Aziz Jwadder

Aziz Jwadder

Share

Social Activists, Deshi Indigenous People of Assam!! Proud to be a Dhubrian & Hardcore Indian!

29/05/2026

ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা জনীয়ে UCCৰ বিৰোধিতা কৰিবলৈগৈ ধুবুৰী সমষ্টিৰ লগতে সমগ্ৰ জিলাবাসীক লজ্জিত কৰি ইছলাম ধৰ্মীয় লোকসকলকো লজ্জিত কৰা ভাষ্যই ধুবুৰী সমষ্টি আৰু সমগ্ৰ জিলাবাসীৰ চিন্তন-মনন আৰু অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা উন্মোচিত কৰিছে।

ধুবুৰী সমষ্টিৰ বিধায়িকা গৰাকীৰ ধৰ্ম বিষয়ে কোনো জ্ঞান নাই বুলি স্পষ্ট হৈ পৰিছে। বিধায়িকাৰ ভাষ্য অনুসৰি, পত্নীয়ে ৰোগত আক্ৰান্ত হ’লে দ্বিতীয় বিয়া পাতিব পাৰি। অৰ্থাৎ পত্নী বা নাৰীক বিধায়িকা জনীয়ে আওপকীয়াকৈ পত্নীক বস্তু তথা বাহনৰ লগত তুলনা কৰিছে— বস্তু বাহনখন বেয়া হ’লে সলনি কৰি লওক।

সৰুতে আইতাই সাধুকথাত শুনাইছিল, “মূৰ্খৰ ৰাজ্যত মূৰ্খ ৰজা হয়”। আজি বাস্তৱত সেই কথা স্পষ্টকৈ অনুভৱ কৰিলোঁ। আমিও যেন অন্ধৰ দেশত দাপোন বিক্ৰী কৰি আছোঁ।
বিৰোধিতা কৰাটো বেয়া নহয়, কিন্তু কমনচেঞ্চ নাথাকিলে সেয়া ননচেঞ্চহে হৈ পৰে।

27/05/2026

ধুবুৰী সমষ্টিৰ বিধায়িকা গৰাকীৰ ভাষ্যমতে পত্নী মানে এখন বাহনৰ দৰে। মানে বাহনখন ধৰি লওক বেয়া হৈছে এতিয়া সলনি কৰক।

মূৰ্খৰ ৰাজ্যত মুৰ্খ ৰজা হয় বুলি আইতায় সাধুকথা শুনাইছিল কিন্তু বাস্তৱত যে হয় আজি অনুভৱ কৰিলোঁ। আমিও অন্ধৰ দেশত দাপোন বিক্ৰী কৰি আছো।

বিৰোধীতা কৰাটো বেয়া নহয় কমনচেঞ্চ বস্তুটো নাই ননচেঞ্চ।

21/05/2026

বৰ্তমান যুগত ধৰ্মৰ মূল ভেটিৰ পৰা আঁতৰি UCCৰ বিৰোধিতা কৰাৰ কোনো যুক্তি নাই।
UCCৰ দ্বাৰা মুছলমানৰ ধৰ্মীয় অনুষ্ঠান বা বিশ্বাসৰ কোনো ক্ষতি নহয়, বৰঞ্চ সময়ৰ লগত খাপ খুৱাই আগবঢ়াৰ পথ মুকলি কৰে। প্ৰকৃত ইছলাম হৈছে নামাজ, ৰোজা, সৃষ্টিকৰ্তাৰ প্ৰতি অটল বিশ্বাস, নিচাযুক্ত দ্ৰব্যৰ পৰা নিজকে আৰু সমাজক ৰক্ষা কৰা আৰু ওচৰ-চুবুৰীয়াৰ দুখ-কষ্টত সমভাগী হোৱা। এই মূল স্তম্ভবোৰৰে ইছলামক জীয়াই ৰাখিব পাৰি।

কিন্তু একাংশ সংকীৰ্ণমনা লোকে তিনি-চাৰিটা বিয়া আৰু গো-মাংস ভোজনৰ লালসাক ধৰ্মৰ পৰিচয় কৰাই দি সমগ্ৰ মুছলমানক লজ্জিত কৰি তুলিছে। ধৰ্মৰ নামত এই অপ্ৰয়োজনীয় আৰু অলাগতীয়াল বিষয়বোৰক মূল ভেটিৰ সুৰক্ষাৰ বাবে আগত লৈ অহাৰ কোনো প্রয়োজন নাই। গো-মাংস বা UCCৰ লগত প্ৰকৃত ধৰ্মীয় মূল্যবোধৰ কোনো সংঘাত নাই।
ধৰ্মক ৰাজনৈতিক সুবিধাৰ বাবে ব্যৱহাৰ কৰি সমাজক পিছুৱাই নিদিব।

13/05/2026

ৰাজ্যৰ ৰাজনীতিত মুছলমান ধৰ্মীয় লোকে চৰকাৰ সলনি কৰিবলৈ লোকসভা নিৰ্বাচনত অহংকাৰৰ টোপোলা ৰকিবুলক ধুবুৰীত দায়িত্ব দিয়াৰ পাছত, বিধানসভা নিৰ্বাচনতো একেই ভুল কৰিলে। ফলত নিজকে শুকান কাঠ বুলি পৰিচিত কৰাই নিজৰ বিপদ নিজে টানি আনিছে।
ধৰ্মৰ একে হোৱাৰ বাবে দেশী মুছলমানেও ইয়াৰ বলি হৈছে, যিটো অতি চিন্তনীয়। এতিয়া দেশী মুছলমানৰ কাৰ্যকলাপৰ প্ৰতিক্ৰিয়াত দেশী সমাজে দেশী সংগঠনসমূহক দোষ দিলে পাগল বুলি কোৱাটো হয়তো ভুল নহ’ব।
এইবাৰ শাসকীয় পক্ষই দেশী আৰু মিঞা উভয় মুছলমানকেই প্ৰাৰ্থীত্ব দিছিল। কিন্তু ৰাজনীতি নুবুজা মুছলমানে কোনো মুছলমান প্ৰাৰ্থীকেই জয়ী নকৰাই নিজকে শাসকীয় চৰকাৰৰ বিৰোধী বুলি স্পষ্ট কৰি দিলে। ইয়াৰ বাবে প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক।

07/05/2026

কোৰবানী মানে আত্মত্যাগৰ মহান আদৰ্শ। ইয়াক কেৱল পশু হত্যাৰ মাজত সীমাবদ্ধ কৰি ৰখা উচিত নহয়।

সেই প্ৰাচীন কালত, বিশেষকৈ পশ্চিম এছিয়াত খাদ্যৰ তীব্ৰ অভাৱ আছিল। বহু মানুহে অভুক্ত অৱস্থাত দিন কটাইছিল। সেই সময়ত পশু বলি দি মাংস সমাজৰ মাজত বিলাই দিয়াটো আছিল এক প্ৰয়োজনীয় আৰু মানৱীয় কাৰ্য। বস্ত্ৰ আৰু খাদ্যৰ অভাৱ পূৰণ কৰিবলৈ সেই ৰীতি এক আশীৰ্বাদ আছিল।
কিন্তু সময় বতাহৰ দৰে সলনি হয়। আজিৰ যুগত খাদ্যৰ অভাৱ আৰু নাই। এতিয়াৰ প্ৰকৃত অভাৱ হৈছে শিক্ষা, স্বাস্থ্য আৰু আৰ্থিক সহায়ৰ। গতিকে ধৰ্মৰ নামত কেৱল মাংস বিতৰণ কৰি থকাৰ পৰিৱৰ্তে, আমি নিজৰ অঞ্চলৰ উপযুক্ত আৰু অসহায় ব্যক্তিৰ দায়িত্ব লব লাগে।

শিক্ষাৰ বাবে সহায় কৰোঁ, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰক আৰু আৰ্থিক সহায়ৰে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰক।
সঁচা কোৰবানী সেইটোৱেই— নিজৰ স্বাৰ্থ ত্যাগ কৰি সমাজৰ উন্নতিৰ বাবে এটা পদক্ষেপ।
এই পৰিৱৰ্তনেই আজিৰ সময়ৰ প্ৰকৃত আহ্বান আৰু ত্যাগ অথবা কোৰবাণী।

03/05/2026

অহাকালি অসম বিধানসভা নিৰ্বাচনৰ ফলাফল যিয়েই হওক, আমি সহজ মনেৰে গ্ৰহণ কৰিম। জনগোষ্ঠীয় চিন্তা-চৰ্চা আৰু সমাজৰ উন্নয়ন আগত ৰাখি, শাসকীয় বা বিৰোধী— প্ৰতিজন বিধায়কৰ লগত বহি আমাৰ সাধাৰণ সমস্যাৰ সমাধান বিচাৰি একেলগে কাম কৰিম।
জনসাধাৰণৰ কল্যাণৰ বাবে সকলোৰে সহযোগিতাৰে আগবাঢ়ি যোৱাৰ এই সংকল্পইহে আমাৰ প্ৰকৃত শক্তি। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য উন্নয়ন আৰু শান্তি প্ৰগতি।

30/04/2026

কংগ্ৰেছ দলটোৱে অসমৰ মুছলমানৰ যি ক্ষতি কৰিছে, সেয়া অতি চিন্তনীয়।
দলটোৱে ইচ্ছা কৰিলে ডি-ভোটাৰ সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। ডিটেনচন কেম্প নিৰ্মাণ কৰাৰ পৰিৱৰ্তে সমাজৰ উন্নয়নত মনোনিৱেশ কৰিব পাৰিলেহেঁতেন।
উচ্ছেদ হোৱা অঞ্চলত ১৫ বছৰ শাসনকালতেই কংগ্ৰেছে পাট্টা দিব পাৰিলেহেঁতেন। এতিয়া কুম্ভীৰৰ চকুৰ পানী পেলাই ৰাজনীতি কৰি থাকে।
মনত ৰাখিব, এই ক্ষতি কেৱল মিঞা মুছলমানৰেই নহয়, দেশী মুছলমানৰো বৃহৎ ক্ষতি কৰিছে। ভোটৰ স্বাৰ্থত অবৈধ অনুপ্ৰৱেশক প্ৰশ্ৰয় দি সমগ্ৰ মুছলমান সমাজকেই সন্দেহৰ আওতাত ৰাখিছে।
এই ৰাজনীতিয়ে কোনো সম্প্ৰদায়ৰেই সঁচা উপকাৰ কৰা নাই।

27/04/2026

মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়া মুছলমানৰ পক্ষত কেৱল মন্তব্য দি থাকিলে সমস্যা সমাধান হ’ব নে?

বৰ্তমান অসম সচিবালয়ৰ পৰা শিক্ষা, স্বাস্থ্য আৰু অৰ্থনীতিত দেশী মুছলমানৰ অৱস্থা একেবাৰে নগণ্য। ৰাজনীতিৰ ক্ষেত্ৰত স্থিতি পংগু বুলি ক’লে ভুল নহ’ব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিমানেই “মিঞা বিদ্বেষী” বুলি নকওক, বাস্তৱত তেখেত মিঞাৰ প্ৰতি অধিক মৰমীয়াল যেন লাগে।

সমগ্ৰ অসমীয়াক মিঞাৰ বিপক্ষে লগাই অসমীয়া মুছলমানক ধৰ্মৰ গইনালৈ হাৰাশাস্তি কৰাৰ অভিযোগ বুলি কব পাৰি।
মাত্ৰ মন্তব্যই সমস্যা সমাধান নকৰে। শিক্ষা, চাকৰি, স্বাস্থ্য আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত দেশী মুছলমানৰ বাবে কংক্ৰিট পদক্ষেপৰ প্ৰয়োজন। বিভাজনৰ ৰাজনীতিৰে অসমীয়া মুছলমানক অধিক বিচ্ছিন্ন কৰিলে সমগ্ৰ অসমীয়া জাতিৰেই ক্ষতি হ’ব।
সঁচাকৈয়ে কল্যাণ বিচাৰিলে মন্তব্যৰ পৰা আগবাঢ়ি বাস্তৱ কাৰ্যকৰী পদক্ষেপ ল’ব লাগিব।

24/04/2026

অজয় ফুকনৰ দৰে একাংশ লোকৰ চৰম জাতিদ্ৰোহী কাৰ্যকলাপ আৰু বিভাজনমুখী মানসিকতাৰ বাবেই এসময়ত অসম ভাঙি মিজোৰাম-মেঘালয়ৰ দৰে ৰাজ্যৰ সৃষ্টি হৈছিল। দুৰ্ভাগ্যৰ বিষয় যে, বৰ্তমানেও অজয় ফুকনৰ দৰে একাংশ ভণ্ড লোকে নামনি অসমৰ ভূমিপুত্ৰসকলক 'বঙালী' বুলি পৰিচয় দি অসমীয়া সমাজখনক পুনৰ বিভাজন কৰিবলৈ ষড়যন্ত্ৰ কৰিছে।

বিশেষকৈ গোৱালপাৰীয়া, দেশী ৰাজবংশী লকগীতৰ অস্তিত্ব আৰু নিজৰ মাটিৰ পৰিচয়ৰ পৰা বঞ্চিত কৰিব বিচৰা প্ৰচেষ্টা অত্যন্ত নিন্দনীয় আৰু দুখজনক। আমি আমাৰ ঐতিহ্য আৰু পৰিচয় ৰক্ষাৰ বাবে সদায় সাজু আছোঁ।

যিসকলে থলগিৰি লোকক অপমান কৰি আহিছে, তেওঁলোকে জনতাক কৰা এই পহেয়ালিৰ বাবে ক্ষমা নিবিচৰালৈকে আমাৰ ধৈৰ্য্য আৰু সংগ্ৰাম অব্যাহত থাকিব। নিজৰ পৰিচয়ক লৈ আমি কোনো দিনে আপোচ নকৰোঁ। ধিক্কাৰ!!

19/04/2026

ধৰ্মৰ আধাৰত লোকসভা আসন দাবী কৰাটো সংবিধান বিৰোধী কাৰ্যকলাপ।
ধৰ্মভিত্তিক ৰাজনীতিয়ে দেশী মুছলমানৰ বৃহৎ ক্ষতি কৰিছে। তাহানিৰে পৰা ধুবুৰী লোকসভা সমষ্টিত শিলচৰ, হোজাই আৰু বৰ্তমানেও নগাঁওৰ পৰা অহা লোকে ধৰ্মৰ আধাৰত নিৰ্বাচন খেলি দেশী মুছলমানক ৰাজনৈতিকভাৱে পংগু কৰাৰ ষড়যন্ত্ৰ চলাই আছে, সেয়া আমাক অতিশয় মৰ্মাহত কৰিছে।

যদি আকৌ ধৰ্মৰ নামত আসন সংৰক্ষণ কৰা হয়, তেন্তে দেশী মুছলমানৰ ৰাজনৈতিক অস্তিত্ব সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ সম্ভাৱনা অত্যন্ত তীব্ৰ।
এয়া কেৱল এটা দাবী নহয়, ই আমাৰ অস্তিত্বৰ প্ৰশ্ন।

Want your business to be the top-listed Government Service in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


Guwahati