি কণমানি গৰাকীক চিকিৎসাললৈ নি উপযুক্ত চিকিৎসা প্ৰদান কৰা হয় ।

25/07/2024

🛑বিশেষ জাননী🛑

অহাকালি ৰাতিপুৱা ৮ঃ৩০ বজাত ঘাগ্ৰাৰ সৈনিক বিদ্যালয়ত ভাৰতীয় সেনাৰ 174 ফিল্ড ৰেজিমেন্টৰ দ্বাৰা যুদ্ধ ক্ষেত্ৰত ব্যবহৃত বিভিন্ন অস্ত্ৰ-হস্ত্ৰ সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান বিকশিত কৰাৰ উদ্দেশ্যৰে প্ৰদৰ্শনীমুলক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সেয়েহে নিৰ্ধাৰিত উক্ত সময়ৰ ৩০ মিনিট আগতে ছাত্ৰ-ছাত্ৰী সকলক ঘাগ্ৰা সৈনিক স্কুলত আহি পাবলৈ অনুৰোধ জনোৱা হয় ।

Contact for More Information: 7896574493

17/05/2024

চাকৰি প্ৰত্যাশী যুৱক-যুৱতী সকলৰ বাবে এক সুৱৰ্ণ সুযোগ কঢ়িয়াই আনিছে বিটিআৰৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত সঞ্জীত তাঁতী ডাঙৰীয়াই

ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ যি সকল নিবনুৱা যুৱক-যুৱতীয়ে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ বিভিন্ন বিভাগৰ খালী হৈ থকা পদৰ বাবে ইতিমধ্যে আৱেদন কৰিছে, সেইসকল যুৱক-যুৱতীৰ বাবে দুমহীয়া বিনামুলীয়া কোছিঙৰ ব্যৱস্থা কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত সঞ্জীত তাঁতী ডাঙৰীয়াই । পিছে দেৰি কিহৰ ?

আজিয়েই আবেদন কৰক আৰু বিনামুলীয়া কোচিং ৰ ব্যৱস্থা লাভ কৰক ।
Himanta Biswa Sarma
Ashok Singhal
Pramod Boro
Sanjit Tanti

14/05/2024

বিগত ৪ বছৰ দুখন ভৰিৰে খোজ কাঢ়িব নোৱাৰি দিশহাৰা হৈ পৰা ঘাগ্ৰাৰ একলব্য বৰ্মনৰ কাষত অৱশেষত থিয় দিলে বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতী দেৱ


সন্তানৰ সু-স্বাস্থ্য সকলো পিতৃ-মাতৃয়ে কামনা কৰে । ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ঘাগ্রা ভিচিডিচিৰ অন্তৰ্গত ঘাগ্ৰা বাঙ্গালী গাঁওৰ ঝৰ্ণা বৰ্মনৰ সুপুত্র একলব্য বৰ্মণৰ দুখন ভৰি বিগত ৪ বছৰ ধৰি খোজ কাঢ়িব নোৱাৰা অৱস্থাত আছিলে । আৰ্থিকভাৱে টনকীয়াল দুখীয়া পিতৃ-মাতৃয়ে সন্তানৰ উন্নত চিকিৎসাৰ বাবে বাহিৰলে নিব পৰা নাছিলে। অৱশেষত আজি বিটিআৰৰ কাৰ্যবাহী সদস্য সন্মানীয় শ্ৰীযুত সঞ্জীত তাঁতী ডাঙৰীয়াই একলব্যৰ উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে | লগতে ঘাগ্রা ভিচিডিচিৰ সভাপতি শ্ৰীযুত গোবিন্দ সিং ডাঙৰীয়া দেৱে গাড়ী ব্যৱস্থা কৰি দিয়ে |

Himanta Biswa Sarma
Ashok Singhal
Pramod Boro
Sanjoy Kishan
Sanjit Tanti

Photos from Ghagra VCDC 's post 09/05/2024

"দুখ-কষ্টৰ মাজেৰে বাগানত বসবাস কৰা শ্ৰমিক সকলক যদি কৰবাত অলপ হলেওঁ মুখত হাঁহি বিৰিঙাব পাৰোঁ, সেয়া মোৰ বাবে আশীৰ্বাদস্বৰূপ"- শ্ৰীযুত সঞ্জীত তাঁতী (কাৰ্যবাহী সদস্য,বিটিআৰ)

বাৰিষাৰ সময়ত বিশেষকৈ চাহ বাগিছা অধ্যুষিত অঞ্চলৰ লাইন সমূহৰ পথ,নলা-নৰ্দমা বোৰৰ অৱস্থা বহু বেছি বেয়া হয় । যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভূগিবলগা হয় ৰাইজৰ । ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যৰে ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত মাজুলি চাহ বাগিছাৰ ১২ নং লাইনৰ পথটিৰ মাজেৰে যোৱা নলা এটাৰ ওপৰত বিগত কিছুদিন ধৰি ৰাইজে কালভাৰ্ট এটাৰ বাবে অনুৰোধ জনাইছিল । ৰাইজৰ অনুৰোধ সৰগত কৰি আমাৰ পাৰিষদ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁতী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি সেই নলাটিৰ ওপৰত কালভাৰ্ট বহুৱাই দিয়া হয় । ৰাইজৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে সন্মানীয় কাৰ্যবাহী সদস্য গৰাকীক ঘাগ্ৰা ভিচিডিচিৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো ।

Himanta Biswa Sarma
Ashok Singhal
MyGov Assam
Pramod Boro

Photos from Ghagra VCDC 's post 08/05/2024

'ৰাইজৰ আশীৰ্বাদত আহিছো,ৰাইজৰ কাম কৰিছো'- সঞ্জীত তাঁতী (কাৰ্যবাহী সদস্য,বিটিআৰ) ।

৩৩ নং নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত ঘাগ্ৰা বজাৰৰ পৰা হাতীগড়লৈ যোৱা মূল পথৰ কিছু অংশৰ অৱস্থা দীৰ্ঘদিন ধৰি যাতায়তৰ বাবে অসুবিধাৰ সৃষ্টি কৰি আহিছিল । আজি বিটিআৰৰ সন্মানীয় কাৰ্যবাহী সদস্য তথা পাৰিষদ সঞ্জীত তাঁতী দেৱৰ উদ্যোগত আৰু ঘাগ্ৰা ভিচিডিচিৰ সভাপতি গোবিন্দ সিং দেৱৰ সহযোগত পথছোৱা মেৰামতি কৰি পথচাৰীৰ বাবে উপযোগী কৰি তোলা হয় । এইক্ষেত্ৰত কাৰ্যবাহী সদস্য সঞ্জীত তাঁতী দেৱক ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো ।

Himanta Biswa Sarma
Ashok Singhal
Pramod Boro
MyGov Assam
Sanjit Tanti

Photos from Ghagra VCDC 's post 19/04/2024

BJP Assam Pradesh

বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৩৩ নং নোনাই চেৰফাং সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত ঘাগ্ৰা বাঙ্গালী গাঁওৰ কেইগৰাকী মান অন্য দলৰ পুৰণি কৰ্মী সেই দল ত্যাগ কৰি বিটিআৰৰ কাৰ্যবাহী সদস্য Sanjit Tanti আৰু দলৰ জেষ্ঠ কাৰ্যকৰ্তা বিকন চন্দ্ৰ ডেকাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে ।

Photos from Ghagra VCDC 's post 17/04/2024



আজি পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ৩৩ নং নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ ঘাগ্ৰা ভিচিডিচিৰ অন্তৰ্গত উলুবাৰীত বহু লোকৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে বিস্তৃৰ্ণ ক্ষতিসাধন হয় । ক্ষতিগ্ৰস্ত লোকসকলক বিটিআৰৰ মাননীয় কাৰ্যবাহী সদস্য তথা পাৰিষদ Sanjit Tanti ডাঙৰীয়াই উপযোক্ত ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

MyGov Assam
Pramod Boro

Ghagra VCDC 14/04/2024

Welcome to Ghagra VCDC Official Page

নমস্কাৰ🙏🙏🙏

বিটিআৰৰ ৩৩ নং নোনাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘাগ্ৰা ভিচিডিচিৰ পেজটি লৈ আপোনাক সাদৰেৰে স্বাগতম জনাইছো ।

Ghagra VCDC Goal to Development of Ghagra VCDC Under 33 No Nonoi Serfang Constituency, BTR

Want your business to be the top-listed Government Service in Udalguri?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Ghagra Bazar
Udalguri
784524