05/08/2026
📢 আমবাৰী বাৰেগড় গাওঁ পঞ্চায়তৰ পৰা ডিজিটেল ব্যৱসায় অনুজ্ঞাপত্ৰ (Digital Trade License) বিতৰণৰ শুভ আৰম্ভণি
আজি ০৫/০৮/২০২৬ ইং তাৰিখে আমবাৰী বাৰেগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমবাৰী বজাৰত ব্যৱসায়ীসকলৰ মাজত *ডিজিটেল ব্যৱসায় অনুজ্ঞাপত্ৰ (Digital Trade License) আনুষ্ঠানিকভাৱে বিতৰণৰ শুভ আৰম্ভণি কৰা হয়।
এই ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে আমবাৰী বাৰেগড় গাওঁ পঞ্চায়তৰ উপ-সভাপতি Rashidul Hoque আৰু আমবাৰী উত্তৰ খণ্ডৰ সদস্য Shahidul Islam Talukdar-এ নিজ হাতেৰে কেইবাজনো ব্যৱসায়ীৰ হাতত প্ৰথমবাৰৰ বাবে ডিজিটেল ব্যৱসায় অনুজ্ঞাপত্ৰ প্ৰদান কৰে। অনুষ্ঠানটোৰ এই বিশেষ মুহূৰ্তৰ কিছু স্মৰণীয় আলোকচিত্ৰ আপোনালোকৰ সৈতে ভাগ-বতৰা কৰা হ'ল।
ডিজিটেল ব্যৱসায় অনুজ্ঞাপত্ৰ ব্যৱস্থাই ব্যৱসায়ীসকলক অধিক স্বচ্ছ, আধুনিক আৰু নিৰাপদ সেৱা প্ৰদান কৰাৰ লগতে চৰকাৰী নথিপত্ৰৰ ডিজিটেল সংৰক্ষণ, সহজ সত্যাপন (Verification) আৰু ভৱিষ্যতৰ অনলাইন সুবিধাসমূহ লাভ কৰাত বিশেষ সহায়ক হ'ব।
আমবাৰী বাৰেগড় গাওঁ পঞ্চায়ত কৰ্তৃপক্ষৰ আন্তৰিক আহ্বান—গাওঁ পঞ্চায়তৰ অন্তৰ্গত সকলো ব্যৱসায়ী বন্ধুসকলক অনুৰোধ জনোৱা হৈছে যে, অতি শীঘ্ৰে *ডিজিটেল ব্যৱসায় অনুজ্ঞাপত্ৰ (Online Trade License) সংগ্ৰহ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানক আইনসন্মত, সুৰক্ষিত আৰু আধুনিক ডিজিটেল ব্যৱস্থাৰ সৈতে সংযুক্ত কৰক।
আপোনালোকৰ সহযোগিতাই এখন স্বচ্ছ, উন্নত আৰু ডিজিটেল গাঁও পঞ্চায়ত গঢ়ি তোলাৰ পথ অধিক সুগম কৰি তুলিব।
ধন্যবাদ।
– আমবাৰী বাৰেগড় গাওঁ পঞ্চায়ত কৰ্তৃপক্ষ