04/03/2021
মই আজি ৪ মাৰ্চ ২০২১ ইং তাৰিখে চেঙা সমষ্টিৰ বাবে ৰাইজৰ দলৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিচাৰি চেঙা দলীয় কাৰ্য্যলয়ত মাননীয় বৰপেটা জিলা সভাপতি শ্ৰীযুত চানক্য ডেকা ডাঙৰীয়াৰ হাতত দলীয় আবেদন পত্ৰ অৰ্পন কৰিলো। এই শুভক্ষণত সকলো জনৰ পৰা আৰ্শীবাদ কামনা কৰিলো। আপোনালোকৰ আৰ্শীবাদেই মোৰ আচল সম্বল।
25/02/2021
চেঙা সমষ্টিৰ শিক্ষা ,উন্নত স্বাস্থ্য,বাট-পথ, নদী গৰাখনিয়া আদিৰ সমস্যাৰ সমাধানৰ সৰ্বাঙ্গীন উন্নয়ন আৰু পৰিবৰ্তনৰ লক্ষ্য ৰে।
06/02/2021
05/02/2021 তাৰিখে চেঙা সমষ্টিৰ অন্তৰ্গত 7 নং বাগুদী গাঁও পঞ্চায়তত ৰাইজৰ দলৰ শক্তিশালী সমিতি গঠন কৰা হয়।
08/01/2021
ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিক দল
ৰাইজৰ দল প্ৰথম ৰাজ্যিক অভিবৰ্তন
প্ৰতিনিধি সভা দ্বিতীয় দিন ।
মৰাণ, ডিব্ৰুগড়ৰ।
01/01/2021
"সমূহ অসমবাসীলৈ 2021 ইংৰাজী নৱবৰ্ষৰ প্ৰীতি ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়ালৈ কঢ়িয়াই আনক সুখ-শান্তি-সমৃদ্ধি, দৃঢ় হওঁক সমন্বয় আৰু ভাতৃত্বৰ এনাজৰী।"
29/11/2020
নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে অখিল গগৈ নেতৃত্বাধীন *ৰাইজৰ দলৰ ৪৭নং চেঙা বিধানসভা সমষ্টি কমিটি গঠনাৰ্থে অহা ১ ডিচেম্বৰ, ২০২০ইং তাৰিখে পদ্মপাৰাৰ সমীপৰ বান্দালি আঞ্চলিক বজাৰ প্ৰাংগনত ৰাতিপুৱা ১০ বজাৰ পৰা এটি প্ৰস্তুতি সভাৰ আয়োজন কৰা হৈছে*।
উক্ত সভাত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।
ধন্যবাদেৰে,
আমজাদ আলী শিকদাৰ(10 নং হৰিপুৰ জিলাপৰিষদ)
23/11/2020
অৱশেষত সহস্ৰ জনক কন্দোৱাই এইমাত্ৰ আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুছি গ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱ ডাঙৰীয়া RIP
আত্মাৰ চিৰ শান্তি কামনা কৰিলো🙏