31/10/2025
ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ মাননীয় সভাপতি শ্ৰীযুত মহেন্দ্ৰ দাস ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ মাননীয় জিলা সভাপতি দিগন্ত দাস ডাঙৰীয়াই যুৱ মৰ্চা, বৰপেটা জিলা সমিতি ঘোষণা কৰে।
BJP Assam Pradesh
BJYM Assam
26/10/2025
ৰাষ্ট্ৰসংঘৰ General Assembly (UNGA)ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় প্ৰতিনিধি মণ্ডলৰ সৈতে আজি মাজনিশা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰিব ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ।
ভাৰত চৰকাৰে তেখেতক এই প্ৰতিনিধি মণ্ডলৰ সদস্যৰূপে নিৰ্বাচিত কৰাত আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতৰ এই কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ ।
22/10/2025
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।
আপোনাৰ সুদক্ষ নেতৃত্বত ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হৈ উঠিছে। উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমলৈ শান্তি-সম্প্ৰীতিৰ বাতাৱৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত আপোনাৰ অনবদ্য ভূমিকা অত্যন্ত প্ৰশংসনীয়।
মা কামাখ্যাৰ অম্লান আশিসত আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ অধিকাৰী হৈ দেশমাতৃৰ সেৱাৰ বাবে নিষ্ঠাৰে কাম কৰি যাওক, তাৰেই কামনা কৰিছোঁ।
20/10/2025
সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।
মা কালীৰ আৰ্শীবাদ আৰু দিপাৱলীৰ পোহৰে নাশ কৰক সকলোৰে অপায়-অমংগল আৰু দুখ-দুৰ্দশা। সকলোৰে জীৱন কৰি তোলক আলোকময় তাৰে কামনা কৰিলোঁ।
19/10/2025
আমাৰ জুবিন, অমৰ জুবিন...
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলা কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।
তেখেতৰ স্মৃতি, তেখেতৰ সৃষ্টি আৰু তেখেতৰ মানৱিক আদৰ্শ আমাৰ সমাজৰ প্ৰতি যুগে যুগে প্ৰেৰণাৰ উৎস হৈ থাকিব।
ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী...
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam