INTUC, Assam Branch

INTUC, Assam Branch

Share

The Indian National Trade Union Congress is a national trade union centre in India.

Founded on 3 May 1947 and is affiliated with the International Trade Union Confederation.INTUC , Assam Branch is headed by Hiranya Bora as president . LIST OF OFFICE BEARERS OF INTUC ASSAM BRANCH
PRESIDENT
: SHRI HIRANYA BORA, EX-MLA
VICE PRESIDENT
:SHRI MUNIN SAIKIA
VICE PRESIDENT
:SHRI SANJIB BARUAH
GENERAL SECRETARY: SHRI DWIJEN LAHKAR
SECRETARY
:SHRI BASANTA KALITA
SECRETARY
: SHRI PURNAKANTA BURAGOHAIN
YOUTH CONVENOR
: SHRI PRABHU SONARI

05/28/2026
Photos from INTUC, Assam Branch's post 05/10/2026

BBanashree Gogoiনতুন দিল্লীত ১০ মে'ত অনুষ্ঠিত ইণ্টাক(INTUC)ৰ চেন্ট্ৰেল ৱমেন ৱৰ্কাছ কমিটীৰ বৈঠকত ইণ্টাক অসমৰ মহিলা কোষৰ সভানেত্ৰী বনশ্ৰী গগৈয়ে অংশগ্ৰহণ কৰে। বৈঠকৰ কেইটামান দৃশ্য...

Photos from INTUC, Assam Branch's post 05/02/2026

গোঁসাইগাঁৱত আয়োজিত ঐতিহাসিক মে' দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰাদেৱৰ লগতে ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ মহিলা কোষৰ সভানেত্ৰী বনশ্ৰী গগৈ, ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ মৰিগাঁও জিলাৰ সভাপতি ৰূপেশ্বৰ কাকতি আৰু অন্যান্য সকল।

05/02/2026

ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰাদেৱে নিয়মীয়া বাৰ্তা কাকতত লিখা এটা তথ্যভিত্তিক প্ৰবন্ধ

05/01/2026

ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক হিৰণ্য বৰাদেৱে দৈনিক জনমভূমি কাকতত লিখা এটা তথ্যভিত্তিক প্ৰবন্ধ

04/28/2026

মে' দিৱস, ২০২৬ ৰ আহ্বান

* যুদ্ধবাজ ট্রাম্প নেতৃত্বাধীন সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনমত গঢ়ি তোলক।

* শ্ৰমৰ বিনিময়ত উপযুক্ত মজুৰি বিচৰা শ্ৰমিকৰ ওপৰত আৰক্ষীৰ
অত্যাচাৰ বন্ধ কৰক ।

* বিজেপি চৰকাৰৰ শ্ৰমিকবিৰোধী শ্রমকোড বাতিল কৰক ৷

সংগ্রামী সতীৰ্থসকল,

১৮৮৬ চনৰ আমেৰিকাৰ হে' মাৰ্কেটত হোৱা শ্ৰমিক বিক্ষোভৰ স্মৃতি বিজৰিত মে' দিৱস এইবাৰো বিশ্বৰ শ্রমিক শ্ৰেণীৰ লগতে অসমতো পালন কৰা হ'ব। আগন্তুক ১ মে', ২০২৬ৰ দিনা অসমৰ প্ৰতিটো উদ্যোগিক অঞ্চল আৰু জিলা কেন্দ্ৰবোৰত পালিত হ'ব। শোষণ বিৰোধী আন্দোলনৰ অমৰ শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ৰঙা পতাকা হাতত লৈ পুনৰ এবাৰ সোচ্ছাৰিত হ'ব দুনিয়াৰ মেহনতী মানুহ এক হঁওক— পুঁজিবাদ ধ্বংস হঁওক— সমাজবাদ সৃষ্টি ইওক, যুদ্ধ নহয় শান্তি লাগে, বিভেদ নহয় ঐক্য লাগে। বিশ্বজোৰা ঘটনাৱলীত আজি আমি দেখিছো কিদৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইজৰাইলক ব্যৱহাৰ কৰি গাজা ষ্টিপত হেজাৰ হেজাৰ শিশু আৰু মহিলাক নিৰ্মমভাৱে হত্যা কৰিলে। আমি দেখিলো কেৱল তৈলক্ষেত্ৰত নিজৰ আধিপত্য বৰ্তাই ৰখাৰ স্বাৰ্থতে ইৰানৰ ওপৰত আক্ৰমণ হ'ল। লক্ষ্যনীয় বিষয় হ'ল— ট্রাম্পৰ এই একচ্ছত্ৰী আচৰণৰ বিৰুদ্ধে অর্থাৎ যুদ্ধবাজ নীতিৰ বিৰুদ্ধে বিশ্বৰ অন্যান্য দেশৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰে প্ৰধান নগৰবোৰত হেজাৰ হেজাৰ শান্তিপ্রিয় লোকে সমদল কৰিলে। বিশ্বৰ জনগণে ট্রাম্পক এতিয়া ‘মৃত্যুৰ সদাগৰ' হিচাপে চিহ্নিত কৰিছে। কেৱল মুনাফা অৰ্জনৰ তাগিদাত আন সকলো দেশৰ সম্পদ লুণ্ঠনৰ বাবে মৰিয়া হৈ পৰিছে ট্রাম্প নেতৃত্বাধীন আমেৰিকা। বৰ্তমান সময়ত বিশ্বজুৰি পুঁজিবাদী ব্যৱস্থাৰ সংকট তীব্ৰতৰ হৈ উঠিছে। আমেৰিকাত ট্রাম্পৰ ৰাজনৈতিক ধাৰা আৰু ভাৰতত মোদী চৰকাৰৰ নীতি-ব্যৱস্থাই গণতান্ত্রিক মূল্যবোধ আৰু সংবিধানিক অধিকাৰসমূহক দুৰ্বল কৰি তুলিছে। কৰ্পোৰেট স্বাৰ্থৰ প্ৰাধান্য বৃদ্ধি পাইছে আৰু সাধাৰণ মানুহৰ অধিকাৰ সংকুচিত হৈছে। শ্রমিক, কৃষক আৰু বঞ্চিত জনগণৰ ওপৰত এই প্ৰভাৱ গভীৰভাৱে পৰিছে। এই আমেৰিকান সাম্ৰাজ্যবাদৰ বিৰুদ্ধে এতিয়া চীন, ৰাছিয়াকে ধৰি বিশ্বৰ বেছিভাগ দেশেই থিয় দিছে। আজিৰ মে' দিৱসত আমি যুদ্ধ বিৰোধী আৰু ট্রাম্প বিৰোধী সকলো দেশৰ জনগণলৈ ৰক্তিম অভিনন্দন জনালো।
বিজেপি শাসিত আমাৰ দেশৰ অৱস্থাও ব্যতিক্ৰম নহয়। বিজেপি শাসিত চৰকাৰখনে আমাৰ দেশৰ শ্ৰমজীৱী ৰাইজৰ বিৰুদ্ধে যেন যুদ্ধহে ঘোষণা কৰিছে। পুঁজিপতিসকলক মুনাফা অৰ্জনৰ সকলো পথ প্ৰসষ্ট কৰি দিছে। লগতে তেল, পানী, খনিজ আৰু বনজ সকলো সম্পদৰ ওপৰত এতিয়া মুনাফাখোৰ পুঁজিপতি আম্বানি-আদানীহঁতৰে আধিপত্য বিস্তাৰ হৈছে। শ্ৰমিকৰ বহু সংগ্ৰামৰ মাজেৰে আৰ্জিত আইনগত অধিকাৰবোৰ কৰ্তন কৰাৰ বাবে স্বাধীনোত্তৰ ভাৰতবৰ্ষত প্ৰচলিত সকলো শ্রম আইন মালিকৰ স্বাৰ্থত সংশোধন কৰি ‘শ্ৰম কোড’ বনালে।
এই শ্রম কোড বা শ্রম সংহিতাসমূহে শ্রমিক শ্ৰেণীৰ ওপৰত চৰম দাসত্ব জাপি দিয়াৰ ব্যৱস্থাহে কৰিছে। ঠিকা শ্রমিক, নির্মাণ শ্রমিক, চাহ শ্রমিক, গৃহ কর্মী, অঙ্গনৱাড়ী কর্মী-সহায়িকা, ১০৮ৰ কৰ্মচাৰী, মধ্যাহ্ন ভোজন কৰ্মচাৰী, আশা কৰ্মী, পৰিবহণ শ্রমিক তথা ইউনিয়নভুক্ত নোহোৱা কোটি কোটি অসংগঠিত শ্রমিক চৰম অসুৰক্ষিত হৈ পৰিব। দেশৰ এই ৯৫ শতাংশ শ্রমিকৰ ক্ষেত্ৰত নিয়োগকর্তা বা কৰ্তৃপক্ষৰ মুখৰ কথা, নির্দেশেই আইন হৈ পৰিব। ৩০০ তকৈ কম শ্রমিকে শিশু-কাৰখানাত শ্রম বিধি প্ৰয়োগ বাধ্যতামূলক হৈ নাথাকিব। অৰ্থাৎ অসমৰ প্ৰায় ৭০ শতাংশ উদ্যোগৰ শ্ৰমিক আইনী অধিকাৰৰ পৰা বঞ্চিত হ'ব। আনকি শিক্ষা নবীচ, প্ৰশিক্ষাৰ্থী, চুপাৰভাইজাৰ, কাৰ্যবাহী ইত্যাদি নামাকৰণেৰে মাহিলী ১৮,০০০ টকাৰ অধিক মজুৰি পোৱাসকলক শ্রমিক/কর্মচাৰীৰ আওতাৰ বাহিৰ কৰিব এই শ্রম কোডে। স্থায়ী কৰ্মচাৰীৰ নিযুক্তিৰ সলনি নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা (Fixed Term Employment System) প্ৰণয়ন কৰা হৈছে যাৰ আলম লৈ স্থায়ীকৰণ বা নিয়মীয়াকৰণৰ ব্যৱস্থা বিলোপ কৰিব ।
শ্ৰম কোডৰ পৰিণতি বাস্তৱ জীৱনত উপলদ্ধি কৰিয়েই আজি নয়দা, পাণিপথ, গুৰগাঁও, কেলবাগ, নিমৰানাত হেজাৰ হেজাৰ শ্রমিক স্বতঃস্ফুর্তভাৱে ৰাজপথলৈ ওলাই আহিছে। চৌদিশে এতিয়া ‘মে’ দিৱস’ৰ অমৰ বাণীক সাৰোগত কৰি আৱাজ উঠিছে— কামৰ বিনিময়ত উপযুক্ত মজুৰি দিয়ক, কর্মস্থলীত সুৰক্ষা দিয়ক, কামৰ সময় ৮ ঘন্টাতে সীমিত ৰাখক । অতিৰিক্ত সময়ৰ কামৰ বাবে দ্বিগুণ কৰক ৷ ৰাজধানী চহৰ দিল্লীৰ আশে-পাশে অজস্ৰ কল- কাৰখানাৰ শ্ৰমিকৰ ক্ষোভৰ মাজত প্ৰতিধ্বনিত হৈছে চিকাগোৰ বাণী। শোষণ মুক্ত সমাজ গঢ়াৰ চেতনা সৃষ্টি হ’ব ধৰিছে বিক্ষুদ্ধ-বঞ্চিত শ্ৰমিকৰ মাজত। পুঁজিবাদী সমাজ ব্যৱস্থাযে এক ব্যৱস্থাগত সংকটত পৰিছে তাৰ জলন্ত উদাহৰণ হ’ল নয়দা এন চি আৰৰ ঘটনা। জনজাতি, আদিবাসী লোকক নিৰ্মমভাৱে উচ্ছেদ কৰি বিজেপি চৰকাৰে পানীৰ দৰত হেজাৰ হেজাৰ মাটি দি আছে মুনাফাখোৰ পুঁজিপতিহতক। এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ সংকল্প লোৱাৰ সময় হ'ল মে' দিৱস।
আমাৰ দাবী:-
ট্রাম্প নেতৃত্বাধীন সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজ এক হওঁক।
নয়দাকে ধৰি উত্তৰ ভাৰতত প্ৰাপ্য মজুৰি বিচৰা শ্ৰমিকৰ ওপৰত চৰকাৰী নিৰ্যাতন বন্ধ কৰক ৷
দেশত বিজেপি চৰকাৰে প্ৰণয়ন কৰা শ্ৰমিকবিৰোধী শ্ৰম কোড বাতিল কৰক।
ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ বেচৰকাৰীকৰণ বন্ধ কৰক, এন এম পি বাতিল কৰক ৷
দেশৰ লগতে অসমৰ ৰাজহুৱা খণ্ডৰ মাটি-সম্পত্তি বৃহৎ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰা বন্ধ কৰক ৷ সকলো শ্রমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬,০০০/-টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী ঘোষণা কৰক ৷ কামৰ সময় ৮ ঘণ্টাত সীমিত ৰাখক আৰু অতিৰিক্ত কামৰ বাবে দ্বিগুণ মজুৰি আদায় দিয়ক । সমান কামৰ সমান মজুৰি আদায় দি ঠিকা শ্রমিকক আইনগত সুৰক্ষা প্ৰদান কৰক ৷
গিগ কৰ্মচাৰীসকলক শ্রমিকৰ মান্যতা প্ৰদান কৰি সামাজিক সুৰক্ষা নিশ্চিত কৰক ৷
ৰন্ধন গেছৰ চিলিণ্ডাৰ সহজলভ্য কৰক।
অঙ্গনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী হিচাবে স্বীকৃতি দিয়ক ।
নিৰ্মাণ শ্রমিক আৰু পৰিবহণ শ্রমিকসহ সকলো অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰক।
নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখক
অভিনন্দনসহ—
আই এন টি ইউ চি, এ আই টি ইউ চি, চি আই টি ইউ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, এইচ এম এছ, টি ইউ চি চি, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতি, এল আই চি পেঞ্চনাৰ এছোচিয়েচন, বেঙ্ক এমপ্লইজ ফেডাৰেচন অৱ ইণ্ডিয়া, এ পি বি ই এ, আসাম ট্ৰিবিউন এমপ্লইজ ইউনিয়ন, উত্তৰ-পূৰ্বাঞ্চল তৈল শ্রমিক সমন্বয়ৰক্ষী সমিতি, উত্তৰ-পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি, নেচনেল ফেডাৰেচন অৱ পোষ্টেল এমপ্লইজ, এ আই পি আৰ পি এ, বি এছ এন এল ই ইউ, জইণ্ট ফ্ৰাম অৱ পেঞ্চনাৰ্চ এণ্ড ৰিটায়ার্ড পাৰ্ছনচ।
গুৱাহাটীৰ কাৰ্যসূচী ঃ
স্থান ঃ পাণবজাৰ বিএছএনএল চাৰিআলি
সময় : দিনৰ ১১.৩০ বজা
বৃহত্তৰ গুৱাহাটীৰ মে' দিৱসৰ সমৰ্থক ছাত্ৰ-যুৱ-মহিলা-শ্রমিক-কৰ্মচাৰীসহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হ'ল।

Want your business to be the top-listed Government Service in Atlanta?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address

Paltan Bazar
Atlanta, GA