09/10/2026
আমাৰ ৰাজ্যৰ ৭৭ বিধৰ মাজৰে মাত্ৰ ৬ বিধহে অতি বিষধৰ সাপ। অন্যান্য বন্যপ্ৰাণীৰ দৰেই সাপ সমূহেও পৰিৱেশৰ হকে কেৱল ভালটোহে কৰে। কিন্তু অন্ধবিশ্বাস, মিছা বদনাম আৰু সৰ্পভীতিৰ বাবে সাপৰ প্ৰতি মানুহৰ আচৰণ সদায়েই অমানুষিক। এই বিলাক দূৰ কৰাৰ লগতে আৰু ঘটনাক্ৰমে অথন্তৰত পৰিব লগা সাপ সমূহৰ মানৱীয় স্থানান্তৰণ কৰিব পৰাকৈ এটা সক্ষমতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ধেমাজি জিলা বন সংমণ্ডলৰ ৪১ জন বিষয়া-কৰ্মচাৰীক। ধেমাজি বন সংমণ্ডল, WWF-India, AWRRO আৰু Megamix ৰ সহযোগত কাৰ্যসূচীটো সম্পন্ন হয়।
স্থান:ধেমাজি, তাৰিখ:(০৬/১০/২০২৬) উপলক্ষ: ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ।