Doomdooma Co-District Administration

Directions Website

Doomdooma Co-District Administration Official page of Doomdooma Co-District Administration. related to Doomdooma LAC.

This page gives up to date information about all the activities such as government schemes, works, meetings etc.

16/10/2026

Know about the Khel Maharan 3.0

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

16/10/2026

Know about the registration process for Khel Maharan 3.0

Tinsukia District Administration Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

আজি ডুমডুমা সমজিলা আয়ুক্ত শ্ৰীযুতা নুজহাত নাছৰীণ, অঃঅঃসেঃ, ডাঙৰীয়ানীয়ে কাকপথাৰ সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত তপোব...
14/10/2026

আজি ডুমডুমা সমজিলা আয়ুক্ত শ্ৰীযুতা নুজহাত নাছৰীণ, অঃঅঃসেঃ, ডাঙৰীয়ানীয়ে কাকপথাৰ সংহত শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত তপোবন অংগনৱাড়ী কেন্দ্ৰত আকস্মিক পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত তেখেতে কেন্দ্ৰত উপস্থিত শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে, তেওঁলোকৰ শৈক্ষিক কাৰ্যকলাপৰ বুজ লয় আৰু উপস্থিতি পঞ্জী, পোষণ আহাৰ, ৰেজিষ্টাৰ তথা অন্যান্য নথি-পত্ৰ পৰীক্ষা কৰে।

কেন্দ্ৰটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৈক্ষিক বাতাৱৰণ বজাই ৰখা, শিশুসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰা আৰু আঁচনিসমূহৰ সুচাৰু ৰূপায়ণৰ বাবে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

For information: Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog
12/10/2026

For information:

Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

দুৰ্গা পূজাৰ প্ৰস্তুতি সভাৰ পিছতে মাননীয় বিধায়ক, ডুমডুমা বিধানসভা সমষ্টি শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াৰ সৈতে ডুমডুমা স...
10/10/2026

দুৰ্গা পূজাৰ প্ৰস্তুতি সভাৰ পিছতে মাননীয় বিধায়ক, ডুমডুমা বিধানসভা সমষ্টি শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াৰ সৈতে ডুমডুমা সমজিলা আয়ুক্ত নুজহাত নাছৰীণ ডাঙৰীয়ানী, পৌৰপতি কান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী, ডুমডুমা সমজিলাৰ সহকাৰী আয়ুক্তসকল আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে ডুমডুমাৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত বিসৰ্জন ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, পোহৰৰ ব্যৱস্থা, নিৰাপত্তা ব্যৱস্থা, যাতায়তৰ সুবিধা আৰু প্ৰয়োজনীয় আন্তঃগাঁথনি সন্দৰ্ভত বুজ লয় আৰু সংশ্লিষ্ট বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হয়।

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

ডুমডুমা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি ডুমডুমা চাহ নগৰী অতিথিশালাৰ সভাকক্ষত আগন্...
10/10/2026

ডুমডুমা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি ডুমডুমা চাহ নগৰী অতিথিশালাৰ সভাকক্ষত আগন্তুক দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত এখন প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয়।

সভাত ৰূপেশ গোৱালা ডাঙৰীয়াৰ অধ্যক্ষতাত ডুমডুমা সমজিলাৰ আয়ুক্ত নুজহাত নাছৰীণ ডাঙৰীয়ানী, ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী, সহকাৰী আয়ুক্ত সুদীপ গগৈ ডাঙৰীয়া, ডুমডুমা সমজিলা আৰক্ষী অধীক্ষক, ডুমডুমা ৰাজহ চক্ৰ বিষয়া, ডুমডুমা পৌৰসভাৰ কাৰ্যবাহী বিষয়, আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

সভাত দুৰ্গা পূজাৰ সময়ছোৱাত আইন-শৃংখলা ৰক্ষা, যান-বাহন নিয়ন্ত্ৰণ, বিদ্যুৎ যোগান, প্ৰতিমা বিসৰ্জন ঘাটৰ প্ৰস্তুতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অগ্নি নিৰাপত্তা আৰু ৰাইজৰ সুৰক্ষা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

অসম চৰকাৰৰ “সেৱা সংকল্প অভিযানৰ” লগত সংগতি ৰাখি ডুমডুমা সমজিলা প্ৰশাসন আৰু ডুমডুমা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ উদ্যোগত...
10/10/2026

অসম চৰকাৰৰ “সেৱা সংকল্প অভিযানৰ” লগত সংগতি ৰাখি ডুমডুমা সমজিলা প্ৰশাসন আৰু ডুমডুমা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৯ অক্টোবৰ, ২০২৬ তাৰিখে ৰূপাই চাইডিংস্থিত সৌৰভ কলা পৰিষদত অনুষ্ঠিত ব্লক পৰ্যায়ৰ “সেৱা সংকল্প অভিযান” শিবিৰ বিপুল জনসঁহাৰিৰ মাজেৰে সফলভাৱে সম্পন্ন হয়।

ডুমডুমা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত সুমিত ছাত্তাৱান ডাঙৰীয়া, ডুমডুমা সমজিলা আয়ুক্ত নুজহাত নাছৰীণ ডাঙৰীয়ানী, ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী, ডুমডুমা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভৰত ভাজনী ডাঙৰীয়া, মূলেন্দ্ৰ মৰাণ ডাঙৰীয়া,অৰূপ মৰাণ ডাঙৰীয়া, পাৰু মহন্ত ডাঙৰীয়ানী আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল।

শিবিৰত বিভাগীয় সেৱা কাউণ্টাৰৰ জৰিয়তে ৰাইজে থিতাতে বিভিন্ন সেৱা লাভ কৰে - ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা, আয়ুক্ত কাৰ্যালয়-বিত্ত, গ্ৰামোন্নয়ন, কৃষি, বিদ্যুত বিভাগ, উচ্চ শিক্ষা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, খাদ্য ৰাজহুৱা বিতৰণ আৰু অসামৰিক যোগান, সেৱা সেতু, আধাৰ। ইয়াৰ উপৰিও স্বাস্থ্য শিবিৰ (NCD স্ক্ৰীনিং) আৰু এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল।

শিবিৰত সৰ্বমুঠ প্ৰায় ৫,০০০ টা সেৱা পঞ্জীয়নভুক্ত হয়।

লগতে উক্ত অনুষ্ঠানত পোষণ আলোচনী এখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

শিবিৰটো সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা সকলো বিভাগ, বিষয়া-কৰ্মচাৰী, স্বেচ্ছাসেৱক আৰু ৰাইজলৈ ডুমডুমা সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ৷

CMO Assam
Tinsukia District Administration Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

বৃদ্ধ, ৰোগাক্ৰান্ত লোকসকলৰ বাবে সেৱা আগবঢ়োৱাটো এক সংকল্প। অন্ন সেৱা দিনৰ ভিতৰত ডুমডুমা সমজিলা এলেকাত বিভিন্নজন সুলভ মূল...
08/10/2026

বৃদ্ধ, ৰোগাক্ৰান্ত লোকসকলৰ বাবে সেৱা আগবঢ়োৱাটো এক সংকল্প। অন্ন সেৱা দিনৰ ভিতৰত ডুমডুমা সমজিলা এলেকাত বিভিন্নজন সুলভ মূল্যৰ দোকানীয়ে সেৱাৰ মনোভাৱেৰে অকলশৰীয়া হৈ থকা বৃদ্ধ, ৰোগাক্ৰান্ত লোকসকলৰ ওপৰত গৈ ই পচ মেচিনত আঙুলিৰ ছাপ সংগ্ৰহ কৰাৰ লগতে আবন্টিত সামগ্ৰী যোগান ধৰি আহিছে। এই স্বেচ্ছামূলক সেৱাই সুলভ মূল্যৰ দোকানীৰ উৎসৰ্গিত সেৱাৰ মনোভাৱ প্ৰতিফলিত কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰো চানেকি দাঙি ধৰে।
উল্লেখযোগ্য যে বহুতো বৃদ্ধ, ৰোগাক্ৰান্ত লোকে অন্ন সেৱা দিনৰ ভিতৰত সুলভ মূল্যৰ দোকানত উপস্থিত হ'ব নোৱৰাৰ বাবে সামগ্ৰী লাভ কৰাৰ পৰা বঞ্চিত হৈ ৰয়।

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

কাইলৈ ৯ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সেৱা সংকল্প অভিযান শিবিৰৰ লগত সংগতি ৰাখি, আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত ...
08/10/2026

কাইলৈ ৯ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সেৱা সংকল্প অভিযান শিবিৰৰ লগত সংগতি ৰাখি, আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ে ৰূপাই চাইডিংৰ সৌৰভ কলা পৰিষদ পৰিদৰ্শন কৰি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়।

পৰিদৰ্শনৰ সময়ত আয়ুক্ত মহোদয়ে অনুষ্ঠানৰ বাবে কৰা সকলো প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা সময়মতে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।

ডুমডুমা সমজিলাৰ আয়ুক্ত নুজহাত নাছৰীণ ডাঙৰীয়ানী, সহকাৰী আয়ুক্ত কৃতাৰ্থ নেওগ ডাঙৰীয়া, ভৰত ভাজনী ডাঙৰীয়া, সূৰ্যকান্ত কাকতি ডাঙৰীয়া, ডুমডুমা খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগৰ মূৰব্বী ও বিষয়াসকল আয়ুক্ত মহোদয়ৰ পৰিদৰ্শন সয়ছোৱাত লগ দিয়ে৷

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

Today, Smti. Nuzhat Nasreen, ACS, Co-District Commissioner, Doomdooma Co-District inspected the ongoing construction wor...
08/10/2026

Today, Smti. Nuzhat Nasreen, ACS, Co-District Commissioner, Doomdooma Co-District inspected the ongoing construction work of Mankhowa T.E. Anganwadi Centre at 15 No. Line.

During the inspection, the Co-District Commissioner reviewed the progress of work, quality of materials being used, and directed the concerned construction committee to ensure timely completion while maintaining prescribed quality standards.

Tinsukia District Administration
Directorate of Information and Public Relations, Assam DIPRO Tinsukia Janasanyog

Address

সমজিলা সদৰ-ডুমডুমা , , জিলা-তিনিচুকীয়া , , ৰুপাই চাইডিং, পিন/৭৮৬১৫৩
Doom-Dooma
786153

Alerts

Be the first to know and let us send you an email when Doomdooma Co-District Administration posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share