09/05/2025
উৰা বাতৰিৰ পৰা সাৱধান...
ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ অব্যাহত থকাৰ সময়ত, পাকিস্তান আৰু পাকিস্তানৰ সমৰ্থকৰ দ্বাৰা ৰাইজক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমত বিভিন্ন উৰা বাতৰি বিয়পাই থকা পৰিলক্ষিত হৈছে। অনাগত সময়তো এনেধৰণৰ বিভ্ৰান্তিকৰ উৰা বাতৰি প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে।
এনেধৰণৰ ভাৰতবিৰোধী উৰা বাতৰিবোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, বিশ্বাসযোগ্য চৰকাৰী উৎসৰ খবৰ-বাতৰিৰ ওপৰত আস্থা পোষণ কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।
সাৱধানে থাকক, সুৰক্ষিত থাকক!