BJYM Barpeta

Directions

BJYM Barpeta This is official page of BJYM Page.

17/10/2026

‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ জৰিয়তে উপকৃত ছাত্ৰ-ছাত্ৰীসকলৰ মুখেৰে তেওঁলোকৰ অনুভৱ আৰু অভিজ্ঞতাৰ কিছু বতৰা।

Himanta Biswa Sarma
BJYM Assam
Rakesh Das

🌺 শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা। 🙏মা দুৰ্গাৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।ভাৰতীয় জনত...
17/10/2026

🌺 শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা। 🙏

মা দুৰ্গাৰ আশীৰ্বাদত সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক।

ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলা

16/10/2026

নিযুত বাবু–নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ দিশত আগবাঢ়িবলৈ উৎসাহিত কৰি তেওঁলোকৰ সপোন পূৰণৰ পথ সুগম কৰা হৈছে। শিক্ষাৰ পোহৰেৰে এখন শিক্ষিত, আত্মনিৰ্ভৰশীল আৰু বিকশিত অসম গঢ়াৰ এই প্ৰয়াস সঁচাকৈয়ে প্ৰশংসনীয়।

শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এই পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 🙏

Himanta Biswa Sarma
BJYM Assam
Rakesh Das

#বিকশিতঅসম

🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎂🌸ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী সৱিতা দেৱনাথ ডাঙৰীয়ানীলৈ জন...
16/10/2026

🎉 জন্মদিনৰ আন্তৰিক শুভেচ্ছা 🎂🌸

ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী সৱিতা দেৱনাথ ডাঙৰীয়ানীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐

তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সুখ-সমৃদ্ধিময় জীৱন কামনা কৰিলোঁ। আগন্তুক দিনবোৰ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ হওক, তাৰেই কামনাৰে।

শুভেচ্ছান্তে, ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলা 🙏🌷

Sabita Debnath

📍 জন-জাগৰণ সমদল | বৰপেটাৰোডদেশৰ স্বাৰ্থ সৰ্বোপৰি। 🇮🇳ৰাষ্ট্ৰীয় ঐক্য, সংবিধানৰ মৰ্যাদা আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ বাৰ্তা ...
15/10/2026

📍 জন-জাগৰণ সমদল | বৰপেটাৰোড

দেশৰ স্বাৰ্থ সৰ্বোপৰি। 🇮🇳

ৰাষ্ট্ৰীয় ঐক্য, সংবিধানৰ মৰ্যাদা আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ বাৰ্তা লৈ আজি বৰপেটাৰোডত ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ উদ্যোগত অনুষ্ঠিত ‘দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে জন-জাগৰণ সমদল’ত ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ যুৱ কাৰ্যকৰ্তাসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।

যুৱ শক্তিৰ ঐক্য, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্যবোধক সাৰোগত কৰি দেশৰ শান্তি, সংহতি আৰু অখণ্ডতা ৰক্ষাৰ সংকল্পৰে আমাৰ এই যাত্ৰা অব্যাহত থাকিব।

ৰাষ্ট্ৰ প্ৰথম, সদায় প্ৰথম।
যুৱ শক্তি ৰাষ্ট্ৰ শক্তি। 🇮🇳

Nitin Nabin
Bharatiya Janata Party (BJP)
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJYM Assam
Rakesh Das
Diganta Das
Karna Kundal Bharali
Er Bitopon Das
Devid Choudhury

#জনজাগৰণসমদল #দেশৰহকে #যুৱশক্তিৰাষ্ট্ৰশক্তি

📍 দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে জন-জাগৰণ সমদল | বৰপেটাৰোডদেশৰ সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সুৰক্ষা তথা দেশবিৰোধ...
15/10/2026

📍 দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে জন-জাগৰণ সমদল | বৰপেটাৰোড

দেশৰ সংবিধান আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সুৰক্ষা তথা দেশবিৰোধী অপশক্তিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা গঢ়ি তোলাৰ লক্ষ্যৰে আজি ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ উদ্যোগত আয়োজিত দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে জন-জাগৰণ সমদলত অংশগ্ৰহণ, সৰ্বস্তৰৰ ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি থকা সামূহিক দায়বদ্ধতাৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে।

আজিৰ এই সমদলত মাননীয় সাংসদ তথা বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ, বৰপেটা জিলা বিজেপিৰ সভানেত্ৰী শ্ৰীমতী সবিতা দেৱনাথ আৰু বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী শ্ৰীযুত মনোজ বৰুৱা ডাঙৰীয়াৰ লগতে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

দেশৰ গণতন্ত্ৰৰ শক্তি নিহিত হৈ আছে জনসাধাৰণৰ সজাগতা, সংবিধানৰ প্ৰতি আস্থা আৰু জাতীয় ঐক্যৰ মাজত। এই মূল্যবোধসমূহ অটুট ৰখাৰ লগতে দেশৰ শান্তি, সংহতি আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অপশক্তিৰ বিৰুদ্ধে জনমত গঢ়ি তোলাটো আমাৰ সামূহিক দায়িত্ব।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা আস্থা, ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধতা আৰু জাতীয় ঐক্যৰ সংকল্পৰে দেশৰ হকে আমাৰ এই প্ৰয়াস অব্যাহত থাকিব। 🇮🇳

Narendra Modi
Nitin Nabin
Himanta Biswa Sarma
Dilip Saikia
Aswini Ray Sarkar
BJYM Assam
Rakesh Das
Diganta Das

#জনজাগৰণসমদল #বৰপেটাৰোড #দেশৰহকে #জাতীয়ঐক্য

11/10/2026

🌺 শাৰদীয় নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা 🌺

মা দুৰ্গাৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু নতুন আশাৰ বতৰা। অসুৰ শক্তিৰ বিনাশ আৰু সত্যৰ জয়ৰ এই পৱিত্ৰ উৎসৱে সকলোৰে মাজত ভক্তি, সাহস আৰু ইতিবাচকতাৰ সঞ্চাৰ কৰক।

🙏 জয় মা দুৰ্গা! 🙏

শুভেচ্ছাৰে,
ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলা

🙏 শ্ৰদ্ধাঞ্জলি | ৰতন টাটা জী 🙏দেশৰ বিশিষ্ট উদ্যোগপতি, মহান মানৱতাবাদী তথা পদ্ম বিভূষণ সন্মানেৰে সন্মানিত শ্ৰী ৰতন টাটা জ...
09/10/2026

🙏 শ্ৰদ্ধাঞ্জলি | ৰতন টাটা জী 🙏

দেশৰ বিশিষ্ট উদ্যোগপতি, মহান মানৱতাবাদী তথা পদ্ম বিভূষণ সন্মানেৰে সন্মানিত শ্ৰী ৰতন টাটা জীৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

তেখেতৰ কৰ্মনিষ্ঠা, সততা, মানৱীয় মূল্যবোধ আৰু সমাজৰ প্ৰতি থকা অৱদান প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে চিৰদিন প্ৰেৰণাৰ উৎস হৈ থাকিব।

তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজি আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব।

বিনম্ৰ শ্ৰদ্ধাঞ্জলি। 🙏

Himanta Biswa Sarma
Ratan Naval Tata

#श्रद्धांजलि

Address

Barpeta District
Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when BJYM Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share