BJYM Bokakhat

Directions

BJYM Bokakhat Official page of Bharatiya Janata Yuva Morcha, Bokakhat Mondol.

একেধাৰে শিল্পী, সাহিত্যিক, স্বাধীনতা সংগ্ৰামী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনবদ্য কৰ্মৰাজিয়ে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত ...
20/06/2026

একেধাৰে শিল্পী, সাহিত্যিক, স্বাধীনতা সংগ্ৰামী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অনবদ্য কৰ্মৰাজিয়ে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰিছে আৰু কৰি গৈ থাকিব। স্বদেশ, স্বজাতিৰ প্ৰতি তেওঁৰ প্ৰেম আছিল অতুলনীয়।

জাতীয় জীৱনৰ মহীৰূহ, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ আজি মৃত্যু দিৱসত যাচিছোঁ মোৰ একাঁজলি শ্ৰদ্ধাঞ্জলি। ৰাভাৰ আভাই অসমৰ সামাজিক-সাংস্কৃতিক জীৱনক চিৰদিনলৈ উদ্ভাসিত কৰি ৰাখিব।

অসমীয়া জাতিৰ বুকুৰ আপোন, গণশিল্পী খগেন মহন্ত ডাঙৰীয়ালৈ আজি স্মৃতি দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ বিহুগীতৰ ম...
12/06/2026

অসমীয়া জাতিৰ বুকুৰ আপোন, গণশিল্পী খগেন মহন্ত ডাঙৰীয়ালৈ আজি স্মৃতি দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ৷ বিহুগীতৰ মুকুটবিহীন সম্রাট খগেন মহন্ত ডাঙৰীয়াই অসমৰ লোক-সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদান প্ৰতিটো প্ৰজন্মৰ বাবেই অনুকৰণীয় হৈ থাকিব।

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা দেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ।।গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা দেৱৰ কালজয়ী গীতি ...
07/06/2026

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা দেৱৰ মৃত্যু তিথিত তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ।।

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা দেৱৰ কালজয়ী গীতি সাহিত্যই অসমীয়া কলা -সংস্কৃতিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল ৷ তেখেতৰ গীতি সাহিত্যত গ্ৰাম্য সৰলতা বিৰাজমান।

ভাৰতৰত্ন সন্মানেৰে বিভূষিত নমস্য অসমীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। অসমৰ প্ৰথমগৰা...
06/06/2026

ভাৰতৰত্ন সন্মানেৰে বিভূষিত নমস্য অসমীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতৰ বলিষ্ঠ পদক্ষেপক অসমৰ জাতীয় জীৱনে সদায় স্মৰণ কৰিব। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামতো সক্ৰিয় ভূমিকা পালন কৰা বৰদলৈদেৱৰ আদৰ্শ আমাৰ বাবে পাথেয় হৈ ৰ'ব।

এন ডি এ ৩.০ ৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা...
06/06/2026

এন ডি এ ৩.০ ৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

ইয়াৰ ভিতৰত ----
👉 ৰাজ্যিক কৰ্মচাৰী-পেঞ্চনাৰৰ মৰগীয়া ভাট্টা/সাহায্য বৃদ্ধি
👉 বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিক শক্তিশালীকৰণ
👉 চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিত উৎসাহ
👉 ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে স্থাপন আদি আছিল অন্যতম৷



Himanta Biswa Sarma

23/05/2026

অসমৰ জীয়াৰীসকলৰ অদম্য সাহসিকতাই আজি অসমক বিশ্বমঞ্চত গৌৰৱান্বিত কৰিলে। লখিমপুৰৰ কন্যা শ্ৰীৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি ইতিহাসৰ বুকুত নিজৰ নাম স্বৰ্ণাক্ষৰে খোদিত কৰিলে। তেখেতৰ এই অবিশ্বাস্য সাফল্য সমগ্ৰ অসমৰ নাৰীশক্তিৰ এক জ্বলন্ত প্ৰতীক। তেখেতে সাহস, অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে সপোনক বাস্তৱত ৰূপ দিয়াৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰিলে।

ইয়াৰ লগতে, শ্ৰীমতী ভনীতা টিমুংপীয়েও ITBP-ৰ এভাৰেষ্ট অভিযানৰ নেতৃত্ব বহন কৰি অসমৰ গৌৰৱ অধিক উজ্জ্বল কৰি তুলিছে। তেখেতৰ দূৰদৰ্শী নেতৃত্ব, কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিয়ে অসমৰ নতুন প্ৰজন্মক সাহস আৰু আত্মবিশ্বাসৰ নতুন দিশ দেখুৱাইছে।

শ্ৰীৰূপামণি গড় আৰু ভনীতা টিমুংপী ডাঙৰীয়ানীৰ এই ঐতিহাসিক কৃতিত্বই স্পষ্টকৈ প্ৰমাণ কৰিলে যে অসমৰ জীয়াৰীসকলে সংকল্প, সাধনা আৰু সাহসৰ বলত বিশ্বৰ যিকোনো উচ্চতা স্পৰ্শ কৰিব পাৰে। তেখেতসকলৰ এই বিজয়গাথা আগন্তুক প্ৰজন্মৰ বাবে অনন্ত অনুপ্ৰেৰণাৰ উৎস হৈ যুগে যুগে জিলিকি থাকিব।

দুয়োগৰাকীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ✨🏔️🇮🇳

সৰ্ববৃহৎ শক্তিশালী দ'ল ভাৰতীয় জনতা পাৰ্টিৰ Bharatiya Janata Party (BJP) সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি Nitin Nabin  ডাঙৰীয...
23/05/2026

সৰ্ববৃহৎ শক্তিশালী দ'ল ভাৰতীয় জনতা পাৰ্টিৰ Bharatiya Janata Party (BJP) সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি Nitin Nabin ডাঙৰীয়ালৈ জন্ম দিনৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

I extend my heartfelt congratulations and best wishes to the respected National President of the Bharatiya Janata Party, Shri Nitin Nabin@, on his birthday.

আজি মাননীয় ৰাজ্যপাল Laxman Acharyaডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarmaডাঙৰীয়াই ১৬সংখ্যক অসম বিধান সভাৰ প...
22/05/2026

আজি মাননীয় ৰাজ্যপাল Laxman Acharyaডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarmaডাঙৰীয়াই ১৬সংখ্যক অসম বিধান সভাৰ প্ৰথমখন অধিৱেশনলৈ আদৰণি জনায়।

BJYM Assam
BJP Assam Pradesh
BJYM Bokakhat

12/05/2026

অসমৰ উন্নয়নৰ যাত্ৰাক এক অনিৰূদ্ধ গতি প্ৰদান কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
আপোনাৰ এই দ্বিতীয়টো কাৰ্যকালত অসমৰ প্ৰতিটো জনজাতি, প্ৰতিটো ভাষা-ভাষী লোকৰ আশা-আকাংক্ষাসমূহ প্ৰতিভাত হওক লগতে ৰাজ্যখনক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত স্থান দিয়াবলৈ আপুনি কৰা অহোপুৰুষাৰ্থ
সাফল্যমণ্ডিত হওক।আপোনাৰ এই অগস্ত্য যাত্ৰাৰ সহযাত্ৰী হিচাপে আমি সদায় আপোনাৰ সৈতে আছোঁ আৰু থাকিম। নেদেখাজনৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলোঁ।
জয় আই অসম🙏🏼
ড° হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ

Himanta Biswa Sarma

অসমবাসীৰ অভূতপূৰ্ব জনাদেশৰ জৰিয়তে অসম বিধানসভা নিৰ্বাচন ২০২৬ত এন ডি এ-ই ঐতিহাসিক তৃতীয়বাৰৰ বাবে বিজয় লাভ কৰাটো এক গৌৰৱ...
04/05/2026

অসমবাসীৰ অভূতপূৰ্ব জনাদেশৰ জৰিয়তে অসম বিধানসভা নিৰ্বাচন ২০২৬ত এন ডি এ-ই ঐতিহাসিক তৃতীয়বাৰৰ বাবে বিজয় লাভ কৰাটো এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। এই বিজয় হৈছে এন ডি এ-ৰ উন্নয়নমূলক, শান্তি, সমৃদ্ধি আৰু জনকল্যাণমূলক কামৰ প্ৰতি সৰ্বস্তৰৰ জনতাৰ গভীৰ বিশ্বাসৰ স্পষ্ট প্ৰতিফলন।

বিজয়ী প্ৰতিজন প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ॥

BJP Assam Pradesh
Himanta Biswa Sarma
Pijush Hazarika

Address

Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when BJYM Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share