29/11/2021
মামনি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসত একাজলি শ্ৰদ্ধাঞ্জলি যাচিলো
Official page account of Office of the District Information and Public Relations Officer.
Please Follow for authentic and relevant information about various government schemes and updates from the district.
29/11/2021
মামনি ৰয়ছম গোস্বামীৰ স্মৃতি দিৱসত একাজলি শ্ৰদ্ধাঞ্জলি যাচিলো
CMO Assam Pijush Hazarika Directorate of Information and Public Relations, Assam
Keshab Mahanta কেশৱ মহন্ত Directorate of Information and Public Relations, Assam
29/11/2021
Today's headlines. CMO Assam Ranjeet Kumar Dass Pijush Hazarika Directorate of Information and Public Relations, Assam District Barpeta
29/11/2021
News on 27 & 28 th November 2021. CMO Assam Ranjeet Kumar Dass Pijush Hazarika Directorate of Information and Public Relations, Assam District Barpeta
*বৰপেটা জিলাৰ ৯৮.৫৩ শতাংশই লৈছে কোভিড ভেকচিন* *বাকী সকলোকে এই সপ্তাহতে দিয়া হ'ব প্ৰতিষেধক : উপায়ুক্ত তেজ প্ৰসাদ ভূচাল* বৰপেটা, ২৯ নৱেম্বৰ: বৰপেটা জিলাৰ ১৮ বছৰৰ উৰ্দ্ধৰ ৯৮.৫৩ শতাংশ লোকেই এই পৰ্যন্ত কোভিড প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে। দ্বিতীয় পালি লৈছে ৫৯ শতাংশ লোকে। আজি বৰপেটাত এখন সংবাদ মেলত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই কথা প্ৰকাশ কৰে। আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ হোৱা "হৰ ঘৰ দস্তক" কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাতো কৰোনাৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰা নকৰাৰ সম্পৰ্কত খবৰ কৰিবলৈ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ স্বাস্থ্য কৰ্মী তথা প্ৰতিষেধক সত্যাপৰ্ণ বিষয়া যাব বুলি জানিবলৈ দি তেওঁ কয় যে, ইতিমধ্যে আশা আৰু অঙ্গনবাড়ী কৰ্মীৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ সম্পৰ্কত তথ্য সংগ্ৰহ কৰা হৈছে। সেই অনুসৰি জিলাখনৰ মাত্ৰ সাত হাজাৰতকৈ কম সংখ্যক লোকে এতিয়ালৈকে বিভিন্ন কাৰণত ভেকচিন লোৱা নাই। এই লোক সকলৰ ভিতৰত যিসকলৰ যোৱা তিনি মাহৰ ভিতৰত কোভিড হোৱা নাই, সেই সকলক প্ৰয়োজন সাপেক্ষে ঘৰলৈ গৈ বুজাই বঢ়াই এই সপ্তাহৰ ভিতৰতে প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। একাংশ লোকে অযথা অন্ধবিশ্বাস বা গোড়ামী আদিৰ কাৰণে এতিয়ালৈ প্ৰতিষেধক নোলোৱাকৈ আছে বুলি সদৰি কৰি ভূচালে কয় তেওঁলোকক যিকোনো উপায়ে সৈমান কৰি ঘৰলৈ গৈ হলেও প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই সমগ্ৰ অভিযানৰ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে একোজনকৈ শিক্ষকক প্ৰতিষেধক সত্যাপৰ্ণ বিষয়া (ভিভিও) আৰু ভোটকেন্দ্ৰ বিষয়াসকলক (বিএলও) ক সহকাৰী ভিভিও হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। কালি তেওঁলোকক দিনজোৰাকৈ প্ৰশিক্ষণো প্ৰদান কৰা হয়। তেওঁলোকৰ কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ অঞ্চল আৰু মণ্ডল ভিত্তিক বিষয়া নিয়োজিত কৰাৰ উপৰি প্ৰতিটো বিধানসভা সমষ্টিতে একোজনকৈ অসম অসামৰিক সেৱাৰ বিষয়াক তদাৰকী বিষয়া হিচাপে নিয়োজিত কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে। এই সমস্ত অভিযান পৰ্যবেক্ষণৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ উপৰি অতিৰিক্ত মুখ্য সচিব বিজয়েন্দ্ৰ, জিলাৰ অভিভাবক সচিব তথা ৰাজ্য চৰকাৰৰ প্ৰধান সচিব জে বি এক্কা আৰু সচিব দীপক চৌধুৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁলোকে জিলাখনত বাহৰ পাতি লৈ এই অভিযানৰ তদাৰক কৰিব। তেওঁ আৰু জিলাখনত ২৭১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা বুলি জানিবলৈ দি কয় যে কালিলৈকে মুঠ ১১,৪৮,৫৯১ জনক প্ৰথম পালি ভেকচিন দিয়া হৈছে। বাকী সকলকো এই কেইদিনৰ ভিতৰতে যিকোনো উপায়ে প্ৰতিষেধক দিয়া হ'ব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ়তাৰে কয়। সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, লখিমী দত্ত আৰু নৱজিৎ পাঠক আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত আছিল। Directorate of Information and Public Relations, Assam
29/11/2021
News on Hon'ble Union Minister's visit to Barpeta on 26th November 2021. CMO Assam Ranjeet Kumar Dass Chandra Mohan Patowary Pijush Hazarika Directorate of Information and Public Relations, Assam District Barpeta
25/11/2021
Today's headlines. CMO Assam Ranjeet Kumar Dass Pijush Hazarika Directorate of Information and Public Relations, Assam
*বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি নষ্টালজিক শিক্ষামন্ত্ৰী* *অঙ্গনবাড়ী কেন্দ্ৰ, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসলয় পৰিদৰ্শন ডা: ৰণোজ পেগুৰ* ///। *"সকলো অঙ্গনবাড়ী কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰে চামিল হ'ব"* বৰপেটা, ২৫ নৱেম্বৰ: ১৯৭১ চনতে নিজে পঢ়ি যোৱা বৰপেটাৰ ঐতিহ্যমণ্ডিত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি নষ্টালজিক হৈ পৰিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ কুমাৰ পেগু। আজি বৰপেটা জিলাৰ কেবাখনো বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত নিজৰ নিৰ্দিষ্ট ভ্ৰমণসূচীত নথকা স্বত্তেও উনৈশ শতিকাতে স্থাপিত বিদ্যালয়খনলৈ গৈ ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে মতবিনিময় কৰে। তেওঁ বিদ্যালয়খনৰ ভালদৰে ঘূৰি-পকি চাই পূৰ্বৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে। তেওঁ কয় যে, ১৯৭১-৭২ চনত তেওঁ এইখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল। সেই সময়ত তেওঁৰ দেউতাক বৰপেটা মহকুমাৰ নিৰ্বাচন বিষয়া হিচাপে নিয়োজিত হৈ আছিল। সেয়েহে বৰপেটাৰ প্ৰতি তেওঁৰ এক বিশেষ আকৰ্ষণ আছে বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ অসম সৱলীকৰণ কাৰ্যসূচীৰ অধীনত বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত উভতনি যাত্ৰাত আজি বৰপেটা জিলা ভ্ৰমণ কৰি মন্ত্ৰী গৰাকীয়ে পোনতে চাকাবাউসী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিভাগীয় বিষয়া সকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে যিবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুবেই কম সেইবোৰ ওচৰৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ'ব। এনেদৰে অপ্ৰয়োজনীয় বিদ্যালয়ৰ সংখ্যা কমাই আনিব পাৰিলে চৰকাৰী বিদ্যালয় সমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহজতৰ হৈ পৰিব তেওঁ মত প্ৰকাশ কৰে। তেওঁ বিদ্যালয়ৰ মণ্ডল কেন্দ্ৰ সমন্বয়ক সকলেও নিয়মীয়াকৈ পাঠদান কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ পৰিবেশ- পৰিস্থিতিত বেচ সন্তুষ্টি প্ৰকাশ কৰে। তাৰপিছতে ওচৰৰ নিজ দমকা গাঁৱৰ অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজাৰৰ সৈতে বাৰ্তালাপ কৰে। ইয়াত তেওঁ জনোৱা মতে, যিবোৰ অঙ্গনবাড়ী কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰ সৈতে একেটা চৌহদতে আছে সেইবোৰ অতি শীঘ্ৰে বিদ্যালয় খনৰ সৈতে সংলগ্ন কৰা হ'ব। আনবোৰ পৰ্যায়ক্ৰমে একেলগ কৰা হ'ব। এই ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। ডা: পেগুয়ে তাৰ পিছতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়লৈ আহি ইয়াৰ অৱস্থাৰ বুজ লয়। ইয়াৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপস্থিত থকা অৰুণোদয়, বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু কোভিড বিধবা সাহাৰ্য আঁচনিৰ কেবাগৰাকী হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ ভাব জনাৰ চেষ্টা কৰে। হিতাধিকাৰী সকলে আঁচনি সমূহৰ ধন সময়মতে পাইছে নে নাই সেই বিষয়ে জানিব বিচাৰে। তেওঁ হিতাধিকাৰী সকলক ঘৰলৈ গৈ সাক্ষাৎ কৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰে। এই সভাতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মন্ত্ৰী গৰাকীক ফুলাম গামোছা আৰু গুৰু আসনেৰে আদৰণি জনায়।মন্ত্ৰী গৰাকীৰ সমগ্ৰ ভ্ৰমণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া সকলেও সঙ্গ দিয়ে। Directorate of Information and Public Relations, Assam
*বৰপেটাত পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী* *পানী যোগান কেন্দ্ৰ উদ্ধোধন, বিদ্যালয়-অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন* বৰপেটা, ২৩ নৱেম্বৰ: মুখ্যমন্ত্ৰীৰ অসম সৱলীকৰণ পদক্ষেপৰ অধীনত আজি পৰিবহন আৰু উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৰপেটা জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ কেবাখনো আঁচনি পৰিদৰ্শন কৰে। কাইলৈ বঙাইগাঁওত অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকলৈ যোৱাৰ বাটত মন্ত্ৰী গৰাকী আজি বিয়লি ৩ বজাত ভৱানীপুৰত উপস্থিত হোৱাত উপায়ুক্ত তেজ প্ৰসাদ ভূচালে তেওঁক আদৰণি জনায়। ইয়াৰ পিছতে ইটাৰভিঠা প্ৰাথমিক বিদ্যালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। তেওঁ বিদ্যালয়খনৰ চৌপাশে দেৱাল নিৰ্মাণৰ ব্যৱস্থা ল'বলৈ আৰু অঙ্গনবাড়ী কেন্দ্ৰটো পঞ্চদশ পৰিকল্পনাৰ পুজিৰে পুণৰ নিৰ্মাণ কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে তেওঁ হাউলী সমূহীয়া স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ লগতে ইয়াত থকা কোভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। তেওঁ চিকিৎসালয়খনৰ আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰটোৰ সাম্প্ৰতিক অৱস্থাত সন্তুষ্টি প্ৰকাশ কৰে। তাৰ পিছতে ওচৰতে থকা এটা অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি পূৱ দত্তকুছীত জল জীৱন মিছনৰ অধীনত পুণৰ নিৰ্মিত নল পানী যোগান আঁচনি এখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ সময়ত উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ উপৰি অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা আৰু স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, শিক্ষা আদি বিভাগৰ জেষ্ঠ বিষয়া সকল উপস্থিত আছিল। Directorate of Information and Public Relations, Assam