05/10/2023
অসমৰ মুখ্যমন্ত্ৰীলৈ উত্তৰ শালমাৰা জিলা আমছুৰ স্মাৰক পত্ৰ প্ৰেৰণ।
==================================
আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলক আধাৰ কাৰ্ড প্ৰদান কৰা, চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা বন্ধ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমান সকলক বসুন্ধৰা ২ আঁচনিত অন্তৰ্ভুক্ত কৰা আদি দাবীত 'আমছু'ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আজি ৫/১০/২০২৩ ইং তাৰিখে দিনৰ ১ বজাত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ ৪ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত হৈ সহযোগিতা কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে.....................................
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতি, আমছু।
04/09/2023
শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ উত্তৰ শালমাৰা জিলা আমছুৰ
===========================
আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে ৰাজ্যত হৈ থকা সঘনাই বিদ্যুৎ কৰ্তন আৰু অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আজি ৪/০৯/২৩ ইং তাৰিখ সোমবাৰে দিনৰ ১১ বজাত লেংটিছিঙা চাৰিআলিত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰা হয় আৰু নিয়মীত বিদ্যুৎ যোগান সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা হয়। অন্যথা অনাগত দিনত ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব।
উক্ত কাৰ্যসূচীত যথাসময়ত উপস্থিত থাকি সফল কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে..............................
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতি, আমছু।
28/06/2023
Happy Eid Mubarak to all of you 💐
23/06/2023
আজি ২৩/০৬/২০২৩ ইং তাৰিখে আমছুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক মুৰাদুদ জামান ডাঙৰীয়া আৰু উত্তৰ শালমাৰা জিলা আমছুৰ এটি সজাতি দলে বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত মালেগড়, তিনিকোণীয়া, গোবিন্দপুৰ, বৰজানা আদি অঞ্চলত মানাহ আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত আঞ্চল সমুহ পৰিদৰ্শ কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ লগত মত বিনিময় কৰি বঙাইগাঁও জিলা উপায়ুক্ত ডাঙৰীয়াক ফোনযোগে জনোৱা হয় আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰা হয়।
আজিৰ কাৰ্যসূচীত উপস্থিত থাকি সহযোগিতা কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে.................................
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতি, আমছু।
19/06/2023
আজি ১৯/০৬/২০২৩ ইং তাৰিখ সোমবাৰে আবেলি ৫ বজাত বৰজানা মিলন ক্লাৱ প্ৰাঙ্গণত ''আমছু''ৰ উত্তৰ শালমাৰা জিলা সমিতিৰ অন্তৰ্গত বৰজানা আঞ্চলিক সমিতিখন পুনৰ গঠন কৰাৰ বাবে এখন সাধাৰণ সভা আহ্বান কৰা হয়। উক্ত সভাত আশ্ৰাফুল ইছলামʼক সভাপতি, হাবিবুল ৰহমান সৰদাৰʼক কাৰ্যকৰী সভাপতি, আছানুৰ আলম আৰু হানিফ আলীʼক সাধাৰণ সম্পাদকদ্বয় হিচাপে লৈ মুঠ ৪১ জনীয়া এখন শক্তিশালী আমছুৰ বৰজানা আঞ্চলিক সমিতি গঠন কৰা হয়।
উক্ত সভাত যথাসময়ত উপস্থিত হৈ মূল্যবান পৰামৰ্শ প্ৰদানৰ লগতে এখন শক্তিশালী আঞ্চলিক কমিটি গঠন কৰাত সহযোগিতা কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নৱগঠিত আঞ্চলিক সমিতিৰ সমুহ বিষয়ববীয়া ও সদস্য সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে......................................
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতি,আমছু।
18/02/2023
নেলীৰ গণহত্যাৰ ন্যায় প্রদান নকৰা আৰু তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমছুৰ উদ্যোগত প্ৰতি বছৰে ১৮ ফেব্ৰুৱাৰী দিনটো ক'লা দিৱস হিচাবে পালন কৰি আহিছোঁ। সেয়ে আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আৰু কলবাৰী আঞ্চলিক সমিতিৰ সহযোগত আজি ১৮/০২/২০২৩ইং তাৰিখে দিনৰ ২ বজাত লালমাটি মিলন বজাৰ প্ৰাঙ্গণত ক'লা বেজ পৰিধান কৰি ক'লা দিৱস পালন কৰা হয়।
উক্ত কাৰ্যসূচীত যথাসময়ত উপস্থিত থাকি সফল কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে..................…...…
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতি, আমছু।
23/08/2022
উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত উত্তৰ শালমাৰা জিলা আমছুৰ অৱস্থান ধৰ্মঘট পালন
==================================
মূল্যবৃদ্ধি হ্ৰাস, ভূমিহীনক ভূমি প্ৰদান, পুনৰ সংস্থাপন, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়া, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা, বহিঃ ৰাজ্যত কৰ্মৰত শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰা, অৰুণাচল প্ৰদেশত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালক পাচঁ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা আৰু নিখোজ হোৱা সকলৰ সন্ধান উলিয়াবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত 'আমছু'ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে অসমৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আজি ২৩/০৮/২০২২ ইং তাৰিখে উত্তৰ শালমাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উত্তৰ শালমাৰা মহকুমাধিপতিৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
অনতিপলমে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তিব্ৰতৰ ভাবে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব।
উক্ত কাৰ্যসূচীত যথাসময়ত উপস্থিত থাকি সফল কৰাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদেৰে.....................................
সভাপতি/সাধাৰণ সম্পাদক
উত্তৰ শালমাৰা জিলা সমিতিৰ, আমছু