23/09/2025
শ্ৰদ্ধাৰ ৰৌতাবাসী ৰাইজ,
অসমৰ আকাশ বতাহ , পাহাৰ , নদ নদী আজি যেন সকলো স্তদ্ধ, বাকৰুদ্ধ, কোনেও কাকো বুজাব নোৱাৰা , সহিব নোৱাৰা বেদনা,
আজি যেন প্ৰত্যেকটো শ্ৰদ্ধাঞ্জলি তেওঁৰ বাবে কম হৈ পৰিছে | আকাশ ভাল পোৱা , সাগৰ ভাল পোৱা মৰমৰ জুবিন দা আকাশ বুকুত সাবটি সাগৰ তলিত চিৰ নিদ্ৰিত হৈ ৰ'ল |
আজি তেখেতৰ পূণ্যাত্মাৰ অন্তোষ্টিক্ৰিয়া , আজি আমাৰ মাজৰ পৰা তেখেতৰ নশ্বৰদেহটো ও পঞ্চভূত ত বিলীন হৈ যাব , উফ ! কি সহিব নোৱাৰা শিহৰণ |
আজি এই দিনটোতে সন্ধিয়া ৫ঃ০০ বজাত পুনৰবাৰ ৰৌতাৰ হনুমান মন্দিৰ প্ৰাঙ্গনত মিলিত হৈ তেখেতলৈ হেপাঁহ পুলোৱাই শ্ৰদ্ধাঞ্জলি যাচিম | প্ৰত্যেকেই এগুচিকৈ বন্তি জ্বলাই ৰৌতাৰ মাজমজিয়াত তেখেতলৈ শ্ৰদ্ধা জনাম |
আপোনালোক প্ৰত্যেকেই অনুষ্ঠানলৈ আহিব আৰু এই বাৰ্তা টো চেয়াৰ কৰিব |
🙏🙏🙏🙏🙏🙏

07/09/2025
07/09/2025
06/09/2025