10/09/2026
সেউজপুৰ পুলিচ পইণ্ট–ASEB ৰেলৱে ক্ৰছিং পথৰ জৰাজীৰ্ণ অৱস্থা: দুৰ্ঘটনাৰ আশংকা, প্ৰশাসনৰ জৰুৰী হস্তক্ষেপৰ দাবী...
সেউজপুৰ পুলিচ পইণ্টৰ পৰা ASEB ৰেলৱে ক্ৰছিংলৈকে ৰাস্তাডোখৰ ইমান দিনে কিয় মেৰামতি কৰা হোৱা নাই, সেয়া বুজিব পৰা নাই। টাউনৰ ভিতৰৰ আন ৰাস্তাবোৰ জোৰা-টাপলি মাৰি হ’লেও যথেষ্ট ধুনীয়াকৈ মেৰামতি কৰা হৈছে, কিন্তু এই উল্লেখিত ৰাস্তাটোৰ এটা চাইড আজি বহুদিন ধৰি বেয়া অৱস্থাতে পৰি আছে।
উল্লেখযোগ্য যে, ৰাতিপুৱাৰ পৰা প্ৰায় সকলোধৰণৰ বাহন এই পথেৰেই টাউনৰ ভিতৰলৈ সোমাই থাকে আৰু লগতে ওলাই ও যায় । ৰাস্তাটোৰ এটা চাইড বেয়া হৈ থকাৰ বাবে ডাঙৰ বাহনৰ লগতে দুচকীয়া বাহনসমূহেও একেটা চাইডেৰেই অহা-যোৱা কৰিবলগীয়া হৈছে। ফলত যিকোনো মুহূৰ্ততে কোনো ডাঙৰ অঘটন সংঘটিত হোৱাৰ আশংকা আছে।
সেয়ে সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনক দাবী জনাইছোঁ—কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতেই বিষয়টো গুৰুত্বসহকাৰে লৈ সেউজপুৰ পুলিচ পইণ্টৰ পৰা ASEB ৰেলৱে ক্ৰছিংলৈকে ৰাস্তাডোখৰ অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰক।