IIC Silapathar College

Directions

IIC Silapathar College Silapathar College (IIC)

চিলাপথাৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা দিৱস উদযাপন১৫ অক্টোবৰ, ২০২৬চিলাপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগ...
15/10/2026

চিলাপথাৰ মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা দিৱস উদযাপন

১৫ অক্টোবৰ, ২০২৬
চিলাপথাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা দিৱস উদযাপন কৰা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি তথা বক্তা হিচাপে উপস্থিত থাকে ড° মেৰিনা নৰহ। তেওঁ গ্ৰামীণ মহিলাসকলৰ সবলীকৰণ আৰু সমাজলৈ তেওঁলোকৰ অৱদান বিষয়ত আলোকপাত কৰি এটি গুৰুত্বপূর্ণ ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ অংশ হিচাপে মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত চেনিটেৰী পেড (Sanitary Pad) বিতৰণ কৰা হয়, যিয়ে ছাত্ৰীসকলৰ স্বাস্থ্য সচেতনতা বৃদ্ধিৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হয়।

চিলাপথাৰ মহাবিদ্যালয়ত লিংগ সমতা আৰু নাৰী অধিকাৰ বিষয়ক সচেতনতামূলক অনুষ্ঠান সম্পন্নচিলাপথাৰ মহাবিদ্যালয়ৰ 'জেণ্ডাৰ চেঞ্...
14/10/2026

চিলাপথাৰ মহাবিদ্যালয়ত লিংগ সমতা আৰু নাৰী অধিকাৰ বিষয়ক সচেতনতামূলক অনুষ্ঠান সম্পন্ন

চিলাপথাৰ মহাবিদ্যালয়ৰ 'জেণ্ডাৰ চেঞ্চিটাইজেচন চেল' (Gender Sensitization Cell) আৰু 'ৱুমেন চেল' (Women Cell)-ৰ যৌথ উদ্যোগত আজি মহাবিদ্যালয়ৰ ভাৰ্চুৱেল ক্লাছৰূম (Virtual Classroom)-ত "লিংগ সমতা আৰু নাৰীৰ অধিকাৰ: সাংবিধানিক সুৰক্ষা আৰু সমসাময়িক প্ৰত্যাহ্বান" (Gender Equality and Women's Rights: Constitutional Guarantees and Contemporary Challenges) বিষয়ক এক গুৰুত্বপূৰ্ণ সচেতনতামূলক কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈ যায়।

​দুপৰীয়া ১২:০০ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটিত মূখ্য সমল ব্যক্তি (Resource Person) হিচাপে উপস্থিত থাকে 'আকাম ফাউণ্ডেচন' (Akam Foundation)-ৰ প্ৰতিষ্ঠাপক সঞ্চালিকা মিছ ঋতুপৰ্ণা নেওগ। তেওঁ সমাজত লিংগ বৈষম্য দূৰীকৰণ আৰু নাৰী অধিকাৰ সুৰক্ষাৰ বিভিন্ন দিশ সামৰি এক মূল্যৱান বক্তৃতা প্ৰদান কৰে।

​ইয়াৰ সমান্তৰালভাৱে, চিলাপথাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মেৰিনা নৰহে "বিশেষ বক্তা" (Special Talk) হিচাপে অংশগ্ৰহণ কৰি সাংবিধানিক অধিকাৰ আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে বক্তব্য ৰাখে।

​এই কাৰ্যসূচীৰ অংশ হিচাপে ঋতুস্ৰাৱজনিত স্বাস্থ্য, মৰ্যাদা আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যে "চেণিটাৰী পেড বিতৰণ" (Sanitary Pads Distribution)-ৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয়।

​অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই ব্যাপক সংখ্যাত উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলে।

চিলাপথাৰ মহাবিদ্যালয়ত অগ্নি নিৰ্বাপণ আৰু তৎকালীন সেৱা বিষয়ক সজাগতা সভাচিলাপথাৰ মহাবিদ্যালয়ৰ চৌহদত আজি এক অগ্নিনিৰ্বাপণ...
13/10/2026

চিলাপথাৰ মহাবিদ্যালয়ত অগ্নি নিৰ্বাপণ আৰু তৎকালীন সেৱা বিষয়ক সজাগতা সভা

চিলাপথাৰ মহাবিদ্যালয়ৰ চৌহদত আজি এক অগ্নিনিৰ্বাপণ আৰু তৎকালীন সেৱা বিষয়ক প্ৰশিক্ষণ তথা সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ তৰুণ চন্দ্ৰ টাইদদেৱৰ বক্তব্যৰে শুভাৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীসকলৰ মাজত দুৰ্যোগ প্ৰতিৰোধ তথা তৎকালীন অৱস্থাত গ্ৰহণ কৰা হ’লগীয়া সতৰ্কতাৰ বিষয়ে আলোচনা কৰা হয়।

অনুষ্ঠানত অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া-কৰ্মচাৰীসকলে উপস্থিত থাকি হাতে-কামে বিভিন্ন প্ৰদৰ্শন দাঙি ধৰে। বিশেষকৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ জুই নিয়ন্ত্ৰণ, অগ্নিনিৰ্বাপক যন্ত্ৰৰ (Fire Extinguisher) সঠিক ব্যৱহাৰ আৰু বানপানী বা অন্যান্য জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰা লাইফ জেকেটৰ কাৰ্যপদ্ধতিৰ ওপৰত বিশদ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

উক্ত সজাগতা সভাত মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি তৎকালীন পৰিস্থিতি মোকাবিলা কৰাৰ প্ৰয়োজনীয় কৌশলসমূহ শিকে। এই প্ৰশিক্ষণে মহাবিদ্যালয় পৰিয়ালটোক ভৱিষ্যতে যিকোনো দুৰ্যোগৰ সময়ত তৎপৰ হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ধেমাজি-ঢকুৱাখানা মণ্ডল পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত চিলাপথাৰ মহাবিদ্যালয়ৰ সফলতাঅসম কলেজ শিক্ষক সংস্থা (ACTA)-ৰ ধেমাজি-ঢকু...
11/10/2026

ধেমাজি-ঢকুৱাখানা মণ্ডল পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত চিলাপথাৰ মহাবিদ্যালয়ৰ সফলতা

অসম কলেজ শিক্ষক সংস্থা (ACTA)-ৰ ধেমাজি-ঢকুৱাখানা মণ্ডল সমিতিৰ উদ্যোগত আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ (Dhemaji Commerce College) সহযোগত আয়োজিত মণ্ডল পৰ্যায়ৰ কুইজ প্ৰতিযোগিতাত (Zonal Level Quiz Competition) চিলাপথাৰ মহাবিদ্যালয়ৰ দলটিয়ে উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰি দ্বিতীয় স্থান (2nd Prize) লাভ কৰিবলৈ সক্ষম হৈছে। চিলাপথাৰ মহাবিদ্যালয়ৰ দলটিক প্ৰতিনিধিত্ব কৰিছিল ছাত্ৰ #সৃষ্টি_ৰায় আৰু #অথৰ্ব_শৰ্মাই।

​প্ৰতিযোগিতাৰ শেষত অনুষ্ঠিত পুৰস্কাৰ বিতৰণীত ACTA-ৰ ধেমাজি-ঢকুৱাখানা মণ্ডল সমিতিৰ আৰু ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষকমণ্ডলীৰ উপস্থিতিত বিজয়ীসকলক অভিনন্দন জনোৱা হয়। চিলাপথাৰ মহাবিদ্যালয় দলৰ এই সাফল্যত মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীবৃন্দে আনন্দ প্ৰকাশ কৰিছে আৰু প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

11/10/2026

নৃত্য শিল্পী শ্ৰদ্ধাশ্ৰী ব্ৰহ্ম।
ভাৰতনাট্যম কৰ্মশালা আৰু নৃত্য প্ৰদৰ্শন
চিলাপথাৰ মহাবিদ্যালয়

চিলাপথাৰ মহাবিদ্যালয়ত S**C MACAY-ৰ উদ্যোগত ভৰতনাট্যম কৰ্মশালা আৰু প্ৰদৰ্শন​যুৱপ্ৰজন্মৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰ...
09/10/2026

চিলাপথাৰ মহাবিদ্যালয়ত S**C MACAY-ৰ উদ্যোগত ভৰতনাট্যম কৰ্মশালা আৰু প্ৰদৰ্শন
​
যুৱপ্ৰজন্মৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত সামাজিক অনুষ্ঠান 'S**C MACAY'-ৰ চিলাপথাৰ শাখাৰ উদ্যোগত আজি চিলাপথাৰ মহাবিদ্যালয়ত 'ভৰতনাট্যম কৰ্মশালা আৰু প্ৰদৰ্শন' (Bharatnatyam Workshop Demonstration) সফলভাৱে অনুষ্ঠিত হৈ যায়।

​দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানটিত বিশিষ্ট নৃত্যশিল্পী শ্ৰীমতী শ্ৰদ্ধাশ্ৰী ব্ৰহ্মই সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভৰতনাট্যম নৃত্যৰ নান্দনিক দিশসমূহ আৰু কৌশল প্ৰদৰ্শন কৰে।

​শিক্ষাৰ্থীসকলৰ মাজত "আশা আৰু ইতিবাচকতাৰ প্ৰসাৰ" (Spreading Hope and Positivity) চলোৱাৰ উদ্দেশ্যে আয়োজিত এই বিশেষ কাৰ্যসূচীত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়, SRF Foundation, The Anant Bajaj Foundation আৰু চিলাপথাৰ মহাবিদ্যালয়ে বিশেষ সহযোগিতা আগবঢ়ায়।

কাৰ্যসূচীটোত মহাবিদ্যালয়ৰ বহুসংখ্যক ছাত্র-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

চিলাপথাৰ মহাবিদ্যালয়ত আজি ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজি...
24/09/2026

চিলাপথাৰ মহাবিদ্যালয়ত আজি ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজিক দায়বদ্ধতা, সেৱাৰ মনোভাৱ, দেশ আৰু সমাজৰ প্ৰতি কৰ্তব্যবোধ তথা সুস্থ মূল্যবোধ গঢ়ি তোলাৰ উদ্দেশ্যে এই বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাখনত উৎসাহেৰে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয়ত নিজৰ চিন্তা, মতামত আৰু বক্তব্য উপস্থাপন কৰে।

আজি ২৪/০৯/২০২৬ তাৰিখ বৃহস্পতিবাৰে চিলাপথাৰ মহাবিদ্যালয়ত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত প্ৰদান বৰুৱা...
24/09/2026

আজি ২৪/০৯/২০২৬ তাৰিখ বৃহস্পতিবাৰে চিলাপথাৰ মহাবিদ্যালয়ত ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত প্ৰদান বৰুৱা, ৮০ নং জোনাই বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভূৱন পেগু আৰু ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত জীৱন গগৈৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বিশেষ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত কাৰ্যসূচীত জনপ্ৰতিনিধিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰে। অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা, যুৱসমাজৰ ভৱিষ্যৎ, দক্ষতা বিকাশ, কৰ্মসংস্থাপন তথা সমাজৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিজৰ মতামত আৰু প্ৰশ্ন উপস্থাপন কৰে।

সাংসদ প্ৰদান বৰুৱা আৰু বিধায়কদ্বয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্ন আৰু মতামত মনোযোগেৰে শুনি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যতে দেশ আৰু সমাজৰ গঠনমূলক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে জনপ্ৰতিনিধিসকলৰ এই পোনপটীয়া মত-বিনিময় অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰী আৰু জনপ্ৰতিনিধিৰ মাজত যোগাযোগৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰে। অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মতামত প্ৰকাশ কৰাৰ লগতে জনপ্ৰতিনিধিসকলৰ সৈতে বিভিন্ন বিষয়ত পোনপটীয়াকৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰে।

যোৱা ১৬/০৯/২০২৬ তাৰিখে চিলাপথাৰ মহাবিদ্যালয়ৰ পূৰ্বৰ ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ছাত্ৰ একতা সভাৰ সমিতিখন ভংগ কৰি ২০২৬-২৭ শৈক্ষ...
17/09/2026

যোৱা ১৬/০৯/২০২৬ তাৰিখে চিলাপথাৰ মহাবিদ্যালয়ৰ পূৰ্বৰ ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ছাত্ৰ একতা সভাৰ সমিতিখন ভংগ কৰি ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ নতুন সমতিখনে শপত গ্ৰহণ কৰাৰ লগতে দায়িত্বভাৰ গ্ৰহণ কৰে।

চিলাপথাৰ মহাবিদ্যালয়ত স্বেচ্ছামূলক ৰক্তদান শিবিৰ, ১৫ গৰাকী ৰক্তদাতাৰ অংশগ্ৰহণমানৱ সেৱাৰ মহান আদৰ্শক আগত ৰাখি চিলাপথাৰ ম...
14/09/2026

চিলাপথাৰ মহাবিদ্যালয়ত স্বেচ্ছামূলক ৰক্তদান শিবিৰ, ১৫ গৰাকী ৰক্তদাতাৰ অংশগ্ৰহণ

মানৱ সেৱাৰ মহান আদৰ্শক আগত ৰাখি চিলাপথাৰ মহাবিদ্যালয়ত আজি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ Internal Quality Assurance Cell (IQAC), ধেমাজি ব্লাড চেণ্টাৰ আৰু Red Ribbon Clubৰ উদ্যোগত অনুষ্ঠিত এই ৰক্তদান শিবিৰত কেইবাগৰাকীও যুৱক-যুৱতীয়ে স্বেচ্ছাই ৰক্তদান কৰি সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ পৰিচয় দিয়ে।

ৰক্তদান শিবিৰটোৰ মূল উদ্দেশ্য আছিল ৰক্তৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰাৰ লগতে জৰুৰীকালীন সময়ত ৰক্তৰ যোগান নিশ্চিত কৰাত সহায় কৰা। “Donate Blood, Save Lives”- এই বাৰ্তাক সাৰোগত কৰি অনুষ্ঠিত শিবিৰটোৱে মানৱীয় সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।

শিবিৰত ৰক্তদান কৰা ৰক্তদাতাসকলৰ নাম হৈছে—

১. Manash Dutta — ৩৩ বছৰ, পুৰুষ
২. Nabajit Bhowmik — ২০ বছৰ, পুৰুষ
৩. Sumo Saikia — ২২ বছৰ, মহিলা
৪. Dinanath Pegu — ৩৫ বছৰ, পুৰুষ
৫. Harinarayan Taye — ২০ বছৰ, পুৰুষ
৬. Gomuk Kardong — ২২ বছৰ, পুৰুষ
৭. Pranjal Mili — ২১ বছৰ, পুৰুষ
৮. Ngansang Doley — ১৯ বছৰ, পুৰুষ
৯. Bikash Phukan — ১৯ বছৰ, পুৰুষ
১০. Abhishrot Dutta — ২৪ বছৰ, পুৰুষ
১১. Sandip Thapa — ২২ বছৰ, পুৰুষ
১২. Kailash Thapa — ১৭ বছৰ, পুৰুষ
১৩. Sanjay Bordoloi — ১৯ বছৰ, পুৰুষ
১৪. Sanjib Kuli — ১৯ বছৰ, পুৰুষ
১৫. Nibaran Doley — ১৮ বছৰ, পুৰুষ।

এই ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰা স্বেচ্ছাসেৱীসকলক আয়োজকসকলে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ মাজত ৰক্তদানৰ প্ৰতি ইতিবাচক মানসিকতা গঢ়ি তোলাৰ লগতে “এজনৰ ৰক্তই আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰে”- এই মানৱীয় বাৰ্তাক অধিক শক্তিশালী কৰি তুলিছে।

উল্লেখযোগ্য যে ৰক্তদান কেৱল এক সামাজিক সেৱাই নহয়, ই বিপদাপন্ন মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এক অমূল্য মানৱীয় অৱদান। চিলাপথাৰ মহাবিদ্যালয়ৰ এনে পদক্ষেপে সমাজত স্বেচ্ছামূলক ৰক্তদানৰ সংস্কৃতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Address

Silapathar
Dhemaji
707059

Website

Alerts

Be the first to know and let us send you an email when IIC Silapathar College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share