17/09/2026
নতুন ভাৰতৰ যুগদ্ৰষ্টা, বিশ্বনেতা মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৱিত্ৰ জন্মদিনত সমগ্ৰ অসমবাসীৰ হৈ তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ ওলগ জ্ঞাপন কৰিছোঁ।
জনসেৱাৰ ব্ৰতত অটল থাকি অন্ত্যোদয়ৰ আদৰ্শ আৰু শক্তিশালী, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ সংকল্পৰে তেখেতে দেশক উন্নয়ন আৰু আত্মবিশ্বাসৰ নতুন দিশলৈ আগুৱাই লৈ গৈছে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেখেতৰ বিশেষ স্নেহ আৰু দায়বদ্ধতা আমাৰ বাবে সদায়েই প্ৰেৰণাৰ উৎস। ‘অষ্টলক্ষ্মী’ৰ বিকাশৰ ধাৰণাৰে এই অঞ্চলক দেশৰ অগ্ৰগতিৰ অন্যতম চালিকাশক্তি হিচাপে গঢ়ি তোলাৰ লগতে অসমৰ যোগাযোগ, আন্তঃগাঁথনি, ঐতিহ্য আৰু গৌৰৱক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন মৰ্যাদা প্ৰদান কৰিছে।
এই পৱিত্ৰ দিনটোত মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ—তেখেতক সুস্বাস্থ্য, অপাৰ মনোবল আৰু দীৰ্ঘায়ু প্ৰদান কৰক আৰু দেশসেৱাৰ এই যাত্ৰা অধিক শক্তিশালী কৰক।
জন্মদিনৰ আন্তৰিক শুভেচ্ছা, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। 🙏